ETV Bharat / bharat

প্ৰতিৰক্ষা উদ্যোগ খণ্ডৰ বাবে ভাৰত-ইজৰাইলৰ মাজত স্থাপন সহকাৰী কৰ্মগোট - India, Israel establish sub working group on defence industrial cooperation

প্ৰতিৰক্ষা-উদ্যোগিক সহযোগিতাৰ বাবে ভাৰত আৰু ইজৰাইলে দুয়োখন দেশৰ মাজত স্থাপন কৰিলে এক সহকাৰী কৰ্মগোট ৷ এই গোটৰ মুল উদ্দেশ্য হ'ব প্ৰতিৰক্ষা খণ্ডৰ সৈতে জড়িত উদ্যোগিক প্ৰযুক্তি তথা সহ-উন্নয়ন আৰু সহ-উৎপাদন, কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাৱন আৰু সহকাৰী দেশসমূহলৈ ৰপ্তানি ৷

প্ৰতিৰক্ষা উদ্যোগ খণ্ডৰ বাবে ভাৰত-ইজৰাইলৰ মাজত স্থাপন সহকাৰী কৰ্মগোট
India, Israel establish sub working group on defence industrial cooperation
author img

By

Published : Sep 26, 2020, 3:50 AM IST

নিউজ ডেস্ক, 26 ছেপ্টেম্বৰ : ভাৰত আৰু ইজৰাইলৰ মাজৰ সামৰিক সম্পৰ্কত আৰু এখোজ উন্নতি ৷ শুকুৰবাৰে দুয়োখন দেশৰ মাজত স্থাপন কৰা হয় এক প্ৰতিৰক্ষা উদ্যোগিক সহকাৰী কৰ্মগোট ৷ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ শীৰ্ষ সূত্ৰই এই কথা প্ৰকাশ কৰিছে ৷

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিজ্ঞপ্তি অনুসৰি এই কৰ্মগোটে, "প্ৰতিৰক্ষা খণ্ডৰ সৈতে জড়িত উদ্যোগিক প্ৰযুক্তি তথা সহ-উন্নয়ন আৰু সহ-উৎপাদন, কৃত্ৰিম বুদ্ধিমত্তা, উদ্ভাৱন আৰু সহকাৰী দেশসমূহলৈ ৰপ্তানি ৷" আদি দিশত একেলগে কাম কৰিব ৷

বৃহস্পতিবাৰেই এক ৱেবিনাৰৰ জৰিয়তে এই গোটটো স্থাপন কৰা হৈছে বুলি প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ৷ এই ৱেবিনাৰত দুয়োখন দেশৰ প্ৰতিৰক্ষা সচিবৰ লগতে প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কেবাগৰাকীও শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰিছিল আৰু দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা-উদ্যোগিক প্ৰযুক্তি সন্দৰ্ভত উমৈহতীয়া সিদ্ধান্তত উপনীত হৈছিল ৷

এই ৱেবিনাৰতে দুয়োখন দেশৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ হয় ৷ এই চুক্তিত স্বাক্ষৰ কৰে ভাৰতৰ কল্যানী গ্ৰুপ আৰু ইজৰাইলৰ ৰাফেল এডভান্সড ডিফেন্স ছিষ্টেমে ৷

প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি, এইখন হৈছে ভাৰতৰ প্ৰতিৰক্ষা উদ্যোগ খণ্ডত ৰপ্তানি বৃদ্ধিৰ বাবে বন্ধুত্বপূৰ্ণ দেশসমূহৰ সৈতে সহযোগিতা বৃদ্ধিৰ বাবে হাতত লোৱা ৱেবিনাৰ শৃংখলৰ প্ৰথমখন ৱেবিনাৰ ৷ আগন্তুক পাঁচ বছৰৰ ভিতৰত এইদৰে ভাৰতে 5 বিলিয়ন আমেৰিকান ডলাৰৰ প্ৰতিৰক্ষা প্ৰযুক্তি ৰপ্তানিৰ লক্ষ্য বান্ধি লৈছে বুলিও প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰে ৷

লগতে পঢ়ক : মোদী আৰু ঝীৰ বৈঠকেহে অৱসান ঘটাব প্ৰকৃত নিয়ন্ত্ৰণৰেখাৰ বিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.