ETV Bharat / bharat

গিলগিট বাল্টিস্তানৰ নিৰ্বাচনক লৈ পাকিস্তানক সমালোচনা ভাৰতৰ

পাকিস্তানে গিলগিট বাল্টিস্তানত নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা কাণ্ডৰ বিৰোধিতা কৰিছে ভাৰতে ৷ জম্মু-কাশ্মীৰ, লাডাখ আৰু গিলগিট বাল্টিস্তান ভাৰতৰ অভিন্ন অংগ বুলি উল্লেখ কৰি এই স্থানত নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা কাণ্ডৰ ঘোৰ বিৰোধিতা কৰি পাকিস্তানক সমালোচনা কৰিছে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ৷

author img

By

Published : Sep 29, 2020, 8:08 PM IST

গিলগিট বাল্টিস্তানৰ নিৰ্বাচনক লৈ পাকিস্তানক সমালোচনা ভাৰতৰ
গিলগিট বাল্টিস্তানৰ নিৰ্বাচনক লৈ পাকিস্তানক সমালোচনা ভাৰতৰ

নিউজ ডেস্ক, 29 ছেপ্টেম্বৰ : চলিত বৰ্ষৰ 15 নৱেম্বৰত তথাকথিত গিলগিট বাল্টিস্তানত পাকিস্তানে নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে ভাৰত চৰকাৰে ৷ পাকিস্তানে শেহতীয়াকৈ বিতৰ্কিত এই স্থানত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰিছে ৷

ভাৰতে জম্মু-কাশ্মীৰকে ধৰি লাডাখ আৰু গিলগিট বাল্টিস্তান ভাৰতৰ অভিন্ন অংগ বুলি কোৱাৰ লগতে 1947 চনৰ পৰাই এই স্থান ভাৰতৰ অন্তৰ্গত বুলি কয় ৷ পাকিস্তানে চৰকাৰে বলপূৰ্বকভাৱে অধিগ্ৰহণ কৰি থকা স্থানত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কোনো অধিকাৰ নাই বুলি ভাৰত চৰকাৰে উল্লেখ কৰে ৷ পাকিস্তানে শেহতীয়াকৈ বলৱৎ কৰা "Gilgit-Baltistan (Elections and Caretaker Government) Amendment Order 2020”ৰো ঘোৰ বিৰোধিতা কৰিছে ৷

এনেকুৱা কাৰ্যৰ দ্বাৰা পাকিস্তানে এইটো অঞ্চলত মানৱাধিকাৰ ভংগ কৰা বুলি উল্লেখ কৰাৰ লগতে বিগত সাতটা দশক ধৰি পাকিস্তান অধিকৃত অঞ্চলত বাস কৰি থকা লোকসকলৰ স্বাধীনতা খৰ্ব কৰাৰ কোনো যুক্তি নাই বুলি ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে ৷ ইয়াৰ দ্বাৰাই ভাৰতে পাকিস্তানে বলপূৰ্বকভাৱে অধিগ্ৰহণ কৰি থকা সকলো অঞ্চলত শীঘ্ৰেই খালী কৰি দিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷

ভাৰতে গিলগিট বাল্টিস্তানক পূৰ্বৱৰ্তী জম্মু-কাশ্মীৰ ৰাজ্যৰ এক অভিন্ন অংগ হিচাপে মান্যতা প্ৰদান কৰিছে আৰু পাকিস্তানে বলপূৰ্বকভাৱে এই স্থান অধিগ্ৰহণ কৰি থকাৰ বাবে বহুবাৰ আন্তঃৰাষ্ট্ৰীয় স্তৰত পাকিস্তানৰ বিৰোধিতা কৰি আহিছে ৷

চলিত বৰ্ষৰ এপ্ৰিল মাহত পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে ইমৰান খান নেতৃত্বাধীন চৰকাৰক 2018ৰ প্ৰশাসনিক নীতিৰ সংশোধন কৰি গিলগিট বাল্টিস্তানত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অনুমোদন প্ৰদান কৰে ৷

লগতে পঢ়ক : সামান্য ভুলৰ বাবে আমাৰ জীৱন ধংস নকৰিবঃ পৰীক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.