ETV Bharat / bharat

ভাৰতত হ্ৰাস পাইছে সক্ৰিয় কৰ'ণা ৰোগীৰ সংখ্যা - covid-19

প্ৰায় তিনি মাহৰ তিনি মাহত পাচত সক্ৰিয় আক্ৰান্ত লোকৰ সংখ্যা 6 লাখতকৈয়ো অধিক হ্ৰাস পাইছে ভাৰতত ৷ বৰ্তমান ভাৰতত মুঠ 5,70,458 গৰাকী সক্ৰিয় ৰোগী আছে ৷

ভাৰতত হ্ৰাস পাইছে সক্ৰিয় কৰ'ণা ৰোগীৰ সংখ্যা

author img

By

Published : Nov 1, 2020, 7:21 PM IST

নেশ্যনেল ডেস্ক, 1 নৱেম্বৰ : ভাৰতত ক্ৰমাগতভাৱে হ্ৰাস পাইছে সক্ৰিয় কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে উল্লেখ কৰা অনুসৰি, প্ৰায় তিনি মাহৰ তিনি মাহত পাচত সক্ৰিয় আক্ৰান্ত লোকৰ সংখ্যা 6 লাখতকৈয়ো অধিক হ্ৰাস পাইছে ৷ বৰ্তমান ভাৰতত মুঠ সক্ৰিয় কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা 5,70,458 গৰাকীলৈ হ্ৰাস পাইছে ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ মতে, সম্প্ৰতি দেশত থকা সক্ৰিয় ৰোগীৰ সংখ্যা মুঠ আক্ৰান্তৰ কেৱল 6.97 শতাংশলৈ হ্ৰাস পাইছে ৷ ভিন্ন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে কৰ'ণা মহামাৰীৰ বিৰোধী যুঁজখনত ক্ৰমান্বয়ে প্ৰগতি লাভ কৰিছে ৷ কৰ্ণাটকত বিগত 24 ঘণ্টাত আক্ৰান্তৰ লোক সংখ্যাত ব্যাপক হাৰত বিৰাম লাগিছে ৷ সক্ৰিয় ৰোগীৰ ধাৰাবাহিক হ্ৰাসৰ লগতে, ভাৰতত প্ৰতি মিলিয়ন আক্ৰান্তৰ সংখ্যাও পৃথিৱীৰ ভিতৰতে আটাইতকৈ কম ৷

আনহাতে আক্ৰান্তৰ সংখ্যাৰ লগতে ভাৰতত এই মহামাৰীৰ বাবে মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যাও হ্ৰাস পাইছে ৷ দেশত বিগত 24 ঘণ্টাত মুঠ 470 গৰাকী লোকে মৃত্যুক সাৱটি লৈছে ৷ ভাৰতৰ প্ৰতি মিলিয়ন জনসংখ্যা হিচাপত মৃত্যুৰ সংখ্যাও সমগ্ৰ বিশ্বৰ তুলনাতে কম ৷

সক্ৰিয় আক্ৰান্ত আৰু আৰোগ্য লাভ কৰা লোকৰ মাজৰ ব্যৱধান 69 লাখতকৈয়ো অধিক হৈছেগৈ ৷ কৰ্ণাটক, কেৰালা আৰু মহাৰাষ্ট্ৰই আৰোগ্যতাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াইছে ৷ তিনিওখন ৰাজ্যত এদিনত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা থাকে 7 সহস্ৰাধিক ৷ দিল্লী আৰু পশ্চিম বংগত 4 সহস্ৰাধিক লোকে শেহতীয়াকৈ আৰোগ্য লাভ কৰিছে ৷ বিগত 24 ঘণ্টাত দেশত নতুনকৈ 46,963 গৰাকী লোকৰ দেহত পোৱা গৈছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷

লগতে পঢ়ক: ভাৰতীয় সেনালৈ 20 লাখ টকা দান কৰা কোন এইগৰাকী মহিলা ৰাজনীতিবিদ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.