নেশ্যনেল ডেস্ক, 3 ডিচেম্বৰ: এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি, চৰকাৰে ৱিকিপেডিয়াক তেওঁলোকৰ ৱেবচাইটৰ পৰা এটা লিংক আঁতৰাবলৈ নিৰ্দেশ প্ৰদান কৰিছে । য'ত জম্মু-কাশ্মীৰৰ ভুল নক্সা প্ৰদৰ্শন কৰা হৈছে ।
ইলেকট্ৰ'নিকছ এণ্ড আই.টি. মন্ত্ৰণালয়ৰ তথ্য আৰু প্ৰযুক্তি অধিনিয়ম 69A, 2000 ধাৰাৰ অধীনত এই নিৰ্দেশ প্ৰদান কৰা হৈছে । এই সন্দৰ্ভত টুইটাৰ ব্যৱহাৰকৰ্তা সকলেও টুইটৰ মাধ্যমেৰে চৰকাৰক কঠোৰ তদন্ত কৰিবলৈ আহ্বান জনায় ।
টুইটাৰ ব্য়ৱহাৰকৰ্তা ছত্ৰলাল সিঙে ভাৰত-ভtটান সম্বন্ধে ৱিকিপেডিয়াৰ পৃষ্ঠা অৱলোকন কৰিছিল, য'ত মানচিত্ৰখনত ভুলধৰণে জম্মু-কাশ্মীৰৰ সীমাক প্ৰদৰ্শন কৰা হৈছিল ।
ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ইলেকট্ৰ'নিকছ এণ্ড আই.টি. মন্ত্ৰণালয়ে 27 নবেম্বৰত ৱিকিপেডিয়াৰ পৰা সেই পৃষ্ঠাটো আঁতৰাবলৈ নিৰ্দেশ প্ৰদান কৰে । কিয়নো ই ভাৰতৰ অখণ্ডতা আৰু সাৰ্বভৌমত্বক উলংঘন কৰিছে ।
লগতে পঢ়ক: বাংলাদেশৰ প্ৰশিক্ষাৰ্থীৰ সৈতে ভাৰতীয় সেনাৰ উপ সেনাধ্যক্ষৰ ভাৰ্চুৱেল কথোপকথন