ETV Bharat / bharat

চীন-ভাৰতৰ সম্পৰ্কৰ উদ্বেগ বৃদ্ধিৰ মাজতে বাংলাদেশ ভ্ৰমণ ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সচিব হৰ্ষ বৰ্ধন শ্ৰিংগলা

author img

By

Published : Aug 19, 2020, 6:14 PM IST

ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সচিব হৰ্ষ বৰ্ধন শ্ৰিংগলা মঙলবাৰে দুদিনৰ বাবে প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশ ভ্ৰমণ কৰিবলৈ ঢাকাত উপস্থিত হয় ৷ দুয়োখন দেশৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্য বাংলাদেশত উপস্থিত হয় সচিব গৰাকী ৷ তীস্তা নদীৰ বিবাদকলৈয়ো গুৰুত্বপূৰ্ণ আলোচনা ৷

India reaches out to Bangladesh amid Chinas growing influence
চীন-ভাৰতৰ সম্পৰ্কৰ উদ্বেগ বৃদ্ধিৰ মাজতে বাংলাদেশ ভ্ৰমণ ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সচিব হৰ্ষ বৰ্ধন শ্ৰিংগলা

নিউজ ডেস্ক, 19 আগষ্ট : সাম্প্ৰতিক সময়ত চীন-ভাৰতৰ সম্পৰ্কৰ উদ্বেগ ঘটাৰ মাজতে ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সচিব হৰ্ষ বৰ্ধন শ্ৰিংগলা মঙলবাৰে দুদিনৰ বাবে প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশ ভ্ৰমণ কৰিবলৈ ঢাকাত উপস্থিত হয় ৷ চলিত বৰ্ষত সমগ্ৰ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মহামাৰী কৰ'ণা ভাইৰাছৰ পিচত সচিব গৰাকীৰ এয়া প্ৰথমটো ভ্ৰমণ বুলি জানিব পৰা গৈছে ৷

উক্ত ভ্ৰমণত সচিব গৰাকীয়ে 18 আগষ্টত দুয়োখন দেশৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে আলোচনা কৰা হৈছে বুলি জানিব দিয়ে ৷ কিন্তু সেই সময়তে বাংলাদেশৰ বিদেশ মন্ত্ৰালয়ৰ সচিব মাচুদ বিন মোমনে বিদেশ মন্ত্ৰালয়ৰ কাৰ্যালয়ত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰাৰ সময়ত ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সচিব ভ্ৰমণৰ বিষয়টো এৰাই চলিব বিচাৰে ৷

তাৰ পৰিৱৰ্তে বাংলাদেশৰ বিদেশ মন্ত্ৰালয়ৰ সচিব গৰাকীয়ে জনোৱা অনুসৰি, বুধবাৰে ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সচিব গৰাকীৰ সৈতে অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক ক'ভিড-19 ৰ ভেকচিন বিকাশ কৰাৰ বাবে ভাৰতত পৰীক্ষণ কৰা সন্দৰ্ভত আলোচনা কৰাৰ কথা ব্যক্ত কৰে ৷ Bdnews24.com ৰ তথ্য অনুসৰি, বৰ্তমান বাংলাদেশে অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ ভেকচিন পৰীক্ষণ কৰিবলৈ সাজু ৷

এক বিশেষ সূত্ৰই ইটিভি ভাৰতক জনোৱা অনুসৰি, বাংলাদেশৰ বিদেশ মন্ত্ৰালয়ৰ সচিব গৰাকীৰ মতে, বাংলাদেশে বৰ্তমান চীন, আমেৰিকা তথা ৰাছিয়াৰ সকলোবোৰ ভেকচিন পৰীক্ষণ কৰিবলৈ সাজু ৷ সূত্ৰ অনুসৰি, এই প্ৰক্ৰিয়াৰ অংশ হিচাপে বাংলাদেশে ভাৰতৰ সৈতে উক্ত বিষয় সন্দৰ্ভত আলোচনা কৰিব ৷ ইযাৰ উপৰিও, বাংলাদেশৰ ৰাষ্ট্ৰীয় চিকিৎসা অনুসন্ধান এজেঞ্চিয়ে ইয়াৰ পূৰ্বেও চীনৰ China’s Sinovac Biotech Ltd ৰ দ্বাৰা তৈয়াৰ কৰা ভেকচিনৰ তৃতীয় পৰ্যায়ত পৰীক্ষণ কৰাৰ অনুমতি প্ৰদান কৰা হৈছিল কিন্তু বৰ্তমান সেই অনুমোদন বন্ধ কৰি দিয়া হৈছে ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ সচিব হৰ্ষ বৰ্ধন শ্ৰিংগলাই ভাৰতীয় উচ্চ আয়ুক্ত হিচাপে বালাংদেশত সেৱা আগবঢ়াবলৈ সক্ষম হৈছিল ৷ এই যাত্ৰাত সচিব গৰাকীয়ে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনা, বিদেশ মন্ত্ৰী গৰাকীৰ সৈতেও বাৰ্তালাপ কৰিবলৈ সক্ষম হৈছিল ৷ লগতে, পৰ্যবেক্ষকৰ মতে, শৃংগলাৰ যাত্ৰাৰ কাৰণ হিচাপে বাংলাদেশত বেইজিঙৰ বৃদ্ধি হোৱা প্ৰভাৱৰ বিষয়ে পৰ্যালোচনা কৰা ৷ কিয়নো ভাৰত আৰু চীনৰ লাডাখৰ সীমা বিবাদক লৈ আজিও বিবাদ অব্যাহত আছে ৷ ইয়াৰ উপৰিও বেইজিঙৰ তীস্তা নদীৰ পানীক সঠিক ৰূপত সমাধান কৰিবলৈ বাংলাদেশক 1 বিলিয়ন ডলাৰ টকাৰ ঋণ দিবলৈ সাজু হৈছে ৷ এইটো প্ৰথমবাৰৰ বাবে হৈছে যে চীনে দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰৰ জল বিষয়ত অন্তৰ্ভূক্ত হৈছে ৷ যদিওবা বাংলাদেশ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ কিন্তু বিগত দশক ধৰি তিস্তা নদীৰ পানীক লৈ দুয়োখন দেশৰ মাজত জল বিবাদ অব্যাহত আছে ৷ ইয়াৰ পূৰ্বেও 2011 চনত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে ঢাকা যাত্ৰাৰ জৰিয়তে তীস্তা নদীৰ বিবাদক লৈ হস্তাক্ষৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কিন্তু সেই সময়ৰ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰোধৰ বাবে অন্তিম মূহুৰ্তত বাংলাদেশে সিদ্ধান্ত সলনি কৰিছিল ৷ তীস্তা নদীৰ পূৱ হিমালয়ৰ পৰা আৰম্ভ হৈ বাংলাদেশত প্ৰৱেশ কৰিছে কিন্তু বাংলাদেশত প্ৰৱেশ কৰাৰ পূৰ্বে তীস্তা নদী ছিকিম আৰু পশ্চিম বংগৰ মাজেৰে বৈ গৈছে ৷

1996 চনত বাংলাদেশে গংগা জল সন্ধিৰ জৰিয়তে তীস্তা নদীৰ পানীৰ ন্যায়সংগত বিতৰণ বিচাৰিছিল ৷ কিন্তু উক্ত সন্ধিৰ পিচতে কোনো ধৰণৰ সমস্যা সমাধান নোহোৱা বুলি জানিব পৰা গৈছে ৷

আনহাতে, বৰ্তমান বাংলাদেশে তীস্তা নদীৰ পানী ৰোধ কৰি সঠিক ব্যবহাৰ কৰিবৰ বাবে চীনক 853 মিলিয়ন ডলাৰ ঋণ বিচাৰিছে আৰু চীনে সেই ঋণ দিবলৈ প্ৰস্তুত হৈছে ৷ যাৰ জৰিয়তে চীনে নদীৰ পানীক সঠিক ৰূপত ব্যবহাৰ কৰিবৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে ৷

চীনে ভাৰতৰ পূৱ দিশত থকা প্ৰতিবেশী বাংলাদেশৰ সৈতেও সম্পৰ্ক ৰক্ষা কৰি ক্ষীপ্ৰতাৰে নিজৰ সামৰিক শক্তিক বৃদ্ধি কৰি আছে ৷ শেহতীয়াকৈ চীনে বাংলাদেশৰ কক্স বাজাৰৰ অন্তৰ্গত পেকুৱাস্থিত BNS শ্বেইখ হাচিনা চাবমেৰিন ঘাটি উন্নত কৰাৰ কাৰণে উদ্যোগ হাতত লৈছে আৰু ইতিমধ্যে বাংলাদেশৰ নৌ সেনা দুখন চাবমেৰিন প্ৰদান কৰিছে ৷ যদিওবা ভাৰত দক্ষিণ এছিয়াৰ দেশ সমূহৰ ভিতৰত বাংলাদেশৰ সৈতে সম্পৰ্ক কিছু উন্নত কিন্তু বৰ্তমান বাংলাদেশে জল সম্বন্ধীয় আঁচনিৰ সমূহৰ বাবে চীনৰ পৰা সহায় লবলৈ সাজু হৈ পৰিছে ৷ বিগত বছৰত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাচিনাই যেতিয়াই ভাৰত ভ্ৰমণ কৰিছিল তেতিয়াই এই আঁচনি সমূহ সঠিক ৰূপত আলোচনা কৰাৰ পৰিকল্পনা আছিল ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত মাহৰ আৰম্ভণিতে ভাৰতৰ বিদেশ মন্ত্ৰালয়ে অতিৰিক্ত সচিব বিক্ৰম ডোৰাবিস্বামীক বাংলাদেশৰ নতুন উচ্চ আয়ুক্ত হিচাপে নিযুক্তি দিবলৈ সক্ষম হৈছে ৷ নিযুক্তি লাভ কৰিয়ে তেওঁ উক্ত সমস্যা সমূহ সমাধান কৰিবলৈ বিশেষ ৰণকৌশল প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : বিজনীত হাতীৰ আক্ৰমণত নিহত 1, মৃতদেহ লৈ স্থানীয়ৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.