ETV Bharat / bharat

ৰাষ্ট্ৰসংঘত মিছা দলিল দাখিলৰ বাবে পাকিস্তানক ভাৰতৰ সমালোচনা - ৰাষ্ট্ৰ সংঘৰ সুৰক্ষা সচিব

নতুন দিল্লীয়ে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ সদস্য সন্মুখত বিগত কেইটামান সপ্তাহত জম্মু-কাশ্মীৰত পাকিস্তনী সন্ত্ৰাসবাদী সংগঠন জৈছ-এ-মহম্মদৰ চাৰিজনকৈ সদস্যই আক্ৰমণৰ চেষ্টা চলোৱা সম্পৰ্কে কিছু দলিল দাখিল কৰাৰ এদিন পিছতেই পাকিস্তানে ৰাষ্ট্ৰ সংঘৰ সুৰক্ষা সচিব এন্টনিঅ’ গুটেৰাছক ভাৰতে পাকিস্তানৰ বুকুত সন্ত্ৰাসবাদক ইন্ধন জগোৱা বুলি অভিযোগ উত্থাপন কৰি এক দলিল দাখিল কৰে ৷

as_ntl_india-slams-pakistan_img
ৰাষ্ট্ৰসংঘত মিছা দলিল দাখিলৰ বাবে পাকিস্তানক সমালোচনা ভাৰতৰ
author img

By

Published : Nov 25, 2020, 6:55 PM IST

নেশ্যনেল ডেস্ক, 25 নৱেম্বৰঃ ৰাষ্ট্ৰসংঘৰ মজিয়াত নতুন দিল্লীৰ বিৰুদ্ধে মিছা তথ্য প্ৰদৰ্শনক লৈ ইছলামাবাদক সমালোচনা ভাৰতৰ ৷ ভাৰতে কয়, নথি-পত্ৰসমূহ নিজৰ পছন্দ অনুসৰি গঢ় দিয়া আৰু মিছা তথ্য প্ৰচাৰ কৰাটো পাকিস্তানৰ বাবে নতুন বিষয় নহয়, যিয়ে ৰাষ্ট্ৰ সংঘৰ অন্তৰ্ভূক্ত প্ৰদেশসমূহৰ ভিতৰত সৰ্বাধিক সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়ে ৷

উল্লেখ্য যে,নতুন দিল্লীয়ে ৰাষ্ট্ৰ সংঘৰ সুৰক্ষা পৰিষদৰ সদস্যৰ ওচৰত বিগত কেইটামান সপ্তাহত জম্মু-কাশ্মীৰত পাকিস্তনী সন্ত্ৰাসবাদী সংগঠন জৈছ-এ-মহম্মদৰ চাৰিজনকৈ সদস্যই আক্ৰমণৰ চেষ্টা চলোৱা সম্পৰ্কে কিছু দলিল দাখিল কৰাৰ এদিন পিছতেই পাকিস্তানে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা সচিব এন্টনিঅ’ গুটেৰাছক ভাৰতে পাকিস্তানৰ বুকুত সন্ত্ৰাসবাদক ইন্ধন জগোৱা বুলি অভিযোগ উত্থাপন কৰি এক দলিল দাখিল কৰে ৷

  • The “dossier of lies” presented by Pakistan enjoys zero credibility.

    Concocting documents and peddling false narratives is not new to Pakistan, host to worlds largest number of UN proscribed terrorists and entities.

    Remember Abbottabad!@MEAIndia @DrSJaishankar @PMOIndia

    — PR UN Tirumurti (@ambtstirumurti) November 24, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

পাকিস্তানৰ এই অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি, ৰাষ্ট্ৰদূত টি এছ তিৰুমূৰ্তিয়ে টুইটযোগে কয়, "পাকিস্তানৰ দ্বাৰা দাখিল কৰা দলিলে শূণ্য গ্ৰহণযোগ্যতাহে প্ৰদৰ্শন কৰে ৷ নথি-পত্ৰসমূহ নিজ পছন্দ অনুসৰি গঢ় দিয়া আৰু মিছা তথ্য প্ৰচাৰ কৰাটো পকিস্তানৰ বাবে নতুন বিষয় নহয় ৷" তেখেতে আৰু কয় যে, "ৰাষ্ট্ৰ সংঘৰ দ্বাৰা চিহ্নিত সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সংগঠন সমূহক পাকিস্তানেই আশ্ৰয় প্ৰদান কৰি আহিছে ৷ আব্বোট্টাবাদক স্মৰণ কৰক !"

2021 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা ৰাষ্ট্ৰ সংঘৰ 15 জনীয়া পৰিষদত ভাৰতৰ দুবছৰীয়া কাৰ্যকাল আৰম্ভ হোৱাৰ পূৰ্বে এই দলিলসমূহ ৰাষ্ট্ৰ সংঘৰ মজিয়াত দাখিল কৰা হয় ৷

লগতে পঢ়ক-গুজৰাটত দুগৰাকী আৰক্ষীক ভুৱা এনকাউন্টাৰ এটা গোচৰৰ পৰা মুক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.