ETV Bharat / bharat

বৈদেশিক বিনিয়োগৰ বাবে ভাৰত সৰ্বাধিক অনুকূল : গাডকাৰী

author img

By

Published : Jul 22, 2020, 2:25 PM IST

Updated : Jul 23, 2020, 6:43 PM IST

ভাৰতত বিনিয়োগ কৰিবলৈ বৈদেশিক বিনিয়োগকাৰীক আহ্বান নীতিন গাডকাৰীৰ ৷ ইণ্ডিয়া আইডিয়া ছামিটত অংশগ্ৰহণ কৰি এই মন্তব্য গাডকাৰীৰ ৷

ইণ্ডিয়া আইডিয়া ছামিটত অংশগ্ৰহণ গাডকাৰীৰ
বৈদেশিৰ বিনিয়োগৰ বাবে ভাৰত সৰ্বাধিক অনুকূল : গাডকাৰী

নেশ্যনেল ডেস্ক, 22 জুলাই : বৈদেশিক বিনিয়োগৰ বাবে ভাৰতক আটাইতকৈ অনুকূল স্থান হিচাপে উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে বৈদেশিক বিনিয়োগকাৰী সকলক দেশৰ আন্তঃগাঁথনি,সূক্ষ্ম,লঘু আৰু মধ্যমীয়া উদ্যোগ (MSMEs),বেংক,নন-বেংকিং ফাইনেন্সিয়েল কোম্পানী (NBFCs) আৰু অন্য খণ্ডসমূহত বিনিয়োগ কৰিবলৈ আহ্বান জনায় ৷

আমেৰিকা-ভাৰতৰ ব্যৱসায়িক পৰিষদৰ দ্বাৰা আয়োজিত ইণ্ডিয়া আইডিয়া ছামিট (India Idea Summit) সম্বোধন কৰি গাডকাৰীয়ে কয়,"আমি অধিক চাকৰি সৃষ্টি কৰিব লাগিব ৷ নহ'লে আমি দৰিদ্ৰতাৰ সমস্যা সমাধান কৰিব নোৱাৰিম ৷ দৰিদ্ৰতা নিৰ্মূল কৰাই আমাৰ চৰকাৰৰ মূল উদ্দেশ্য ৷ ইয়াৰ বাবে আমাৰ MSMEs, বেংক, NBFCs, আন্তঃগাঁথনি আদিৰ বাবে আমি বৈদেশিক বিনিয়োগকাৰী বিচাৰো ৷"

Covid-19 মহামাৰীক ক্ষন্তেকীয়া সমস্যা হিচাপে মন্তব্য কৰি গাডকাৰীয়ে কয় যে,অৰ্থনৈতিক যুদ্ধ জয় কৰিবলৈ দেশ আত্মবিশ্বাসী আৰু সংকট মষিমূৰ কৰিবলৈ চৰকাৰে বহু পদক্ষেপ গ্ৰহণ কৰিছে ৷

গাডকাৰীয়ে কয়,"সেয়েহে ভাৰতত MSME গঠন আৰু ইয়াৰ প্ৰসাৰৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিছো ৷ MSME উদ্যোগৰ বাবে আমি বিনিয়োগৰ পৰিমাণ অধিক হাৰত বৃদ্ধি কৰিছো ৷"

সূক্ষ্ম উদ্যোগৰ বাবে পূৰ্বে 25 লাখ বিনিয়োগ কৰিছিলো যদিও বৰ্তমান ইয়াৰ পৰিমাণ 1 কোটিলৈকে বৃদ্ধি কৰা হৈছে ৷ আনহাতে,লঘু উদ্যোগৰ বাবে বিনিয়োগৰ পৰিমাণ 5 কোটিৰ পৰিৱৰ্তে 10 কোটি কৰা হৈছে ৷ মধ্যমীয়া উদ্যোগৰ বাবে বিনিয়োগৰ পৰিমাণ 10 কোটিৰ পৰা 50 কোটি পৰ্যন্ত বৃদ্ধি কৰা হৈছে ৷

বৰ্তমানৰ বৈশ্বিক অৰ্থনীতিত ভাৰত এখন দ্ৰুত উন্নয়নশীল দেশ ৷ আমাৰ হাতত বৃহৎ বজাৰ,কৌশলপূৰ্ণ চিকিৎসক তথা অভিযন্তা আছে ৷ ইয়াৰোপৰি,কৌশলপূৰ্ণ লোকৰ সংখ্যা আৰু বৃদ্ধি কৰিবৰ বাবে আমি চেষ্টা চলাইছো ৷

তেওঁ লগতে কয়,"এনেদৰে বিনিয়োগ কৰা বাবে আমাৰ উদ্যোগসমূহ উপকৃত হৈছে ৷ MSMEৰ প্ৰসাৰৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা চলাইছো ৷"

বৰ্তমানৰ অৰ্থনৈতিক পৰিস্থিতিত MSME সমূহৰ পৰাই 30 শতাংশ জিডিপি আৰু 48 শতাংশ ৰপ্তানী কৰিবলৈ সক্ষম হৈছে বুলি জানিবলৈ দিয়ে গাডকাৰীয়ে ৷ বৰ্তমানলৈকে MSME সমূহে 11 কোটি চাকৰি সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে গাডকাৰীয়ে ৷

লগতে পঢ়ক : তৃতীয়বাৰৰ বাবে ৰাজ্যসভাৰ সাংসদ হিচাপে ভূৱনেশ্বৰ কলিতাৰ শপত গ্ৰহণ

Last Updated : Jul 23, 2020, 6:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.