ETV Bharat / bharat

স্পৰ্শকাতৰ অঞ্চল সমূহত বিশেষ দলৰ দ্বাৰা COVID-19 সম্পৰ্কে নজৰ ৰাখিবলৈ নিৰ্দেশ কেন্দ্ৰৰ - স্পৰ্শকাতৰ অঞ্চল

কেন্দ্ৰীয় স্বাস্থ্য বিভাগে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহক এক নিৰ্দেশনাৰ জৰিয়তে স্পৰ্শকাতৰ অঞ্চল সমূহত বাস কৰা সকলোৰে ঘৰে ঘৰে গৈ COVID-19 সম্পৰ্কে নজৰ ৰাখিবলৈ নিৰ্দেশ দিছে ।

স্পৰ্শকাতৰ অঞ্চল সমূহত বিশেষ দলৰ দ্বাৰা COVID-19 সম্পৰ্কে নজৰ ৰাখিবলৈ কেন্দ্ৰৰ নিৰ্দেশ

author img

By

Published : May 2, 2020, 4:30 PM IST

নিউজ ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে লক ডাউনৰ সময়সীমা পুণৰ 14 দিনলৈ বৃদ্ধি কৰিছে । কিন্তু এই সময়চোৱাত প্ৰদান কৰা হৈছে যথেষ্ট শিথিলতা । এই সময়চোৱাত স্পৰ্শকাতৰ অঞ্চল সমূহৰ ঘৰে ঘৰে গৈ বিশেষ দৰল দ্বাৰা COVID-19 কেচ সম্পৰ্কে নজৰ ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহক এক নিৰ্দেশনা প্ৰেৰণ কৰিছে ।

উল্লেখ্য যে, ভাৰতত বিগত 24 ঘণ্টাত 1993 টা পজিটিভ কেচ পোৱা গৈছে । ইয়াৰ লগতে এই 24 ঘণ্টাত মৃত্যু হৈছে 77 জন লোকৰ । আনহাতে 8888 জন লোক আৰোগ্য হৈছে, ইয়াৰ শতকৰা হাৰ হৈছে 25.37 শতাংশ ।

আনহাতে ৰাজ্য সমূহৰ সীমান্ত চোৱা চিতা কৰাৰ বাবে সীমান্ত সুৰক্ষা বল (BSF) ক নিয়োগ কৰা হৈছে বুলি জনাই গৃহ দপ্তৰৰ যুটীয়া সচিব পুণিয়া শ্ৰীৱাস্তৱে । অনাৱশ্যকীয় লোকৰ চলাচল যাতে হ্ৰাস কৰিব পাৰি তাৰ বাবেই এই ব্যৱস্থা লোৱা হৈছে বুলি তেওঁ জনাই ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 25 মাৰ্চৰ পৰা কৰ'ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশতে লক ডাউনৰ ঘোষণা কৰিছিল । লক ডাউন প্ৰথমে 14 এপ্ৰিললৈ আছিল । কিন্তু সংক্ৰমণ বৃদ্ধি পোৱাত পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি 21 দিনীয়া লক ডাউনক 19 দিন বঢ়াই 3 মে'লৈ বৃদ্ধি কৰা হৈছিল । এতিয়া আকৌ এবাৰ বৃদ্ধি কৰা হ'ল লক ডাউন । 14 দিনৰ বাবে লক ডাউন বৃদ্ধি কৰা হৈছে যদিও বহু ক্ষেত্ৰত শিথিলতা প্ৰদান কৰিছে এই লক ডাউনত ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.