ETV Bharat / bharat

মালাবাৰ অনুশীলনত অষ্ট্ৰেলিয়াৰ অংশগ্ৰহণত সন্মতি ভাৰতীয় নৌ-সেনাৰ - "Quad" ফৰ্মেশ্বন

ভাৰতীয় নৌ-সেনাই আমেৰিকা আৰু জাপানৰ নৌ-সেনাৰ সহযোগত অনুষ্ঠিত কৰি অহা বৃহৎ সাগৰীয় সামৰিক অনুশীলন মালাবাৰৰ বাবে অষ্ট্ৰেলিয়াৰ অংশগ্ৰহণত অনুমতি প্ৰদান কৰিছে ৷ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোৰে মুকলিলৈ সাগৰীয় যাত্ৰা সৰবৰাহ কৰিবৰ বাবে এই অনুশীলন অনুষ্ঠিত হৈ আহিছে ৷

মালাবাৰ অনুশীলনত অষ্ট্ৰেলিয়াৰ অংশগ্ৰহণত সন্মতি ভাৰতীয় নৌ-সেনাৰ

author img

By

Published : Jul 11, 2020, 1:03 PM IST

নিউজ ডেস্ক, 11 জুলাই : ভাৰত-আমেৰিকা-জাপানৰ সংযুক্ত সাগৰীয় যুদ্ধ্যাভ্যাস অনুশীলন Ex Malabarত অষ্ট্ৰেলিয়াৰ অংশগ্ৰহণক সন্মতি প্ৰদান কৰিছে ভাৰতীয় নৌ-সেনাই ৷ আগন্তুক বৰ্ষত অনুষ্ঠিত হ'বলগীয়া পৰৱৰ্তী মালাবাৰ যুদ্ধ্যাভ্যাসত চাৰিওখনে দেশে অংশগ্ৰহণ কৰাটো একপ্ৰকাৰে স্পষ্ট হৈ পৰিছে আৰু ভাৰতে অনুমতি প্ৰদান কৰিলেই মালাবাৰ যুদ্ধ্যাভ্যাস "Quad" অনুশীলনত পৰিণত হ'ব ৷

ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোৰ নিৰাপত্তা আৰু শান্তি তথা চীনৰ আগ্ৰাসন ৰোধ কৰাৰ বাবেই এইদৰে নৌ-সেনাৰ মালাবাৰ সামৰিক অনুশীলন অনুষ্ঠিত কৰি আহিছে ভাৰত-আমেৰিকা-জাপানে ৷ নৌ-সেনাৰ এক শীৰ্ষ সূত্ৰই উল্লেখ কৰা অনুসৰি, আগন্তুক মালাবাৰ অনুশীলনত অষ্ট্ৰেলিয়াৰ অংশগ্ৰহণ প্ৰায় নিৰ্ধাৰিত হৈ পৰিছে ৷ 2017 চনত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলটোত কোনো বাধা অবিহনে মুকলি পৰিৱহনৰ বাবে এই "Quad" ফৰ্মেশ্বনৰ প্ৰস্তাৱ উত্থাপন হৈছিল ৷

লগতে পঢ়কঃ স্থলসেনাত দায়িত্ব পালন কৰিবলৈ সাজু 23 গৰাকী নৱনিযুক্ত বিষয়া

ভাৰতে প্ৰথমৰ পৰাই এই অনুশীলনত ৰয়েল অষ্ট্ৰেলিয়ান নেভী (অষ্ট্ৰেলিয়াৰ নৌ-সেনা)ৰ অংশগ্ৰহণক সমৰ্থন কৰি আহিছিল ৷ এই সন্দৰ্ভত আগন্তুক এক-দুই সপ্তাহৰ ভিতৰতে ঘোষণা হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ভাৰতীয় নৌ-সেনাৰ শীৰ্ষ সূত্ৰই ৷ ইতিমধ্যে আমেৰিকা, জাপান আৰু ভাৰতীয় নৌ-সেনাৰ শীৰ্ষ সূত্ৰই এই সন্দৰ্ভত নিজৰ নিজৰ প্ৰস্তাৱসমূহ আলোচনা সম্পূৰ্ণ কৰিছে, এতিয়া কেৱল মাত্ৰ আনুষ্ঠানিক ঘোষণাহে বাকী আছে ৷

পূৱ লাডাখ আৰু দক্ষিণ চীন সাগৰত চীনা আগ্ৰাসনৰ বাবেই ভাৰতে মালাবাৰ অনুশীলনত অষ্ট্ৰেলিয়াৰ নৌ-সেনাক সংযোজন কৰাত ক্ষীপ্ৰতাৰে প্ৰস্তাৱ গ্ৰহণ কৰে ৷ অষ্ট্ৰেলিয়াৰ নৌ-সেনাই এই অনুশীলনত অংশগ্ৰহণ কৰিছে চাৰিওখন দেশৰ শক্তি আৰু অধিক সুদৃঢ় হৈ পৰাৰ লগতে পৰস্পৰৰ সামৰিক সম্পৰ্ক বান্ধোনো অধিক শক্তিশালী হৈ পৰিব ৷ ইতিমধ্যে এই অনুশীলনত অষ্ট্ৰেলিয়াৰ অংশগ্ৰহণক লৈ চীনে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৷

উল্লেখ্য যে, 1992 চনত প্ৰথমবাৰৰ বাবে দ্বিপাক্ষিকভাৱে ভাৰতীয় নৌ-সেনা আৰু আমেৰিকান নৌ-সেনাৰ মাজত এই অনুশীলন আৰম্ভ হৈছিল ৷ 2015 চনত এই অনুশীলনৰ অংশগ্ৰহণত জাপানক আনুষ্ঠানিকভাৱে সন্মতি দিয়া হৈছিল ৷ এনে অৱস্থাত অষ্ট্ৰেলিয়াৰ নৌ-সেনায়ো এই অনুশীলনত অংশগ্ৰহণৰ বাবে ইচ্ছা প্ৰকাশ কৰি আহিছিল ৷ এনে অৱস্থাত বিগত কিছুবৰ্ষত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ সামৰিক আৰু নিৰাপত্তা চুক্তিসমূহো অধিক শক্তিশালী হৈ উঠিছে, যাক লৈ চীন একপ্ৰকাৰ শংকিত হৈ পৰিছিল ৷

বিগত মাহত অষ্ট্ৰেলিয়া আৰু ভাৰতৰ মাজত এক সামৰিক চুক্তি সম্পন্ন হৈছিল ৷ দুয়োখন দেশৰ প্ৰধানমন্ত্ৰী ক্ৰমে, নৰেন্দ্ৰ মোডী আৰু স্কট মৰিছনৰ মাজত হোৱা অনলাইন সন্মিলনত সামৰিক বান্ধোনত এক মাইলৰ খুঁটিত উপনীত হোৱাৰ লগতে দুয়োখন দেশেই নিজৰ নিজৰ দেশত ইয়াৰ সামৰিক ঘাটি স্থাপনত প্ৰস্তাৱত সন্মতি প্ৰদান কৰে ৷ The Mutual Logistics Support Agreement (MLSA) নামে সম্পন্ন হোৱা এই চুক্তিৰ দ্বাৰা দুয়োখন দেশেই ইয়াৰ সামৰিক বাহিনীক নিজৰ নিজৰ সামৰিক ঘাটি দুয়োখন দেশত স্থাপন কৰাৰ লগতে ইয়াৰ মেৰামতি আৰু যোগান শৃংখলত অংশগ্ৰহণৰ অনুমতি প্ৰদান কৰে ৷

লগতে পঢ়কঃ অৰুণাচলত সংঘৰ্ষত লিপ্ত আছাম ৰাইফলছ আৰু এনএছচিএন (আইএম)

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.