ETV Bharat / bharat

আফগানিস্তানৰ পুনঃগঠন তথা উন্নয়নৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ : বিদেশ মন্ত্ৰণালয় - বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ

বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বল্খ প্ৰান্তৰ প্ৰাক্তন ৰাজ্যপাল আৰু বিদেশ সচিব হৰ্ষ বৰ্ধনৰ সৈতে এক আলোচনাত মিলিত হোৱাৰ পাচত বৃহস্পতিবাৰে আফগানিস্তানৰ পুনঃগঠন তথা উন্নয়নৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান ভাৰতৰ ৷

India committed to reconstruction and development of Afghanistan
আফগানিস্তানৰ পুনঃগঠন তথা উন্নয়নৰ বাবে ভাৰত প্ৰতিশ্ৰুতিবদ্ধ
author img

By

Published : Oct 23, 2020, 12:21 PM IST

নিউজ ডেস্ক,23 অক্টোবৰ : আফগানিস্তানৰ পুনঃগঠন তথা উন্নয়নৰ বাবে ভাৰতৰ প্ৰতিশ্ৰুতি প্ৰদান ৷ বৃহস্পতিবাৰে আফগান নেতা অতা মহম্মদ নুৰক এই কথা জনায় ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে ৷ উল্লেখ্য যে,বুধবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বল্খ প্ৰান্তৰ প্ৰাক্তন ৰাজ্যপাল আৰু বিদেশ সচিব হৰ্ষ বৰ্ধনৰ সৈতে এক আলোচনাত মিলিত হয় ৷

বৈদেশিক মন্ত্ৰণালয়ৰ প্ৰবক্তা অনুৰাগ শ্ৰীবাস্তৱে কয় যে,আফগানিস্তানত বৃদ্ধি পোৱা হিংসাত্মক ঘটনা আৰু শান্তি প্ৰক্ৰিয়া সন্দৰ্ভত বৈঠকত আলোচনা কৰা হয় ৷ বৈঠকযোগে ভাৰতে আফগানিস্তানৰ উন্নয়নৰ প্ৰতি দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি পুনঃব্যক্ত কৰে ৷

লগতে তেওঁ কয় যে,যুদ্ধৰ দশকক সমাপ্ত কৰাৰ হেতু তালিবান আৰু আফগান চৰকাৰে পোনপটীয়াকৈ বাৰ্তালাপ কৰিছে ৷ আফগানিস্তানৰ শান্তি আৰু স্থিৰতাৰ ক্ষেত্ৰত ভাৰতে এক মুখ্য সহায়ক হিচাপে কাম কৰি আহিছে ৷ সেয়েহে আফগানিস্তানৰ উন্নয়নত ভাৰতে 2 বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰিছে ৷

ফেব্ৰুৱাৰী মাহত আমেৰিকাই তালিবানৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ পাচত ভাৰতৰ বিকাশিত ৰাজনৈতিক পৰিস্থিতি গভীৰভাৱে অনুসৰণ কৰে ৷ ভাৰত-আফগানিস্তানত ৰাজনৈতিক দিশৰ সকলো শ্ৰেণীৰ পৰা এক সমৃদ্ধ আৰু সুৰক্ষিত ভৱিষ্যতৰ বাবে আৰু সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলৰ আশা-আকাঙ্খা পূৰণৰ হেতু একগোট গৈ কাম কৰাৰ আহ্বান জনোৱা হয় ৷

লগতে পঢ়ক : কৃষি সম্পৰ্কিত বিষয় আলোচনা কৰিবলৈ তেলেংগনাৰ মুখ্যমন্ত্ৰীৰ বৈঠক আহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.