ETV Bharat / bharat

ডাউদ ইব্ৰাহিমক ভাৰতক হস্তান্তৰ কৰিবলৈ পাকিস্তানক চাপ প্ৰদান কৰিব লাগে: ৰামদাস আথাৱালে

author img

By

Published : Aug 24, 2020, 9:20 AM IST

Updated : Aug 24, 2020, 9:37 AM IST

"ইব্ৰাহিমৰ দৰে অপৰাধীক ফাঁচীকাঠত ওলমাব লাগে ৷ ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক চাপ প্ৰদান কৰিব লাগে সন্ত্ৰাসবাদী ডাউদ ইব্ৰাহিমক ভাৰতক হস্তান্তৰ কৰিবলৈ ৷" দেওবাৰে এই মন্তব্য কৰিলে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালে ৷

ৰামদাস আথাৱালে
ৰামদাস আথাৱালে

নেশ্যনেল ডেস্ক, 24 আগষ্ট: দেওবাৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আথাৱালে কয়, ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক চাপ প্ৰদান কৰিব লাগে সন্ত্ৰাসবাদী ডাউদ ইব্ৰাহিমক ভাৰতক হস্তান্তৰ কৰিবলৈ ৷ ইয়াৰোপৰি তেওঁ কয়, "ইব্ৰাহিমৰ দৰে অপৰাধীক ফাঁচীকাঠত ওলমাব লাগে ৷"

"1993 চনত মুম্বাইত সংঘটিত ধাৰাবাহিক বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড ডাউদ ইব্ৰাহিমক হস্তান্তৰ কৰাৰ বাবে ভাৰত চৰকাৰে পাকিস্তান চৰকাৰক চাপ প্ৰদান কৰিব লাগে" বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰোপৰি তেওঁ কয়, "এতিয়ালৈ পাকিস্তানে কেতিয়াও স্বীকাৰ নকৰিলে যে, তেওঁলোকে ইমান দিনে ডাউদ ইব্ৰাহিমক আশ্ৰয় প্ৰদান কৰি আছে ৷"

"মই এই সম্পৰ্কত কেন্দ্ৰীয় মন্ত্ৰণালয়ক এখন পত্ৰ লিখিম ৷ ডাউদৰ দৰে অপৰাধীক ফাঁচীৰ দৰে শাস্তি প্ৰদান কৰিব লাগে" বুলি তেওঁ কয় ৷

উল্লেখ্য যে, পাকিস্তানে শুকুৰবাৰে 88 জনকৈ নিষিদ্ধ সন্ত্ৰাসবাদীৰ দল আৰু সেই দলসমূহৰ নেতাসকলক কঠোৰ আৰ্থিক নিষেধাজ্ঞা জাৰি কৰে ৷ য'ত 26/11 মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড ডাউদ ইব্ৰাহিম, জামাত-উদ-দাৱাৰ মুখ্য নেতা হাফিজ ছায়েদ আৰু জইচ-ই-মহম্মদৰ মুখ্য নেতা মাচুদ আজহাৰো অন্তৰ্ভুক্ত হৈ আছে ৷

লগতে পঢ়ক: দুৰ্বৃত্তৰ প্ৰহাৰত মৃত্যু অন্ধ্ৰপ্ৰদেশৰ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষীৰ

Last Updated : Aug 24, 2020, 9:37 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.