ETV Bharat / bharat

ভাৰতে পৰীক্ষণ কৰিব 3,500 কিঃমিঃ দূৰত্বলৈ নিক্ষেপ কৰিব পৰা ক্ষেপনাস্ত্ৰ - K-4 ক্ষেপনাস্ত্ৰ

অন্ধ্ৰপ্ৰদেশৰ উপকুলৰ পৰা পৰীক্ষণ কৰা হ’ব ক্ষেপনাস্ত্ৰবিধ ৷ পানীৰ তলৰ পৰা উৎক্ষেপন কৰিবলগা ক্ষেপনাস্ত্ৰবিধ 3,500 কিঃমিঃ দূৰত্বলৈ নিক্ষেপ কৰিব পৰা যাব ৷

ভাৰতে পৰীক্ষণ কৰিব K-4 ক্ষেপণাস্ত্ৰ
author img

By

Published : Nov 6, 2019, 8:28 PM IST

নেশ্যনেল ডেস্ক, 6 নবেম্বৰ: ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰখন আৰু অধিক শক্তিশালী কৰি তুলিবলৈ ভাৰতে শুক্ৰৰবাৰে পৰীক্ষণ কৰিব K-4 ক্ষেপনাস্ত্ৰ ৷ অন্ধ্ৰপ্ৰদেশৰ উপকুলৰ পৰা পৰীক্ষণ কৰা হ’ব ক্ষেপনাস্ত্ৰবিধ ৷ এই ক্ষেপনাস্ত্ৰবিধ চাবমেৰিণৰ পৰা উৎক্ষেপন কৰিব পৰা যাব ৷ পানীৰ তলৰ পৰা উৎক্ষেপন কৰিবলগা ক্ষেপনাস্ত্ৰবিধ 3,500 কিঃমিঃ দূৰত্বলৈ নিক্ষেপ কৰিব পৰা যাব ৷

এই পৰীক্ষণ চলাব প্ৰতিৰক্ষা গৱেষণা আৰু পৰীক্ষণ সংস্থায়ে ৷ অৰিহন্ট শাখাৰ পাৰমাণৱিক চাবমেৰিণৰ বাবে তৈয়াৰ কৰা হৈছে এই ক্ষেপনাস্ত্ৰ ৷ K-4 ক্ষেপনাস্ত্ৰ ভাৰতত নিৰ্মিত পানীৰ তলৰ পৰা উৎক্ষেপন কৰিব পৰা দ্বিতীয়বিধ অস্ত্ৰ, ইয়াৰে আনটো হৈছে BO-5 ৷ উল্লেখযোগ্য যে, BO-5 ক্ষেপনাস্ত্ৰ 700 কিঃমিঃ দূৰত্বলৈ নিক্ষেপ কৰিব পৰা যায় ৷ K-4 ক্ষেপনাস্ত্ৰৰ অক্টোবৰ মাহতে উৎক্ষেপন কৰাৰ কথা আছিল যদিও কোনো অজ্ঞাত কাৰণত সম্ভৱ হৈ নুঠিল ৷ ইয়োপৰি, ভাৰতে অহা মাহত ব্ৰাহ্মচ আৰু অগ্নি ক্ষেপণাস্ত্ৰ পৰীক্ষণ কৰিব ৷

নেশ্যনেল ডেস্ক, 6 নবেম্বৰ: ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰখন আৰু অধিক শক্তিশালী কৰি তুলিবলৈ ভাৰতে শুক্ৰৰবাৰে পৰীক্ষণ কৰিব K-4 ক্ষেপনাস্ত্ৰ ৷ অন্ধ্ৰপ্ৰদেশৰ উপকুলৰ পৰা পৰীক্ষণ কৰা হ’ব ক্ষেপনাস্ত্ৰবিধ ৷ এই ক্ষেপনাস্ত্ৰবিধ চাবমেৰিণৰ পৰা উৎক্ষেপন কৰিব পৰা যাব ৷ পানীৰ তলৰ পৰা উৎক্ষেপন কৰিবলগা ক্ষেপনাস্ত্ৰবিধ 3,500 কিঃমিঃ দূৰত্বলৈ নিক্ষেপ কৰিব পৰা যাব ৷

এই পৰীক্ষণ চলাব প্ৰতিৰক্ষা গৱেষণা আৰু পৰীক্ষণ সংস্থায়ে ৷ অৰিহন্ট শাখাৰ পাৰমাণৱিক চাবমেৰিণৰ বাবে তৈয়াৰ কৰা হৈছে এই ক্ষেপনাস্ত্ৰ ৷ K-4 ক্ষেপনাস্ত্ৰ ভাৰতত নিৰ্মিত পানীৰ তলৰ পৰা উৎক্ষেপন কৰিব পৰা দ্বিতীয়বিধ অস্ত্ৰ, ইয়াৰে আনটো হৈছে BO-5 ৷ উল্লেখযোগ্য যে, BO-5 ক্ষেপনাস্ত্ৰ 700 কিঃমিঃ দূৰত্বলৈ নিক্ষেপ কৰিব পৰা যায় ৷ K-4 ক্ষেপনাস্ত্ৰৰ অক্টোবৰ মাহতে উৎক্ষেপন কৰাৰ কথা আছিল যদিও কোনো অজ্ঞাত কাৰণত সম্ভৱ হৈ নুঠিল ৷ ইয়োপৰি, ভাৰতে অহা মাহত ব্ৰাহ্মচ আৰু অগ্নি ক্ষেপণাস্ত্ৰ পৰীক্ষণ কৰিব ৷

Intro:বৰপেটাৰোড ৬ নৱেম্বৰঃ ৰাজ্যৰ স্বাস্থ্য, বিত্ত আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটাৰ সৰভোগত উপস্থিত হৈ উপ কোষাগাৰ এটা মুকলি কৰাৰ লগতে ৫০ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ৰ কামৰ শুভাৰম্ভ কৰে ৷ সৰভোগৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাসৰ উপস্থিতিত কোষাগাৰ মুকলি আৰু চিকিৎসালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ পিচতে সৰভোগৰ উত্তৰ গণকগাড়ী কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত সভা এখনত অংশগ্ৰহন কৰে ৷ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে আজি ১২ কোটি টকা ব্যয়েৰে সৰভোগত থকা পূৰ্বৰ ৩০ খন বিচনাযুক্ত সৰভোগ মহকুমা অসামৰিক চিকিৎসালয়খন ৫০ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণৰ কামৰ শুভাৰম্ভৰ পিচতে সভাখনত অংশগ্ৰহন কৰে ৷ সভাখনত অংশগ্ৰহন কৰি বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই সৰভোগৰ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সৰভোগত এখন ৰেলৱে অভাৰব্ৰীজ স্থাপনৰ কথা ঘোষনা কৰে ৷ আনহাতে বৰপেটাৰোডত গড়কাপ্তানী বিভাগৰ সংমণ্ডল কাৰ্যালয় এটা স্থাপনৰ কথাও ঘোষনা কৰে ৷ গড়কাপ্তানি বিভাগৰ সিদ্ধান্ত অনুসৰি জনীয়া আৰু সৰভোগ সমষ্টিকলৈ বৰপেটাৰোডত গড়কাপ্তানী বিভাগৰ সংমণ্ডল কাৰ্যালয়টো স্থাপন হব ৷ আনহাতে পাটাছাৰকুছি, ভৱানীপুৰ আৰু সৰুক্ষেত্ৰী সমষ্টিক সামৰি পাঠশালাত স্থাপন হব গড়কাপ্তানী বিভাগৰ আনটো সংমণ্ডল ৷ ইপিনে বৰপেটাত থকা সংমণ্ডল কাৰ্যালয়টো আন স্থানলৈ স্থানান্তৰ নহয় বুলিও ঘোষনা কৰে গড়কাপ্তানী মন্ত্ৰীগৰাকীয়ে ৷ তাৰোপৰি বৰপেটাত নতুনকৈ অধীক্ষক অভিযন্তাৰ কাৰ্যালয় স্থাপনৰ কথা সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰী গৰাকীয়ে বৰপেটাত গড়কাপ্তানি গৃহ বিভাগৰ সংমণ্ডল কাৰ্যালয় স্থাপনৰ কথাও ঘোষনা কৰে ৷ ইপিনে ছোৱালীৰ বিৱাহৰ বাবে অৰুন্ধতী আচনিৰ জৰিয়তে এক তোলা সোণ প্ৰদান আচনি সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ সোণৰ দাম হ্ৰাস বৃদ্ধিৰ বিষয়টোক লৈ নিবিদা আহ্বানৰ ক্ষেত্ৰত চৰকাৰখনে কিছু কাৰিকৰী সমস্যাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি সোণৰ মূল্যৰ দৈনিক হ্ৰাস-বৃদ্ধিৰ বিষয়টেৰ বাবেই কোনো প্ৰতিষ্ঠানে নিবিদা দাখিল কৰিব বিচৰা নাই বুলিও সদৰি কৰে ৷ তথাপি অহা জানুৱাৰী, ফেব্ৰুৱাৰী মাহৰ ভিতৰত যিকোনো ৰূপতেই নহওক বিৱাহৰ সময়ত ছোৱালীক এক তোলা সোণ প্ৰদান আচনিখন কাৰ্যকৰী কৰিব পৰা যাব বুলি আশাপ্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইপিনে ইন্দিৰা মিৰি সাৰ্বজনীন বৃদ্ধ পেন্সন আচনি কেবিনেটত অনুমোদন হোৱাৰ কথা সদৰি কৰি যিকোনো মুহুৰ্ততে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এই আঁচনিৰ কাম আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে ৷ একেদৰে বিধবা মহিলাক ২৫ হাজাৰ টকাৰ সাহাৰ্য প্ৰদান আচনিখনৰ বিষয়েও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

বাইটঃ ড0 হিমন্ত বিশ্ব শৰ্মা ৷
Body:বৰপেটাৰোড ৬ নৱেম্বৰঃ ৰাজ্যৰ স্বাস্থ্য, বিত্ত আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই আজি বৰপেটাৰ সৰভোগত উপস্থিত হৈ উপ কোষাগাৰ এটা মুকলি কৰাৰ লগতে ৫০ খন বিচনাযুক্ত অসামৰিক চিকিৎসালয়ৰ কামৰ শুভাৰম্ভ কৰে ৷ সৰভোগৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাসৰ উপস্থিতিত কোষাগাৰ মুকলি আৰু চিকিৎসালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানৰ পিচতে সৰভোগৰ উত্তৰ গণকগাড়ী কালী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত সভা এখনত অংশগ্ৰহন কৰে ৷ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে আজি ১২ কোটি টকা ব্যয়েৰে সৰভোগত থকা পূৰ্বৰ ৩০ খন বিচনাযুক্ত সৰভোগ মহকুমা অসামৰিক চিকিৎসালয়খন ৫০ খন বিচনাযুক্ত চিকিৎসালয়লৈ উন্নীতকৰণৰ কামৰ শুভাৰম্ভৰ পিচতে সভাখনত অংশগ্ৰহন কৰে ৷ সভাখনত অংশগ্ৰহন কৰি বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাই সৰভোগৰ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সৰভোগত এখন ৰেলৱে অভাৰব্ৰীজ স্থাপনৰ কথা ঘোষনা কৰে ৷ আনহাতে বৰপেটাৰোডত গড়কাপ্তানী বিভাগৰ সংমণ্ডল কাৰ্যালয় এটা স্থাপনৰ কথাও ঘোষনা কৰে ৷ গড়কাপ্তানি বিভাগৰ সিদ্ধান্ত অনুসৰি জনীয়া আৰু সৰভোগ সমষ্টিকলৈ বৰপেটাৰোডত গড়কাপ্তানী বিভাগৰ সংমণ্ডল কাৰ্যালয়টো স্থাপন হব ৷ আনহাতে পাটাছাৰকুছি, ভৱানীপুৰ আৰু সৰুক্ষেত্ৰী সমষ্টিক সামৰি পাঠশালাত স্থাপন হব গড়কাপ্তানী বিভাগৰ আনটো সংমণ্ডল ৷ ইপিনে বৰপেটাত থকা সংমণ্ডল কাৰ্যালয়টো আন স্থানলৈ স্থানান্তৰ নহয় বুলিও ঘোষনা কৰে গড়কাপ্তানী মন্ত্ৰীগৰাকীয়ে ৷ তাৰোপৰি বৰপেটাত নতুনকৈ অধীক্ষক অভিযন্তাৰ কাৰ্যালয় স্থাপনৰ কথা সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰী গৰাকীয়ে বৰপেটাত গড়কাপ্তানি গৃহ বিভাগৰ সংমণ্ডল কাৰ্যালয় স্থাপনৰ কথাও ঘোষনা কৰে ৷ ইপিনে ছোৱালীৰ বিৱাহৰ বাবে অৰুন্ধতী আচনিৰ জৰিয়তে এক তোলা সোণ প্ৰদান আচনি সন্দৰ্ভতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ সোণৰ দাম হ্ৰাস বৃদ্ধিৰ বিষয়টোক লৈ নিবিদা আহ্বানৰ ক্ষেত্ৰত চৰকাৰখনে কিছু কাৰিকৰী সমস্যাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি সোণৰ মূল্যৰ দৈনিক হ্ৰাস-বৃদ্ধিৰ বিষয়টেৰ বাবেই কোনো প্ৰতিষ্ঠানে নিবিদা দাখিল কৰিব বিচৰা নাই বুলিও সদৰি কৰে ৷ তথাপি অহা জানুৱাৰী, ফেব্ৰুৱাৰী মাহৰ ভিতৰত যিকোনো ৰূপতেই নহওক বিৱাহৰ সময়ত ছোৱালীক এক তোলা সোণ প্ৰদান আচনিখন কাৰ্যকৰী কৰিব পৰা যাব বুলি আশাপ্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷ ইপিনে ইন্দিৰা মিৰি সাৰ্বজনীন বৃদ্ধ পেন্সন আচনি কেবিনেটত অনুমোদন হোৱাৰ কথা সদৰি কৰি যিকোনো মুহুৰ্ততে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে এই আঁচনিৰ কাম আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে ৷ একেদৰে বিধবা মহিলাক ২৫ হাজাৰ টকাৰ সাহাৰ্য প্ৰদান আচনিখনৰ বিষয়েও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

বাইটঃ ড0 হিমন্ত বিশ্ব শৰ্মা ৷
Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.