নিউজ ডেস্ক, ১২ জুন : শুকুৰবাৰে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচে ৪০ হাজাৰ দৰ্শক বহিব পৰা ষ্টেডিয়ামত ১০ হাজাৰ দৰ্শকৰে অহা মাহৰ পৰা খেল অনুষ্ঠিত কৰাৰ অনুমতি দিয়া হ'ব বুলি ঘোষণা কৰে। কৰণা ভাইৰাছৰ আতংকৰ বাবে এনে সিদ্ধান্ত লোৱা হয়।

দুয়োখন দেশৰ মাজত চাৰিখনকৈ টেষ্ট ক্ৰিকেট মেচ অনুষ্ঠিত হোৱাৰ কথা আছিল। ষ্টেডিয়ামত কম দৰ্শকৰ উপস্থিতিত খেল আৰম্ভ কৰা হ'ব নে নাই তাৰ প্ৰতি আহি পৰিছে প্ৰশ্নবোধক।

তদুপৰি অক্টোবৰ ১৮ তাৰিখৰ পৰা ১৫ নৱেম্বৰ তাৰিখলৈকে হ'বলগীয়া টি-২০ বিশ্বকাপকলৈও আহি পৰিছে অনিশ্চয়তা। এই সন্দৰ্ভত বুধবাৰে আই চি চিয়ে এক আলোচনাত মিলিত হৈ চুড়ান্ত সিদ্ধান্ত ল'ব।

লগতে পঢ়ক : ক'ৰণাৰ বাবে অনুষ্টুপীয়াকৈ পালন বীৰ শ্বহীদ নিৰুদ শৰ্মাৰ প্ৰথম মৃত্যু তিথি