ETV Bharat / bharat

দ্বি-পাক্ষিক সম্পৰ্কক লৈ ভাৰত-পৰ্তুগালৰ মাজত বৈঠক

author img

By

Published : Oct 15, 2020, 9:55 AM IST

প্ৰতিৰক্ষা আৰু সুৰক্ষা,বাণিজ্য আৰু প্ৰৱাসন আৰু আধুনিক অংশীদাৰিত্বৰ ক্ষেত্ৰত সহযোগিতা ভাৰত-পৰ্তুগালৰ ৷ বুধবাৰে এক ভাৰ্চুৱেল দ্বি-পাক্ষিক বৈঠকযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু তেওঁৰ পৰ্তুগীজ সমকক্ষ আগষ্ট’ চ্যাণ্টোচ চিল্ভাই এই সিদ্ধান্ত গ্ৰহণ কৰে ৷

India, Portugal discuss ways to expand bilateral ties
দ্বি-পাক্ষিক সম্পৰ্কক লৈ ভাৰত-পৰ্তুগালৰ মাজত বৈঠক

নিউজ ডেস্ক,15 অক্টোবৰ: বুধবাৰে প্ৰতিৰক্ষা আৰু সুৰক্ষা,বাণিজ্য আৰু প্ৰৱাসন আৰু আধুনিক অংশীদাৰিত্বৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে ভাৰত-পৰ্তুগালে ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু তেওঁৰ পৰ্তুগীজ সমকক্ষ আগষ্ট’ চ্যাণ্টোচ চিল্ভাৰ মাজত হোৱা এক ভাৰ্চুৱেল দ্বি-পাক্ষিক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এই কথা উল্লেখ কৰে ৷

উক্ত আলোচনাত দুয়োগৰাকী বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে সংশোধিত বহুপক্ষবাদৰ বাবে নিজ নিজ প্ৰতিশ্ৰুতি ব্যক্ত কৰে আৰু 2021 চনৰ পৰা ৰাষ্ট্ৰসংঘ সুৰক্ষা পৰিষদত ভাৰতৰ উপস্থিতি সন্দৰ্ভত ক্ষেত্ৰীয় আৰু বৈশ্বিক দিশত সম্পৰ্ক বজাই ৰখাৰ সহমত আগবঢ়ায় ৷ ইয়াৰোপৰি জয়শংকৰ আৰু চিল্ভাই ভাৰত-ইইউৰ সম্পৰ্কতো আলোচনা কৰে ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে জনোৱা মতে,2021 চনত দুয়ো গৰাকী মন্ত্ৰীয়ে পৰ্তুগালৰ ৰাষ্ট্ৰপতি পদৰ বাবে ভাৰত-ইইউৰ নেতাসকলৰ সৈতে বৈঠকত মিলিত হ’ব ৷ যাৰ বাবে পৰ্তুগালৰ প্ৰধানমন্ত্ৰী এণ্টোনিঅ’ কোস্তাই পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক নিমন্ত্ৰণ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: JEE পৰীহ্মাৰ্থী সকলৰ বাবে সুখবৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.