ETV Bharat / bharat

2023 চনত ভাৰতত অনুষ্ঠিত হ'ব জি-20 সন্মিলন - ৰিয়াদ ছুমিটত অংশগ্ৰহণ কৰিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

সদস্য ৰাষ্ট্ৰ সমুহৰ সদস্য সকলৰ দুদিনীয়া বৈঠকৰ অন্তত দেওবাৰে এই কথা ঘোষণা কৰিছে আয়োজক সদস্য সকলে ৷ ভাৰতে 2023 চনত গ্ৰুপ অফ-20 সন্মিলনৰ আয়োজন কৰিব বুলি জনাইছে সদস্য সকলে ৷

India to host G20 summit in 2023
2023 চনত ভাৰতত অনুষ্ঠিত হ'ব জি-20 সন্মিলন
author img

By

Published : Nov 23, 2020, 9:02 AM IST

নিউজ ডেস্ক ৰিপৰ্ট, 23 নৱেম্বৰ: ইটালী আৰু ইণ্ডোনেছিয়াৰ পিছত এইবাৰ ভাৰতে অনুষ্ঠিত কৰিব জি-20 সন্মিলন ৷ 2023 চনত ভাৰতত অনুষ্ঠিত হ'ব জি-20 সন্মিলন ৷ সদস্য ৰাষ্ট্ৰ সমুহৰ সদস্য সকলৰ দুদিনীয়া বৈঠকৰ অন্তত দেওবাৰে এই কথা ঘোষণা কৰিছে আয়োজক সদস্য সকলে ৷ ভাৰতে 2023 চনত গ্ৰুপ অফ-20 সন্মিলনৰ আয়োজন কৰিব বুলি জনাইছে সদস্য সকলে ৷ ইফালে এক সফল ৰিয়াধ ছুমিট আৰু জি-20 প্ৰক্ৰিয়ালৈ আগবঢ়োৱা অৱদানৰ বাবে চৌদি আৰৱক ধন্যবাদ জনাইছে বিশ্বৰ শীৰ্ষ 20 টা অৰ্থনীতিৰ দুদিনীয়া সন্মিলনত অংশগ্ৰহণ কৰা G-20 ৰিয়াদ ছুমিটৰ নেতাসকলে ৷ উল্লেখ্য যে,উক্ত ৰিয়াধ ছুমিটত অংশগ্ৰহণ কৰিছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে আন দুজন ভাৰতীয় নেতাই ৷ সূত্ৰই প্ৰকাশ কৰা অনুসৰি,ইটালীআৰু ইণ্ডোনেছিয়াৰ পিছতে ভাৰতে 2023 চনত জি-20 সন্মিলনৰ এজেণ্ডা আগবঢ়াবলৈ আগ্ৰহী ৷ 2022 ৰ পৰিৱৰ্তে ভাৰতে 2023 চনত জি-20 চুমিট আয়োজন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আলোচনা আৰু পাৰস্পৰিক সুবিধাৰ আধাৰত সদস্য ৰাষ্ট্ৰবোৰৰ মাজত ৰাষ্ট্ৰপত্ৰ আদান প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে ৷

এই বছৰৰ G-20 সন্মিলনৰ বৈঠকৰ বিশেষ গুৰুত্বপূৰ্ণ বিষয় আছিল COVID-19 মহামাৰী ৷ ঘোষণাপত্ৰত, জি-20-ৰ নেতাসকলে এই সংকটৰ দ্বাৰা সৃষ্টি হোৱা দুৰ্বলতা সমুহ সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ নেতাসকলে উল্লেখ কৰিছিল যে, তেওঁলোকে COVID-19 আৰু ইয়াৰ সম্পৰ্কিত স্বাস্থ্য,সামাজিক আৰু অৰ্থনৈতিক প্ৰভাৱৰ মোকাবিলা কৰাৰ বাবে তাৎক্ষণিক আৰু ব্যতিক্ৰমী ব্যৱস্থা গ্ৰহণ কৰিব ৷

লগতে পঢ়কঃ উপ-পৰিদৰ্শকৰ পৰীক্ষা সুকলমে অনুষ্ঠিত হোৱাৰ বাবে সংশ্লিষ্ট পক্ষক ধন্যবাদ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.