ETV Bharat / bharat

COVID-১৯: ভাৰতত ৮৫ লাখ স্পৰ্শ কৰিলে আক্ৰান্তৰ সংখ্যাই - অতিমাৰীৰ

১০ নৱেম্বৰলৈকে ভাৰতত কৰ'ণা মহামাৰীত আক্ৰান্ত হৈছে ৮৫,৯১,৭৩০ গৰাকী লোক। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ মতে সোমবাৰে ১০,৪৩,৬৬৫ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে।

COVID-১৯: ভাৰতত ৮৫ লাখ স্পৰ্শ কৰিলে আক্ৰান্তৰ সংখ্যাই

author img

By

Published : Nov 10, 2020, 3:50 PM IST

নেশ্যনেল ডেস্ক, ১০ নৱেম্বৰ: অতিমাৰীৰ ভয়াৱহ সংক্ৰমণ অব্যাহত আছে দেশৰ ভিন্ন প্ৰান্তত। মাত্ৰ এটা দিনত ভাৰতত ৩৮,০৭৩ জন লোক মহামাৰীৰ কবলত পৰিছে। নতুনকৈ আক্ৰান্ত হোৱা এইসকল ৰোগীসহ এতিয়ালৈকে ভাৰতত ৮৫,৯১,৭৩০ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈছে। সমান্তৰলাকৈ চিকিৎসকৰ প্ৰচেষ্টাত সুস্থ হৈ উঠিছে ৭৯,৫৯,৪০৬ গৰাকী লোক । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰিছে যে, এই পৰিসংখ্যাৰে ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯২.৬৪ শতাংশ হৈছেগৈ।

COVID-১৯: ভাৰতত ৮৫ লাখ স্পৰ্শ কৰিলে আক্ৰান্তৰ সংখ্যাই
COVID-১৯: ভাৰতত ৮৫ লাখ স্পৰ্শ কৰিলে আক্ৰান্তৰ সংখ্যাই

আনহাতে, মঙলবাৰে পুৱা ৮ বজাত প্ৰকাশ কৰা শেহতীয়া তথ্য মতে, মহামাৰীৰ কবলত পৰি নতুনকৈ প্ৰাণ হেৰুওৱা ৪৪৮ জন ৰোগীৰে সৈতে বৰ্তমানলৈকে মুঠ ১,২৭,০৫৯ জনেৰ মৃত্যু হৈছে। দেশত বৰ্তমান মৃত্যুৰ হাৰ ১.৪৮ শতাংশ। ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ তথ্য অনুসৰি, সোমবাৰে ১০,৪৩,৬৬৫ জন লোকৰ নমুনা পৰীক্ষা কৰা হয়। যোৱা ৯ নৱেম্বৰলৈকে ৯,৯৬,১৭,৮৫৭ জন লোকৰ নমুনা পৰীক্ষা কৰা হৈছে ।

লগতে পঢ়ক:কোভিড প্ৰতিষেধক : বছৰৰ শেষলৈ আহিব পাৰে ভাল খবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.