৩৩৩৬ প্ৰবাসী ভাৰতীয়ৰ গাত কৰ’ণা পজিটিভ, ২৫ জনৰ মৃত্যু
ভাৰতে মেলেৰিয়াৰ ঔষধ হাইড্ৰক্সিক্লৰ’কুইন যোগানৰ বাবে ৫৫ খন দেশৰ পৰা লাভ কৰা অনুৰোধ ইতিধ্যে ৰক্ষা কৰিছে । এই ঔষধবিধ ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা পৰ্যায়ক্ৰমে প্ৰত্যাহাৰ কৰাৰ পাছতে ভাৰতে যোগান আৰম্ভ কৰে । ইয়াৰ ভিতৰত ২১ খন দেশক বাণিজ্যিকভাৱে ৰপ্তানি কৰাৰ বিপৰীতে কিছুসংখ্যক ক্ষুদ্ৰ দেশক মানৱীয় দৃষ্টিভংগীৰে ম হিচাপে প্ৰদান কৰা হৈছে । আমেৰিকা,ব্ৰাজিল,জাৰ্মানী,আফগানিস্তান,নেপালকে ধৰি প্ৰথমখন তালিকাত থকা ১৩ খন দেশে এই ঔষধৰ যোগান লাভ কৰিছে । আনহাতে এক সূ্ত্ৰই প্ৰকাশ কৰা অনুসৰি দ্বিতীয়খন তালিকাৰ দেশসমূহৰ ক্ষেত্ৰত যোগান প্ৰক্ৰিয়া বিভিন্ন পৰ্যায়ত আছে । তদুপৰি সংযুক্ত আৰৱ এমিৰেটছকে ধৰি আন কেইবাখনো দেশ সন্নিবিষ্ট তৃতীয়খন তালিকা বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লাভ কৰিছে । ক’ভিড-১৯ৰ বিৰুদ্ধে আৰম্ভ কৰা যুদ্ধখনত আন দেশক ভাৰতৰ পৰা চিকিৎসা সাহাৰ্য প্ৰদান আৰু বিদেশৰ পৰা ভাৰতলৈ যোগানৰ ক্ষেত্ৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি আহিছে ।

“এই প্ৰক্ৰিয়া চলি আছে । এনেধৰণৰ অনুৰোধ যেতিয়াই আহে নিৰ্দিষ্ট সমিতিত উত্থাপন কৰা হ’ব । এয়া এক সু-সংগত প্ৰক্ৰিয়া ।” এগৰাকী বিষয়াই এনেদৰে কয় । পাকিস্তানে এই চি কিউৰ যোগানৰ বাবে অনুৰোধ কৰাৰ কোনো নিশ্চিত তথ্য নাই বুলিও তেওঁ মন্তব্য কৰে ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দূতাবাস আৰু মিছনৰ জৰিয়তে যোগানকাৰী সকলকো চিনাক্ত কৰিছে । নিবিদা গ্ৰহণ কৰি,যোগানকাৰী সকলৰ লগত বা এজেণ্ট, বিমানসেৱা সকলো ঠিক কৰি সঠিক সময়ত চিকিৎসাজনিত সামগ্ৰী লাভ কৰাটো নিশ্চিত কৰিছে । বেইজিং স্থিত ভাৰতীয় দূতাবাস আৰু গুৱংঝুৰ কনছ্যুলেটে স্থানীয় কৰ্তৃপক্ষৰ সহযোগত বৃহৎ পৰিমাণৰ সামগ্ৰী আমদানি কৰিবলৈ বুধবাৰে (১৫ এপ্ৰিল) সন্ধিয়া কাষ্টমৰ পৰা অনুমোদন লাভ কৰিবলৈ সক্ষম হয় । এই সামগ্ৰীসমূহৰ ভিতৰত আছে তিনিটা পৃথক প্ৰতিষ্ঠানৰ মুঠ ৬.৫ লাখ পৰীক্ষা সামগ্ৰী ।
যথেষ্ট সংখ্যক পাৰ্ছ’নেল প্ৰটেক্শ্বন ইকুইপমেণ্ট চমুকৈ পি পি ই কিট শীঘ্ৰে ভাৰতলৈ আহি পাব বুলি এগৰাকী বিষয়াই মন্তব্য কৰি কয়—“দক্ষিণ কোৰিয়াৰ পৰা পৰীক্ষা কৰা সঁজুলি আমদানিৰ ক্ষেত্ৰতো বৈদেশিক পৰক্ৰিমা মন্ত্ৰালয়ে সকলো প্ৰয়োজনীয় সহায় আগবঢ়াই আছে । আমেৰিকা, মালয়েছিয়া,ফ্ৰান্স,কানাডা আৰু আমেৰিকাৰ কোম্পানীৰ পৰা নিবিদা লাভ কৰা গৈছে । জাৰ্মানী আৰু জাপানৰ কোম্পানীৰ সৈতেও যোগাযোগ কৰা হৈছে ।”

আনহাতে বৃহস্পতিবাৰে সূত্ৰই নিশ্চিত কৰা অনুসৰি কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা মুঠ প্ৰবাসী ভাৰতীয়ৰ সংখ্যা ৩৩৩৬ জন । ইয়াৰে ২৫ জনৰ মৃত্যু ঘটিছে । অৱশ্যে যদিও ভাৰতত আবদ্ধ হৈ থকা ৪৮ খন দেশৰ ৩৫ হাজাৰতকৈ অধিক বিদেশী নাগৰিকে ভাৰতৰ সহায়ত নিজ দেশলৈ উভতি যাবলৈ সক্ষম হৈছে যদিও বিদেশত আবদ্ধ হৈ থকা ভাৰতীয় নাগৰিকসকলক ভাৰত চৰকাৰে য'তে আছে তাতে নিৰাপদে থাকিবলৈ পৰামৰ্শ দিছে । কিয়নো বৰ্তমান কোনো উদ্ধাৰ কাৰ্য চলোৱাৰ কথা নাই । ইয়াৰ ভিতৰত ৪১ জন পাকিস্তানী নাগৰিকো আছে । তেওঁলোকক আট্টাৰী-ৱাঘা সীমান্তৱেইদি তেওঁলোকক বৃহস্পতিবাৰে পাকিস্তানলৈ প্ৰেৰণ কৰা হয় । আনহাতে ১৪৫ জন পাকিস্তানী নাগৰিকে নিজ দেশলৈ উভতি যোৱাৰ বাবে অপেক্ষা কৰি আছে ।
আনহাতে এক সূত্ৰই জনোৱা মতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব ডাম্মু ৰবিৰ নেতৃত্বত স্থাপন কৰা ২৪ ঘণ্টাই সক্ৰিয় হৈ থকা জৰুৰী কোষে ৫ হাজাৰ ফোন কল লাভ কৰাৰ লগতে, ২ হাজাৰ সমস্যাৰ সমাধান আৰু ১৮ হাজাৰ মেইল লাভ কৰিছে ।
বিদেশত আবদ্ধ হৈ থকা ভাৰতীয়সকলক চিকিৎসা আৰু আন সহায়ৰ বাবে ভাৰতীয় দূতাবাস,কনছ্যুলেট আৰু সামাজিক সংগঠনবোৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি চলিবলৈ আহ্বান জনাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই কয়—“যিবোৰ দেশত ভাৰতীয়সকলক ক’ভিড-১৯ পজিটিভ পোৱা গৈছে তাত আৰোগ্য লাভ কৰাৰ হাৰ যথেষ্ট সন্তোষজনক । তেওঁলোকে প্ৰয়োজনীয় প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিছে ।”
তদুপৰি বিশেষ সূ্ত্ৰই জনোৱা অনুসৰি ব্ৰীকছ দেশসমূহৰ বিদেশ মন্ত্ৰীসকলৰ (ব্ৰাজিল,ৰাছিয়া,ভাৰত, দক্ষিণ আফ্ৰিকা, চীন) এখন ভাৰ্ছুৱেল সন্মিলন এই মাহৰ শেষৰ পিনে হোৱাৰ সম্ভাৱনা আছে ।
স্মিতা শৰ্মা,নতুন দিল্লী