ETV Bharat / bharat

পাকিস্তানে অব্যাহত ৰখা যুদ্ধ ক্ৰীড়াক লৈ তীক্ষ্ণ দৃষ্টি ভাৰতৰ - যুদ্ধ বিমানভাৰতীয় বায়ু সেনা

পাক বায়ু সেনাই যুদ্ধ বিমানৰে অনুশীলন অব্যাহত ৰখাৰ লগতে নিশাৰ ভাগত চীনত নিৰ্মিত JF-17,F-16s আৰু Mirage-3sৰে কম্বেত এয়াৰক্ৰাফ্টৰ উৰণসহ বিভিন্ন কৌশল অব্যাহত ৰাখিছে। পাক সেনাৰ এই কাৰ্যত তীক্ষ্ণ দৃষ্টি ৰাখিছে ভাৰতীয় বায়ু সেনাই।

Pakistan Air Force
পাকিস্তানে অব্যাহত ৰখা যুদ্ধ ক্ৰীড়াক লৈ তীক্ষ্ণ দৃষ্টি ভাৰতৰ
author img

By

Published : Jun 10, 2020, 5:32 PM IST

নিউজ ডেস্ক, ১০ জুনঃ পাকিস্তানত অব্যাহত থকা বায়ু সেৱাৰ যুদ্ধ ক্ৰীড়া 'হাই মাৰ্ক'ক লৈ তীক্ষ্ণ দৃষ্টি ৰাখিছে ভাৰতে। এটা নিউজ এজেঞ্চিত প্ৰকাশিত বাতৰি অনুসৰি এই যুদ্ধ ক্ৰীড়া পাকিস্তানৰ আকাশমাৰ্গত আয়োজিত হৈছে । এই সন্দৰ্ভত পাকিস্তানৰ বায়ুসেনাই এখন জাননি জাৰী কৰিছে।

India keeping a close eye on ongoing Pakistan Air Force war games
পাকিস্তানে অব্যাহত ৰখা যুদ্ধ ক্ৰীড়াক লৈ তীক্ষ্ণ দৃষ্টি ভাৰতৰ

পাক বায়ু সেনাই বিমান আৰু যুদ্ধ বিমানৰে অনুশীলন অব্যাহত ৰখাৰ লগতে নিশাৰ ভাগত চীনত নিৰ্মিত JF-17, F-16s আৰু Mirage-3sৰে কম্বেত এয়াৰক্ৰাফ্টৰ উৰণসহ বিভিন্ন কৌশল অব্যাহত ৰাখিছে। সেয়েহে পাক সেনাৰ এই কাৰ্যত ভাৰতীয় বায়ু সেনাই তীক্ষ্ণ দৃষ্টি ৰাখিছে ।

প্ৰকাশিত বাতৰি অনুসৰি, বিগত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী মাহত ভাৰতীয় বায়ু সেনাই কৰা বালাকোট এয়াৰষ্ট্ৰাইকৰ দৰে পাকিস্তানী বায়ুসেনাও নিশাৰ ভাগত এই অনুশীলন অব্যাহত ৰাখিছে।

মঙলবাৰে নিশা পাক বায়ু সেনাই কাৰাচী চহৰৰ আকাশমাৰ্গত বিমানেৰে অনুশীলন কৰাৰ খবৰ লাভ কৰা গৈছে। বিগত মাহতো ভাৰতীয় বায়ু সেনা বাহিনীৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ বাবে পাকিস্তানে নিশাৰ ভাগত উৰণ কাৰ্য অব্যাহত ৰাখিছিল । জম্মু কাশ্মীৰৰ হাণ্ডোৱাৰাত হোৱা এক এনকাউণ্টাৰত এজন কৰ্ণেলৰ মৃ্ত্যুৰ পাছতে এই উৰণ অব্য়াহত ৰাখিছিল পাকিস্তানে।

লগতে চাওকঃ বৰ্ণ বিৰোধী প্ৰতিবাদত সৰৱ অক্সফ'ৰ্ডৰ অ'ৰিয়েল কলেজৰ ছাত্ৰ সমাজ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.