ETV Bharat / bharat

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

author img

By

Published : Oct 4, 2020, 12:34 PM IST

ভাৰতত বৰ্তমানলৈ 65 লক্ষাধিক অতিক্ৰম কৰিলে COVID-19ত আক্ৰান্তৰ সংখ্যাই ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা অনুসৰি, বৰ্তমানলৈ দেশত 7,89,92,534 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷

ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 4 অক্টোবৰ: ভাৰতত COVID-19 আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 65 লক্ষাধিক ৷ অৱশ্যে 55 লক্ষাধিক লোকে ইতিমধ্যে এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰিছে ৷ উল্লেখ্য যে, দেশত এই মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা মুঠ আক্ৰান্তৰ সংখ্যাৰ 84.13 শতাংশ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি প্ৰদান কৰা হৈছে এই তথ্য ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

ভাৰতত COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা বিগত 24 ঘণ্টাত নতুনকৈ আক্ৰান্ত হোৱা 75,829 গৰাকী লোকৰ সৈতে মুঠ 65,49,373 গৰাকীলৈ বৃদ্ধি পালে ৷ ইয়াৰ বিপৰীতে বিগত 24 ঘণ্টাত 940 লোকৰ মৃত্যুক লগে লগে দেশত আক্ৰান্ত লোকৰ মৃত্যুৰ সংখ্যাও 1,01,782 গৰাকীলৈ বৃদ্ধি পালে ৷

দেশত আৰোগ্য লাভ কৰা লোকৰ সংখ্যা 55,09,966 গৰাকীলৈ বৃদ্ধি পায় ৷ আনহাতে বৰ্তমান দেশত 9,37,625 গৰাকী সক্ৰিয় আক্ৰান্ত লোক আছে ৷ অৱশ্যে মুঠ আক্ৰান্তৰ সংখ্যাৰ ভিতৰত ইয়াৰ পৰিমাণ 14.32 শতাংশ ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে উল্লেখ কৰা অনুসৰি, বৰ্তমানলৈ ভাৰতত 7,89,92,534 টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷ 3 অক্টোবৰৰ দিনটোত দেশত মুঠ 11,42,131 নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷

লগতে পঢ়ক: চৰকাৰী আঁচনি ভোট নহয় 'সকলোৰে বিকাশ'ৰ ওপৰত আধাৰিত : প্ৰধানমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.