নেশ্যনেল ডেক্স, 17 আগষ্টঃ সমাজবাদী দলৰ প্ৰধান অখিলেশ যাদৱে দেওবাৰে বিজেপিক কটাক্ষ কৰি কৈছিল যে, ভগৱান বিষ্ণুৰ অৱতাৰ সকলোৰে বাবে কিন্তু বিজেপিয়ে ভগৱানক নিজৰ বুলিহে ভাৱে ৷ ইয়াৰ উপৰিও তেখেতে আৰু কয় যে," নৱৰাত্ৰি সমাগত ৷ এই সময়ছোৱাত আমি সকলোৱে দেৱীৰ 9 টা ৰূপক পূজা কৰো ৷ কিন্তু দেৱী দূৰ্গা কেৱল বিজেপিৰেই নেকি?"
প্ৰতাপগড়ত দুজনকৈ ব্ৰাহ্মণ তথা লখিমপুৰত এগৰাকী ছাত্ৰীৰ হত্যাক কেন্দ্ৰ কৰি উত্তৰ প্ৰদেশত সৃষ্টি হোৱা আইন শৃংখলাজনিত পৰিস্থিতিৰ বাবে শাসনাধীন ৰাজ্য চৰকাৰখনক সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ চৰকাৰখনে কৰ’ণা ভাইৰাছৰ সময়ছোৱাতো অপৰাধ ৰোধ কৰিবলৈ বিফল হোৱা বুলিও ক্ষোভ প্ৰকাশ কৰে যাদৱে ৷
দেওবাৰে নিজৰ এক টুইটত তেখেতে কয় যে, "ৰাজ্যখনৰ লখিমপুৰ খেৰীত, এগৰাকী কিশোৰীক ধৰ্ষণ কৰি নৃসংহভাৱে হত্যা কৰাৰ ঘটনাই সমগ্ৰ উত্তৰ প্ৰদেশকে জোকাৰি গৈছে ৷ বিজেপিৰ শাসনকালত উত্তৰ প্ৰদেশত নাৰীৰ ওপৰত অত্যাচাৰ আৰু অপৰাধৰ ঘটনা বৃদ্ধি পাইছে ৷ বিজেপি চৰকাৰখনে কিয় এই অপৰাধীসকলক ৰক্ষণাবেক্ষণ প্ৰদান কৰি আহিছে ? #NoMoreBJP,"
লগতে পঢ়ক-ডুমডুমাৰ টিপুকস্থিত ইটাভাটাৰ পুখুৰীত উদ্ধাৰ মৃতদেহ