ETV Bharat / bharat

বাৰ্তালাপেৰে সমস্যা সমাধান নহ'লে ব্যৱহাৰ হ'ব "সামৰিক বিকল্প": বিপিন ৰাৱাট - লাডাখ LAC

ভাৰতীয় সেনা আৰু ৰাজনৈতিক স্তৰৰ বাৰ্তালাপেৰে ভাৰত-চীনৰ সীমা বিবাদৰ সমস্যা সমাধান নহ'লে "সামৰিক বিকল্প" সাজু বুলি মত প্ৰকাশ ভাৰতীয় সেনা প্ৰমুখ বিপিন ৰাৱাটৰ ৷ সোমবাৰে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এনেদৰে মন্তব্য কৰে ৰাৱাটে ৷

বিপিন ৰাৱাট
লাডাখ LAC বিবাদঃ বাৰ্তালাপেৰে সমস্যা সমাধান নহ'লে ব্যৱহাৰ হ'ব "সামৰিক বিকল্প"
author img

By

Published : Aug 24, 2020, 6:29 PM IST

নিউজ ডেস্ক, 24 আগষ্টঃ দীৰ্ঘদিন ধৰি লাডাখৰ LAC স্থিত ভাৰত-চীন মাজত হৈ অহা সীমা বিবাদকলৈ সোমবাৰে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে ভাৰতীয় সেনা বাহিনীৰ মুখ্য সেনাধক্ষ্য বিপিন ৰাৱাটে ৷ সীমা বিবাদকলৈ কোনো ধৰণৰ ব্যৱস্থা নাথাকিলে লাডাখত "সামৰিক বিকল্প"ৰ কথা চিন্তা কৰিব বুলি মত প্ৰকাশ কৰে সেনা প্ৰমুখ গৰাকীয়ে ৷

সোমবাৰে এটি সাক্ষাৎকাৰত ৰাৱাটে কয় যে, ভাৰত-চীনৰ মাজত চলি অহা সীমা বিবাদৰ সমস্যা সমাধান কৰিবলৈ ইতিমধ্যে সকলো স্তৰৰ কথাবাৰ্তা তথা আলোচনা কৰা হৈছে ৷ যদি এই সকলো বিফল হয় তেন্তে এই সমস্যা সমাধান কৰিবলৈ সেনা বাহিনী সকলো ফালৰ পৰা সাজু হৈ আছে ৷ চীনৰ সৈতে ভাৰতীয় সেনা আৰু ৰাজনৈতিক স্তৰৰ বাৰ্তালাপ বিফল হ'লে এই "সামৰিক বিকল্প" ব্যৱহাৰ কৰিব বুলি মত প্ৰকাশ কৰাৰ বিপৰীতে ভাৰত চৰকাৰে এই সমস্যা শান্তিপূৰ্ণ পদ্ধতিৰে সমাধান কৰিব বিচাৰে বুলিও মত প্ৰকাশ কৰে বিপিট ৰাৱাটে ৷

উল্লেখ্য যে, বিগত তিনি মাহৰ পৰা দুয়োটা পক্ষই সীমা বিবাদ সন্দৰ্ভত বাৰ্তালাপ কৰি আহিছে ৷ ইয়াৰ ভিতৰত লেফটেন্যান্ট জেনেৰেল স্তৰৰ আলোচনাও অন্তৰ্ভুক্ত ৷ কিন্তু বিষয় সন্দৰ্ভত বৰ্তমান পৰ্যন্ত কোনো সমাধান লাভ কৰা নাই ৷ আনহাতে, সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত ভাৰত-চীনৰ সীমা বিবাদ সন্দৰ্ভত মত প্ৰকাশ কৰা "সামৰিক বিকল্প"ৰ বিষয়ে অধিক তথ্য দিয়াৰ পৰা বিৰত থাকে সেনা প্ৰমুখ বিপিন ৰাৱাট ৷

লগতে পঢ়কঃবৰ্তমানেও সংজ্ঞাহীন অৱস্থাত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মূখাৰ্জী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.