ETV Bharat / bharat

ভাৰত আমেৰিকাৰ মাজত 3 বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা চুক্তি সম্পন্ন - Foreign Military Sales

ভাৰত আৰু আমেৰিকাই দুয়োখন দেশৰ মাজৰ সামৰিক সহযোগিতা বৃদ্ধিৰে নতুন দিল্লীয়ে আমেৰিকাৰ পৰা উন্নত মানৰ সামৰিক যন্ত্ৰ-পাতি ক্ৰয় কৰিবলৈ চুক্তিবদ্ধ হৈছে ৷ 3 বিলিয়ন আমেৰিকান ডলাৰৰ বিনিময়ত স্বাক্ষৰিত চুক্তিত অন্তৰ্ভূক্ত থাকিব আমেৰিকাৰ আপাচি আৰু এমএইচ 60 ৰোমিঅ' হেলিকপ্টাৰ ৷ তেওঁ লগতে উল্লেখ কৰে যে, এই চুক্তিয়ে দুয়োখন দেশৰ সামৰিক সক্ষমতা বৃদ্ধি কৰিব ৷

India, US expanded defence cooperation with USD 3 bn military equipment deals: Trump
ভাৰত, আমেৰিকাই 3 বিলিয়ন মাৰ্কিন ডলাৰৰ সামৰিক চুক্তিৰে প্ৰতিৰক্ষা সহযোগিতাৰ প্ৰসাৰ কৰেঃ ট্ৰাম্প
author img

By

Published : Feb 25, 2020, 11:05 PM IST

Updated : Feb 27, 2020, 8:03 AM IST

নেশ্যনেল ডেস্ক, 25 ফেব্ৰুৱাৰী: আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে মঙলবাৰে ঘোষণা কৰে যে, ভাৰত আৰু আমেৰিকাই দুয়োখন দেশৰ মাজৰ সামৰিক সহযোগিতা বৃদ্ধিৰে নতুন দিল্লীয়ে আমেৰিকাৰ পৰা উন্নত মানৰ সামৰিক যন্ত্ৰ-পাতি ক্ৰয় কৰিবলৈ চুক্তিবদ্ধ হৈছে ৷ 3 বিলিয়ন আমেৰিকান ডলাৰৰ বিনিময়ত স্বাক্ষৰিত চুক্তিত অন্তৰ্ভূক্ত থাকিব আমেৰিকাৰ আপাচি আৰু এমএইচ 60 ৰোমিঅ' হেলিকপ্টাৰ ৷ তেওঁ লগতে উল্লেখ কৰে যে, এই চুক্তিয়ে দুয়োখন দেশৰ সামৰিক সক্ষমতা বৃদ্ধি কৰিব ৷

ট্ৰাম্পে কয় যে, "আজি দিনৰ ভাগত আমি আমাৰ মাজৰ সামৰিক সহযোগিতা বৃদ্ধিৰ বাবে ভাৰতৰ সৈতে 3 বিলিয়ন আমেৰিকান ডলাৰৰ বিনিময়ত চুক্তিত উপনীত হও ৷ ইয়াৰ ভিতৰত উন্নত মানৰ সামৰিক প্ৰযুক্তি, আপাচি আৰু ৰোমিঅ' হেলিকপ্টাৰ থাকিব ৷ ইয়ে আমাৰ যুটীয়া সামৰিক সহযোগিতা বৃদ্ধি কৰিব ৷"

ইতিমধ্যে ভাৰতৰ Cabinet Committee on Securityএ এই চুক্তিৰ বাবে অনুজ্ঞা প্ৰদান কৰিছে ৷ আমেৰিকাই বিগত বৰ্ষৰ এপ্ৰিল মাহত Foreign Military Sales কাৰ্যসূচীৰ অধীনত এইসমূহ হেলিকপ্টাৰ বিক্ৰীৰ বাবে অনুমোদন জনাইছিল ৷ আমেৰিকাৰ Lockheed Martinৰ দ্বাৰা নিৰ্মিত এই হেলিকপ্টাৰে ভাৰতৰ অতি পুৰনি তথা ব্ৰিটিছৰ দ্বাৰা নিৰ্মিত Sea King হেলিকপ্টাৰক স্থলাভিষিক্ত কৰিব ৷

আৰু পঢ়কঃট্ৰাম্প আৰু মোডীৰ যুটীয়া বিবৃতি : সামৰিক খণ্ডৰ পৰা অৰ্থনীতিলৈ অধিক গুৰুত্ব ভাৰত-আমেৰিকাৰ

Last Updated : Feb 27, 2020, 8:03 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.