ETV Bharat / bharat

ক'ভিড-19ৰ আৰোগ্যৰ ক্ষেত্ৰত শীৰ্ষত ভাৰত

ক'ৰণা ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰত শীৰ্ষত ৷ ব্ৰাজিলক পিছত থৈ সোমবাৰে ভাৰতে আৰোগ্য লাভৰ তালিকাখনৰ শীৰ্ষত নাম অন্তৰ্ভুক্ত কৰে ৷ ভাৰতত আৰোগ্য লাভৰ হাৰে 78 শতাংশ স্পৰ্শ কৰিছে ৷ ভাৰতত এতিয়ালৈকে মুঠ 48,46,427 গৰাকী লোক ক'ৰণাত আক্ৰান্ত হোৱাৰ পৰিৱৰ্তে বৰ্তমান 9,86,598 গৰাকী সক্ৰিয় ৰুগী আছে ৷

author img

By

Published : Sep 14, 2020, 8:09 PM IST

ব্ৰাজিলক পিছত থৈ ক'ৰণা ভাইৰাছৰ পৰা আৰোগ্য ক্ষেত্ৰত শীৰ্ষত ভাৰত

নেশ্যনেল ডেস্ক, 14 চেপ্তেম্বৰ: বিশ্বজুৰি ক'ৰণা মহামাৰীৰ সংহাৰ অব্যাহত থকাৰ সময়তে ভাৰতৰ বাবে এক সুখবৰ ৷ জন হপকিন্স বিশ্ববিদ্যালয়ে নিজা অধ্যয়নৰ ভিত্তিত দাবী কৰিছে যে এতিয়ালৈকে ক'ৰণা ভাইৰাছৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যাৰ ক্ষেত্ৰত ভাৰত শীৰ্ষত আছে ৷ উল্লেখ্য যে জন হপকিন্স বিশ্ববিদ্যালয়ে বিশ্বৰ সকলো প্ৰান্তৰ ক'ভিড-19 সম্পৰ্কীয় তথ্যসমূহ সংকলিত কৰি আহিছে ৷ শেহতীয়াকৈ বিশ্ববিদ্যালয়খনে আৰোগ্যৰ ক্ষেত্ৰত ভাৰতক শীৰ্ষত ৰখাৰ পৰিৱৰ্তে ব্ৰাজিল আৰু মাৰ্কিন যুক্তৰাষ্ট্ৰক ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত ৰাখিছে ৷

বিশ্ববিদ্যালয়খনৰ মতে 37,80,107 গৰাকী লোকে ভাৰতত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ আৰোগ্য লাভ কৰিছে ইয়াৰ লগে লগে ব্ৰাজিলক পিছত থৈ সোমবাৰে ভাৰতে আৰোগ্য লাভৰ তালিকাখনৰ শীৰ্ষত নাম অন্তৰ্ভুক্ত কৰে ৷ তথ্য অনুসৰি সমগ্ৰ বিশ্বত 29,006,033 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ পৰিৱৰ্তে মুঠ 19,625,959 গৰাকী লোকে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ এতিয়ালৈকে মুঠ 9,24,105 গৰাকী লোকে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুক সাবটি লৈছে ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে ভাৰতত আৰোগ্য লাভৰ হাৰে 78 শতাংশ স্পৰ্শ কৰিছে, যিয়ে প্ৰতিদিনে ক্ৰমবৰ্ধমান হাৰত আৰোগ্যৰ হাৰ প্ৰতিফলিত কৰিছে ৷ "বিগত 24 ঘন্টাত 77,512 গৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে আৰু মুঠ 37,80,107 জনে আৰোগ্য লাভ কৰিছে ৷ সক্ৰিয় ৰোগী আৰু আৰোগ্য লাভ কৰা ৰোগীৰ মাজত ধাৰাবাহিকভাবে ব্যৱধান বাঢ়ি গৈ আছে ৷" স্বাস্থ্য মন্ত্ৰালয়ে এক বিজ্ঞপ্তিত এইবুলি উল্লেখ কৰে ৷ স্বাস্থ্য মন্ত্ৰালয়ে এইবুলিও উল্লেখ কৰে যে মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু তামিলনাডুত 60 শতাংশ লোকে আৰোগ্য লাভ কৰিছে ৷ ভাৰতত এতিয়ালৈকে মুঠ 48,46,427 গৰাকী লোক ক'ৰণাত আক্ৰান্ত হোৱাৰ পৰিৱৰ্তে বৰ্তমান 9,86,598 গৰাকী সক্ৰিয় ৰুগী আছে ৷

লগতে পঢ়ক: ৰাজ্যত আত্মপ্ৰকাশ নৱতম ৰাজনৈতিক দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.