ETV Bharat / bharat

কলকাতাৰ ইডেন গাৰ্ডনত ঐতিহাসিক দিবা-নৈশ টেষ্ট মেচ

author img

By

Published : Nov 21, 2019, 10:22 PM IST

22 নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ভাৰত-বাংলাদেশৰ মাজত দ্বিতীয়খন টেষ্ট মেচ ৷ ভাৰত আৰু বাংলাদেশ দুয়োটা দলৰ দৃষ্টিভংগীৰে এইখন মেচ হ’ব ঐতিহাসিক টেষ্ট মেচ ৷ কাৰণ পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ ভূমিত অনুষ্ঠিত হ’ব দিবা-নৈশ টেষ্ট মেচ ৷ য’ত ব্যৱহাৰ হ’ব পিংক বলৰ ৷

কলকাতাৰ ইডেন গাৰ্ডনত ঐতিহাসিক দিবা-নৈশ টেষ্ট মেচ

স্পৰ্টছ ডেস্ক, 21 নৱেম্বৰ: 22 নৱেম্বৰৰ পৰা 26 নৱেম্বৰলৈ ভাৰত-বাংলাদেশৰ মাজত অনুষ্ঠিত হ’ব দিবা-নৈশ টেষ্ট মেচ ৷ কলকাতাৰ ইডেন গাৰ্ডেনত দিনৰ 1 বজাৰ পৰা অনুষ্ঠিত হ’ব এই ঐতিহাসিক টেষ্ট মেচখন ৷

ভাৰত-বাংলাদেশৰ মাজত দিবা-নৈশ টেষ্ট মেচ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দিবা-নৈশ টেষ্ট মেচ অথবা পিংক বল টেষ্ট মেচ নতুন কথা নহয় যদিও পোন প্ৰথমবাৰৰ বাবে ভাৰত আৰু বাংলাদেশ দলটো অৱতীৰ্ণ হ’ব দিবা-নৈশ টেষ্ট মেচত ৷ ইতিমধ্যে মেচখনক লৈ সকলো প্ৰস্তুতি বিচিচিআইয়ে সম্পূৰ্ণ কৰাৰ লগতে মেচখনৰ টিকট বিক্ৰী হোৱা বুলি জানিব পৰা গৈছে ৷ আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত এইখন হ’ব 12 সংখ্যক দিবা-নৈশ মেচ ৷ আনহাতে ইয়াৰ পূৰ্বে ভাৰতে পিংক তথা গোলপীয়া বলৰ সলনি ৰঙা লেডাৰ বলৰ টেষ্ট মেচত অৱতীৰ্ণ হৈছে ৷ সেয়ে ভাৰতীয় ক্ৰিকেট দলটোৰ বাবেও এই মেচখন হ’ব অধিক গুৰুত্বপূৰ্ণ ৷

পিংক বলৰ সৈতে ভাৰতীয় পেছ বলাৰ
পিংক বলৰ সৈতে ভাৰতীয় পেছ বলাৰ

আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত প্ৰথমবাৰৰ বাবে দিবা-নৈশ টেষ্ট মেচ হৈছিল 2015 চনৰ 27 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰলৈ ৷ নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত হোৱা মেচখনত অষ্ট্ৰেলিয়াই 4 উইকেটত জয় লাভ কৰিবলৈ সক্ষম হৈছিল ৷

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত তিনিটাকৈ কোম্পানীয়ে বল নিৰ্মাণ কৰি আহিছে ৷ তাৰ ভিতৰত আছে- এছ জি, ডিয়ুক আৰু কুকাবুৰা ৷ এতিয়া ভাৰতত হ’বলগীয়া প্ৰথমখন দিবা নৈশ টেষ্টৰ বাবে SG কোম্পানীক পিংক বল নিৰ্মাণৰ দায়িত্ব দিয়া হৈছে ৷

SG কোম্পানীৰ পিংক বল
SG কোম্পানীৰ পিংক বল

এতিয়া লক্ষ্যণীয় হ’ব এই ঐতিহাসিক মেচখনত কোনে বিজয়ৰ শেষ মাৰিবলৈ সক্ষম হ’ব ৷ মেচখনত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকে ধৰি বহু নামি-দামী খেলুৱৈ উপস্থিত থাকিব ৷

লগতে চাওক-সোণোৱালৰ আহ্বান মৰ্মে NRLৰ ব্যক্তিগতকৰণ কৰা নহয়: ধৰ্মেন্দ্ৰ প্ৰধান

Intro:Body:

Day Night test Practise

Conclusion:

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.