ETV Bharat / bharat

ভাৰতৰ অৰ্থনীতিৰ মন্দাৱস্থাৰ মূল কাৰণ প্ৰধানমন্ত্ৰী মোদীৰ নীতি: ৰাহুল গান্ধী

author img

By

Published : Nov 12, 2020, 4:49 PM IST

বৰ্তমান দেশৰ অৰ্থব্যৱস্থাক সন্দৰ্ভত কেন্দ্ৰক লক্ষ্য কৰি আক্ৰমণাত্মক মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নীতিসমূহৰ বাবেই প্ৰথম বাৰৰ বাবে দেশৰ অৰ্থনীতি কোঙা হৈছে বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

ভাৰতৰ অৰ্থনীতিৰ মন্দাৱস্থাৰ মূল কাৰণ প্ৰধানমন্ত্ৰী মোদীৰ নীতি: ৰাহুল গান্ধী
ভাৰতৰ অৰ্থনীতিৰ মন্দাৱস্থাৰ মূল কাৰণ প্ৰধানমন্ত্ৰী মোদীৰ নীতি: ৰাহুল গান্ধী

নেশ্যনেল ডেস্ক, ১২ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ তীক্ষ্ণ বাক্য়বাণ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । বৃহস্পতিবাৰে দেশৰ অৰ্থব্যৱস্থাৰ বৰ্তমানৰ স্থিতি সন্দৰ্ভত মন্তব্য কৰিবলৈ গৈ তেওঁ কয় যে, প্ৰধানমন্ত্ৰীৰ নীতিসমূহৰ বাবে দেশৰ অৰ্থনীতিৰ পঁয়ালগা অৱস্থা হৈছে । প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে, 'ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অৰ্থব্যৱস্থা মন্দা হৈছে আৰু নৰেন্দ্ৰ মোদীৰ কামে ভাৰতৰ শক্তিক দুৰ্বল কৰিছে ।'

টুইটযোগে এই অভিযোগ উত্থাপন কৰে ৰাহুল গান্ধীয়ে । সংবাদ মাধ্য়মত প্ৰচাৰিত এক বাতৰিও শ্বেয়াৰ কৰে । বাতৰিটোত কোৱা মতে, ভাৰতীয় ৰিজাৰ্ভ বেংকে জনাইছে যে, জুলাই-ছেপ্টেম্বৰৰ ত্ৰিমাশিকত দেশৰ জিডিপি ৮.৬ শতাংশ নিম্মগামী হোৱাৰ সম্ভাৱনা আছে আৰু ই ভাৰতীয় অৰ্থব্যৱস্থা প্ৰথমবাৰৰ বাবে মন্দা হোৱাকে সূচাইছে । ৰাহুল গান্ধীয়ে কটাক্ষ কৰি কয় যে, ভাৰতৰ নাগৰিকে পূৰ্বে এনে পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হোৱা নাই। প্ৰধানমন্ত্ৰীৰ হঠকাৰী নীতিয়ে দেশক বিপৰ্যয়ৰ মাজলৈ ঠেলি দিছে ।

লগতে পঢ়ক: ডিচেম্বৰ মাহত প্ৰকাশ পাব চনু সুদৰ গ্ৰন্থ "I Am No Messiah"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.