ETV Bharat / bharat

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

author img

By

Published : Sep 2, 2020, 3:52 PM IST

সমগ্ৰ ভাৰত বৰ্ষতে কৰ'ণা আক্ৰান্তৰ সংখ্যা অতিক্ৰম কৰিলে মুঠ 37,69,523 গৰাকী লোকলৈ ৷ বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, এই পৰ্যন্ত দেশত এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে 66,333 গৰাকীলৈ ৷

ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

নেশ্যনেল ডেস্ক, 2 চেপ্তেম্বৰ: এটা দিনতে নতুনকৈ 78,357 কৰ'ণা ভাইৰাছ আক্ৰান্তৰ সৈতে ভাৰতবৰ্ষত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে 37 লাখৰ ঘৰ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়ৰ তথ্য অনুসৰি, ইতিমধ্যে 29 লাখ গৰাকী COVID-19 আক্ৰান্তই আৰোগ্য লাভ কৰিছে, যাৰ লগে লগে আৰোগ্য লাভ কৰা লোকৰ হাৰ হৈছে গৈ 76.98 শতাংশ ৷

পুৱা 8 বজাত প্ৰকাশিত তথ্য অনুসৰি বিগত 24 ঘন্টাত 1045 জন কৰ'ণা আক্ৰান্ত লোকে মৃত্যুক সাৱটি লৈছে আৰু মৃত্যুৰ সংখ্যাই 66,333 ৰ ঘৰ অতিক্ৰম কৰাৰ বিপৰীতে, ভাৰতবৰ্ষত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্তৰ সংখ্যা বৃদ্ধি পায় 37,69,523 গৰাকী লোকলৈ ৷

COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য
COVID-19: ভাৰতৰ ভিন্ন ৰাজ্যৰ শেহতীয়া তথ্য

তথ্য অনুসৰি মৃত্যুৰ হাৰ 1.76 শতাংশলৈ হ্ৰাস পাইছে আৰু এতিয়ালৈকে COVID-19 ত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ মুঠ সংখ্যা হৈছেগৈ 29,01,908 গৰাকী ৷ দেশত বৰ্তমান 8,01,282 গৰাকী সক্ৰিয় COVID-19 আক্ৰান্ত ৰোগী আছে ৷ এই কেইগৰাকী ৰোগী দেশত এতিয়ালৈকে আক্ৰান্ত হোৱা মুঠ সংখ্যাৰ 21.26 শতাংশ ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ মতে 1 চেপ্তেম্বৰলৈ ভাৰতত সৰ্বমুঠ 4,43,37,201 টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে, ইয়াৰ ভিতৰত মঙলবাৰে 10,12,367 টা পৰীক্ষা সম্পন্ন হয় ৷

লগতে পঢ়ক: চলন্ত বাছত মহিলাক ধৰ্ষণ:আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰিলে ৰাষ্ট্ৰীয় মহিলা আয়োগে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.