ETV Bharat / bharat

কৰ'ণাৰ সংকটকালত বিদেশী ছাত্ৰক নিজ দেশলৈ উভতাই নিবলৈ আহ্বান ভাৰতৰ

author img

By

Published : Sep 4, 2020, 1:08 PM IST

G20 ৰ বৈঠকত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বিদেশী ছাত্ৰ তথা নাবিক সকলক স্বদেশলৈ উভতাই নিয়া আৰু তেওঁলোকৰ সুৰক্ষাৰ ক্ষেত্ৰত থকা প্ৰট'কলৰ বিকাশ সাধন কৰাৰ এক প্ৰস্তাৱ আগবঢ়ায় ।

কৰ'ণাৰ সংকটকালত বিদেশী ছাত্ৰক নিজ দেশলৈ উভতাই নিবলৈ আহ্বান ভাৰতৰ
কৰ'ণাৰ সংকটকালত বিদেশী ছাত্ৰক নিজ দেশলৈ উভতাই নিবলৈ আহ্বান ভাৰতৰ

নেশ্যনেল ডেস্ক,৪ছেপ্টেম্বৰ: কৰ'ণাৰ সংকটকালত বিদেশী ছাত্ৰ আৰু নাবিক সকলৰ সুৰক্ষাক লৈ চিন্তিত হৈছে ভাৰত । বৃহস্পতিবাৰে G20 ৰ অন্তৰ্ভুক্ত বিভিন্ন দেশৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত বিদেশী ছাত্ৰ, নাবিক সকলক স্বদেশলৈ উভতাই নিয়াৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনালে ভাৰতে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে বিদেশী ছাত্ৰ, নাবিকক স্বদেশৰ সুৰক্ষাৰ ক্ষেত্ৰত থকা প্ৰট'কলৰ বিকাশ সাধন কৰাৰো প্ৰস্তাৱ আগবঢ়ায়, যাতে তেওঁলোকেও কোনো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ নিজ দেশলৈ উভতি যাব পাৰে ।

উল্লেখ্য় যে, চৌদি আৰৱে G20 ৰ এই বৈঠকৰ আহ্বান জনাইছিল । COVID-19 য়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিত সীমান্তত আন্ত:ৰাষ্ট্ৰীয় সহযোগ টনকিয়াল কৰাৰ বিষয়টোৰ ওপৰত বৈঠকত আলোচনা হয় ।

বৈঠকত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে সীমান্তৰে যাতায়াত সুচল কৰাত অধিক গুৰুত্ব আৰোপ কৰে । লগতে বিদেশী ছাত্ৰ আৰু নাবিকসকলক স্বদেশলৈ উভতি যোৱাত সহায় কৰিবলৈকো সকলোকে জনালে আহ্বান।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.