নিউজ ডেস্ক, 8 আগষ্টঃ শনিবাৰে লাডাখৰ দৌলাত বেগ ওল্ডী অঞ্চলত অনুষ্ঠিত হ'ব ভাৰতীয় সেনা বাহিনীৰ বিষয়ববীয়া আৰু চীনৰ পিপুলছ লিবাৰেছন আৰ্মীৰ মেজৰ জেনেৰেল স্তৰ মাজত এখন বিশেষ বৈঠক ৷ এই বৈঠকত এলএচিৰ পৰা চীন পক্ষক অব্যাহতি দিয়া বিষয় সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি প্ৰকাশ কৰে এক বিশেষ সূত্ৰই ৷
লাডাখ অঞ্চলৰ এলএচিৰ পৰা চীনক উভতাই পঠিওৱা সন্দৰ্ভত আলোচনা কৰাৰ উপৰিও পূৰ্ব লাডাখত ভাৰত আৰু চীনৰ মাজত হোৱা সংঘৰ্ষত সৈন্যসকলক চত্ৰভংগ কৰাৰ লক্ষ্যৰে বিভিন্ন কূটনৈতিক আৰু সামৰিক আলোচনা কৰা হ'ব বুলিও প্ৰকাশ কৰে ভাৰতীয় সেনা বাহিনীৰ এক বিশেষ সূত্ৰই ৷ তাৰোপৰি বিগত 2 আগষ্টত দুয়োখন দেশৰ সেনা বাহিনীয়ে পঞ্চম পৰ্যায়ৰ ক্ৰপছ কমাণ্ডো স্তৰৰ আলোচনা অনুষ্ঠিত কৰে বুলিও উল্লেখ কৰে ৷
আলোচনাচক্ৰত ভাৰতীয় পক্ষই 5 মে'ৰ পূৰ্বে পূৰ্ব লাডাখৰ সকলো অঞ্চলত চীনৰ সৈন্য বাহিনীক শীঘ্ৰে সম্পূৰ্ণভাৱে নিষ্ক্ৰিয় কৰা তথা তাৎক্ষণিকভাৱে পূৰ্বৰ স্থিতিলৈ ঘূৰি অহা বিষয় সন্দৰ্ভত জোৰ দিয়া হৈছে বুলি সদৰি কৰে ৷