ETV Bharat / bharat

'SITMEX-20' ত্ৰিপাক্ষিক অনুশীলনত অংশগ্ৰহণ ভাৰতৰ

author img

By

Published : Nov 22, 2020, 2:17 PM IST

'SITMEX-20'ৰ আজি দ্বিতীয় দিন। আন্দামান সাগৰত 'SITMEX-20'ৰ ত্ৰিপাক্ষিক অনুশীলনত ভাৰতীয় নৌসেনা, ছিংগাপুৰ নৌসেনা আৰু ৰয়েল থাই নৌসেনাৰ অংশগ্ৰহণ। অনুশীলনত অংশ লৈছে ভাৰতীয় নৌসেনাৰ স্বদেশত নিৰ্মিত জাহাজ এছ ডব্লিউ কৰবেট কাম'ট্ৰা আৰু মিছাইল কৰবেট কাৰ্মুকে ।

আন্দামান সাগৰত ভাৰত, ছিংগাপুৰ আৰু থাইলেণ্ডৰ নৌসেনাৰ জাহাজ

নেশ্যনেল ডেস্ক, ২২ নৱেম্বৰ: যোৱা ২১ নৱেম্বৰৰ পৰা আন্দামান সাগৰত চলি আছে 'SITMEX-20' ত্ৰিপাক্ষিক অনুশীলন। এই অনুশীলন অংশগ্ৰহণ কৰিছে ভাৰতীয় নৌসেনা, ছিংগাপুৰ নৌসেনা আৰু ৰয়েল থাই নৌসেনাই । COVID-১৯ মহামাৰীৰ ভয়াৱহ সংক্ৰমণ অব্য়াহত থকাৰ সময়ত তিনিওখন বন্ধু ৰাষ্ট্ৰৰ মাজত সমুদ্ৰৰে চলি থকা আদান-প্ৰদানৰ প্ৰক্ৰিয়াক অধিক সক্ৰিয় কৰিবলৈ 'সম্পৰ্কবিহীন, মাত্ৰ সাগৰতহে' শীৰ্ষক মূলমন্ত্ৰৰে ২১ আৰু ২২ নৱেম্বৰত দুদিনীয়া ত্ৰিপাক্ষিক অনুশীলন চলাইছে ভাৰত, ছিংগাপুৰ আৰু থাইলেণ্ডৰ নৌসেনাই । 'SITMEX-20'ৰ দ্বিতীয় সংস্কৰণৰ এই অনুশীলনৰ দ্বিতীয় দিনাও তিনিওখন দেশৰ নৌসেনাৰ জাহাজে আন্দামান সাগৰত অনুশীলন চলাইছে ।

২০১৯ চনৰ ছেপ্টেম্বৰ মাহত 'SITMEX-20'ৰ দ্বিতীয় সংস্কৰণ পোৰ্ট ব্লেয়াৰত চলিছিল । চলিত বৰ্ষৰ এই অনুশীলনৰ আয়োজন কৰিছে ৰিপাব্লিক অৱ ছিংগাপুৰ নেভীয়ে । স্বদেশত নিৰ্মিত জাহাজ এছ ডব্লিউ কৰবেট কাম'ট্ৰা আৰু মিছাইল কৰবেট কাৰ্মুকে ভাৰতক প্ৰতিনিধিত্ব কৰিছে । একেদৰে, ছিংগাপুৰ নৌসেনাক প্ৰতিনিধিত্ব কৰিছে ফৰমিডেবল, ইণ্টিপিড আৰু এণ্ডুৰেন্স জাহাজে। চাও ফ্ৰয়া আৰু ক্ৰবুৰী নামৰ জাহাজ দুখনে ৰয়েল থাই নৌসেনাক প্ৰতিনিধিত্ব কৰিছে ।

তিনিওখন দেশৰ মাজত সমুদ্ৰিক সম্পৰ্ক উন্নীত কৰা, মহামাৰীৰ সংকটকালত সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যেৰে অনুশীলন চলাইছে নৌসেনাই । বিশ্বাস আৰু পৰস্পৰৰ বুজাবুজিৰে আগবাঢ়ি সমুদ্ৰ ক্ষেত্ৰৰ সুৰক্ষা সুনিশ্চিত কৰাৰো প্ৰয়াস কৰিছে বন্ধু ৰাষ্ট্ৰকেইখনৰ নৌসেনাই ।

লগতে পঢ়ক:জম্মু আৰু কাশ্মীৰত সুৰক্ষাৰ নামত গণতান্ত্ৰিক হস্তক্ষেপৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.