ETV Bharat / bharat

ভাৰতৰ ভিন্ন ৰাজ্যত কৰ’ণা ভাইৰাছৰ শেহতীয়া তথ্য - India Covid 19 tracker: State wise report etv bharat news

ভাৰতত কৰ’ণা আক্ৰান্তৰ সংখ্যাই প্ৰায় 70 লক্ষাধিকৰ সীমা স্পৰ্শ কৰাৰ দিশে আগবাঢ়িছে ৷ আইচিএমআৰৰ তথ্য অনুসৰি,শুকুৰবাৰৰ দিনটোলৈকে 11,64,018 নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে ৷

India Covid 19 tracker: State wise report etv bharat news
কৰ’ণা ভাইৰাছৰ শেহতীয়া তথ্য
author img

By

Published : Oct 10, 2020, 3:55 PM IST

হায়দৰাবাদ,10 অক্টোবৰ: কৰ’ণা আক্ৰান্ত দেশৰ তালিকাৰ দ্বিতীয় স্থানত থকা ভাৰতত আক্ৰান্তৰ সংখ্যাই 70 লক্ষাধিকৰ সীমা স্পৰ্শ কৰাৰ দিশে আগবাঢ়িছে ৷ সম্প্ৰতি দেশখনত আক্ৰান্তৰ সংখ্যা হৈছেগৈ 69,79,423 গৰাকী ৷ আক্ৰান্তৰ ভিতৰত 59,88,822 গৰাকীয়ে সুস্থ হৈ ঘৰলৈ উভতিছে বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ৷ সমগ্ৰ দেশত 73,272 গৰাকী লোক নতুনকৈ কৰ’ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ সম্প্ৰতি দেশখনত আৰোগ্যৰ হাৰ হৈছে 85.81 শতাংশ ৷

India Covid 19 tracker: State wise report etv bharat news
ভাৰতৰ ভিন্ন ৰাজ্যত কৰ’ণা ভাইৰাছৰ শেহতীয়া তথ্য

আনহাতে,কৰ’ণাত আক্ৰান্ত হৈ বৰ্তমানলৈকে মৃত্যুক সাৱটিছে 1,07,416 গৰাকী লোকে ৷ প্ৰায় 926 গৰাকী ব্যক্তিয়ে বিগত 24 ঘণ্টাৰ ভিতৰত ভাইৰাছবিধৰ দ্বাৰা আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱাৰ কথা জানিব পৰা গৈছে ৷ সম্প্ৰতি এই হাৰ হৈছে 1.54 শতাংশ ৷

ভাৰতীয় চিকিৎসা অনুসন্ধান পৰিষদৰ তথ্য অনুসৰি,শুকুৰবাৰৰ দিনটোলৈকে 8,57,98,698 গৰাকী ব্যক্তিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছে ৷ মুঠ সংগৃহিত নমুনাৰ ভিতৰত প্ৰায় 11,64,018 টা নমুনা শুকুৰবাৰে পৰীক্ষা কৰা হয় ৷

লগতে চাওকঃ নাৰী সুৰক্ষা বিষয়ক নতুন পৰামৰ্শাৱলী জাৰি কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.