ETV Bharat / bharat

ক'ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভাৰতৰ বহুস্তৰীয় অনলাইন সন্মিলন - আমেৰিকান ডলাৰ

ভাৰতবৰ্ষই প্ৰাৰম্ভিকতে ১০ হাজাৰ আমেৰিকান ডলাৰৰ বৰঙণি আগবঢ়াই এক পেণ্ডেমিক পুঁজি গঠন কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। তদুপৰি মালদ্বীপ আৰু ইৰানৰ পৰা সহায়ৰ বাবে অনুৰোধ লাভ কৰাৰ পাছতো তাৎক্ষণিকভাৱে স্বাস্থ্য কৰ্মীৰ দল প্ৰেৰণ কৰে ।

ক'ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে ভাৰতৰ বহুস্তৰীয় অনলাইন সন্মিলন

author img

By

Published : Mar 20, 2020, 7:08 PM IST

Updated : Mar 20, 2020, 8:26 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছাৰ্কৰ সদস্য ৰাষ্ট্ৰৰ নেতাসকলৰ ঘটে জি ৭ ৰ নেতাসকলৰ সৈতে ভিডিঅ' কনফাৰেন্স কৰাৰ লাচিত ভাৰতৰ এই বহুস্তৰীয় প্ৰচেষ্টা অব্যাহত আছে। আমেৰিকাৰ ডেপুটি চেক্ৰেটাৰী অৱ ষ্টেট ষ্টিফেন বিগানে কৰা এক টেলিফোনিক কনফাৰেন্সত আজি বৈদেশিক সচিব হৰ্ষ শৃংলাই অংশগ্ৰহণ কৰে । আমেৰিকাৰ নেতৃত্বত হোৱা এই অডিও কনফাৰেন্সত অষ্ট্ৰেলিয়া,কোৰিয়া,ভিয়েটনাম,নিউজিলেণ্ড,জাপান আৰু ভাৰতৰ জ্যেষ্ঠ বিষয়াই ক'ভিড-১৯ নিয়ন্ত্ৰণ কৰাৰ বিষয়ে আলোচনা কৰে। এই আলোচনাত বৰ্তমান ক'ভিড-১৯ সৃষ্ট পৰিস্থিতিৰ পৰ্যালোচনা আৰু ই যাতে বিয়পি নপৰে তাৰ বাবে গোলকীয় আৰু স্থানীয় প্ৰচেষ্টাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ।

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতত আৰু দক্ষিণ এছিয়াত ভাৰতে গ্ৰহণ কৰা সক্ৰিয় ভূমিকাৰ বিষয়ে বৈদেশিক সচিব শৃংলাই সবিশেষ সদৰী কৰে। আন দেশসমূহক ভাৰতবৰ্ষই নিয়মীয়াকৈ নিজৰ দৃষ্টিভংগী জনাব আৰু এই প্ৰত্যহ্বান নিয়ন্ত্ৰণ কৰাৰ বাবে একেলগে কাম কৰাৰ ভাৰতবৰ্ষৰ ইচ্ছাৰ বিলহয়ে তেওঁ প্ৰকাশ কৰে ।” বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ফালৰ পৰা জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত এনেদৰে কোৱা হৈছে । এই টেলি কনফাৰেন্সত সাপ্তাহিক ভিত্তিত প্ৰতিষেধক উদ্ভাৱন,আবদ্ধ হৈ নাগৰিকৰ সমস্যা, প্ৰয়োজনত দেশসমূহক সহায় কৰা,বিশ্ব অৰ্থনীতিত পৰা প্ৰভাৱসমূহ নিয়ন্ত্ৰণ কৰে আদি বিষয়ত অনুষ্ঠিত হ'ব। এই বিষয়ত চীনৰ নেতৃত্বত ভাৰতৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়েও আজি কনফাৰেন্স কলত ভাগ লৈছে। চীনে এই সপ্তাহত কৰ'ণা ভাইৰাছৰ অভিকেন্দ্ৰ ইউহানত নতুনকৈ এজনেই কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা নাই বুলি কৰা ঘোষণাই বিশ্বজুৰি আশা আৰু সন্দেহ দুয়োটাৰে সৃষ্টি কৰিছে। ভাৰতীয় দূতাবাসৰ লগতে বৈদেশিক সচিব শৃংলাও ১৫ মাৰ্চৰ ভিডিঅ' কনফাৰেন্সত গ্ৰহণ কৰা প্ৰস্তাৱবোৰ ৰূপায়িত কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। দক্ষিণ এছিয়াৰ দেশসমূহৰ সকলো চৰকাৰৰ মুৰব্বী বা ৰাষ্ট্ৰ প্ৰধানে এই কনফাৰেন্সত অংশগ্ৰহণ কৰিছিল । কেৱল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ প্ৰতিনিধি হিচাপে কনিষ্ঠ স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ভাগ লয়। ভাৰতবৰ্ষই প্ৰাৰম্ভিকতে ১০ হাজাৰ আমেৰিকান ডলাৰৰ বৰঙণি আগবঢ়াই এক পেণ্ডেমিক পুঁজি গঠন কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। তদুপৰি মালদ্বীপ আৰু ইৰানৰ পৰা সহায়ৰ বাবে অনুৰোধ লাভ কৰাৰ পাছতো তাৎক্ষণিকভাৱে স্বাস্থ্য কৰ্মীৰ দল প্ৰেৰণ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছৌদি আৰৱৰ ৰজা মহম্মদ বিন ছলমানক ১৭ মাৰ্চত ফোন কৰে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ জি-২০ ৰ অনুৰূপ ভাৰ্চুৱেল সন্মিলনৰ বাবে পৰামৰ্শ আগবঢ়ায় ।

Saudi Arabia is the current বৰ্তমানৰ জি-২০ সন্মিলন আয়োজন কৰাৰ দায়িত্বত আছে ছৌদি আৰৱ আৰু ভাৰতে ২০২২ চনত এই সন্মিলন আয়োজন কৰাৰ আশা আছে।

“আন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ লগতে প্ৰয়োজনত জি২০ এ এই মহামাৰীৰ প্ৰভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে কাম কৰিব। জনসাধাৰণক ৰক্ষা কৰিবলৈ আৰু বিশ্ব অৰ্থনীতিক সুৰক্ষা প্ৰদৰ্শন কৰিবলৈ জি-২০ৰ নেতাসকলে সন্মিলিত প্ৰচেষ্টা চলাব।” ৰিয়াধৰ পৰা প্ৰকাশ কৰা এক আনুষ্ঠানিক বিজ্ঞপ্তিত এনেদৰে উল্লেখ কৰা হৈছে । “প্ৰয়োজন হোৱা কাৰ্যাৱলীৰ বাবে বিত্ত মন্ত্ৰী,কেন্দ্ৰীয় বেংকৰ গৱৰ্নৰ,জ্যেষ্ঠ স্বাস্থ্য,বাণিজ্য আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিষয়াসকলকলৈ জি-২০ৰ অব্যাহত থকা প্ৰচেষ্টাৰ বাবে সন্মিলনে কাম কৰিব।” এই সংকটৰ ফলত মানুহ আৰু অৰ্থনীতিৰ ওপৰত বিশ্বজুৰি পৰা প্ৰভাৱ সম্পৰ্কে দুই-এদিনতে হ'বলগীয়া সভাখনৰ বিষয়ে বিবৃতিটোত এনেদৰে প্ৰকাশ কৰা হয় ।

লেখক-স্মিতা শৰ্মা

লগতে চাওকঃ কৰ’ণা আতংকঃ পিছুওৱা নহয় বিধানসভাৰ বাজেট অধিৱেশন

Last Updated : Mar 20, 2020, 8:26 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.