ETV Bharat / bharat

‘কাভকাজ 20’ত অংশগ্ৰহণ নকৰাৰ আকস্মিক সিদ্ধান্ত ভাৰতৰ

ছেপ্তেম্বৰ 15ৰ পৰা 27 তাৰিখলৈ ৰাছিয়াৰ অস্ত্ৰাখান অঞ্চলত ভাৰতীয় সৈন্যই চীন আৰু পাকিস্তানী সৈন্যৰ সৈতে একেলগে অন্যান্য যুদ্ধ প্ৰশিক্ষণৰ লগতে এটি নকল সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হোৱা প্ৰত্যক্ষ কৰা গ’লহেতেন ৷

in abrupt move, india pulls out from kavkas 20
‘কাভকাজ 20’ত অংশগ্ৰহণ নকৰাৰ আকস্মিক সিদ্ধান্ত ভাৰতৰ
author img

By

Published : Aug 31, 2020, 1:07 PM IST

বিগত কেইবামাহ ধৰি পূৱ লাডাখ আৰু উত্তৰ ছিক্কিমত ভাৰত অৰু চীনৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিততে ভাৰতে ‘কাভকাজ 20’ত অংশগ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ‘কভকাজ 20’ হ’ল ৰাছিয়ান সামৰিক বাহিনীৰ দ্বাৰা পৰিচালিত এক বহুপাক্ষিক ত্ৰি-পৰিসেৱা অনুশীলন য’ত চীন আৰু পাকিস্তানেও অংশগ্ৰহণ কৰিব ৷

উল্লেখ্য যে, ছেপ্তেম্বৰ 15ৰ পৰা 27 তাৰিখলৈ ৰাছিয়াৰ অস্ত্ৰাখান অঞ্চলত ভাৰতীয় সৈন্যই চীন আৰু পাকিস্তানী সৈন্যৰ সৈতে একেলগে অন্যান্য যুদ্ধ প্ৰশিক্ষণৰ লগতে এটি নকল সন্ত্ৰাসবাদী আক্ৰমণৰ সন্মুখীন হোৱা প্ৰত্যক্ষ কৰা গ’লহেতেন ৷

ভাৰতবৰ্ষই কোভিড 19 আৰু চীন ভাৰত সংঘাতৰ বাবে ‘কাভকাজ 20’ৰ বাবে ৰাছিয়ালৈ নিজৰ দল প্ৰেৰণ নকৰে বুলি এক জ্যেষ্ঠ সামৰিক সূত্ৰই প্ৰকাশ কৰে ৷

ভাৰতৰ এই সিদ্ধান্তই দুয়োটা বিশাল এছিয়ান শক্তিৰ মাজত মধ্যস্থতাকাৰী প্ৰচেষ্টাক বিফল কৰিব কাৰণ তেঁওলোকৰ যৌথ অংশগ্ৰহণে ৰাছিয়াৰ ভূ-ৰাজনৈতিক কৌশলৰ সামৰ্থৰেখাসমূহ আৰু অধিক মজবুত কৰাৰ সম্ভাৱনা আছিল ৷

ইয়াৰ পূৰ্বে ভাৰত আৰু চীন উভয়ে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ মধ্যস্থতাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল ৷

ভাৰতৰ কাভাকাজ-20ত অংশগ্ৰহণে চীন বিৰোধী শক্তিসমূহৰ দলৰ ভিতৰত আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ মাজত আন এক নামত পৰিণত হ’লহেতেন ৷ আনহাতে, ভাৰতৰ এই সিদ্ধান্ত আগন্তুক কেইটামান মাহৰ ভিতৰতে অনুষ্ঠিত হ’বলগীয়া ‘মালাবাৰ অনুশীলন’ৰ দ্বাৰা অনুকৰণ কৰা হ’ব ৷ ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অষ্ট্ৰেলিয়াই ইতিমধ্যে ‘মালাবাৰ অনুশীলন’ত অংশগ্ৰহণ কৰিছে আৰু জাপানক ইচ্ছাকৃতভাৱেই নতুন দিল্লীয়ে আমন্ত্ৰণ কৰিছে ৷

ভাৰত আৰু চীন উভয়েই সম্প্ৰতি সামৰিক উপকৰণসমূহ আৰু বায়ু সেনাৰ অস্ত্ৰসমূহৰ উপৰিও সীমান্তত মোতায়ন কৰা প্ৰায় 1 লাখ সৈন্যক একত্ৰিত কৰাৰ প্ৰচেষ্ট অব্যাহত ৰাখিছে আৰু প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ গভীৰ অঞ্চলসমূহত মুখামুখী সংঘৰ্ষত লিপ্ত হৈ আছে ৷ দুয়ো দেশৰে মাজত দুয়ো দেশৰে মাজত কোৰ্পছ কামাণ্ডাৰ স্তৰৰ এক বৈঠক অনুষ্ঠিত হ’ব বুলি আশা কৰা হৈছে ৷ভাৰতৰ পৰা ডোগৰা ৰেজিমেন্টৰ প্ৰায় 180 গৰাকী সৈন্য কাভাকাজ 20ৰ বাবে প্ৰস্তুত হৈ আছিল

৷ আনহাতে, ‘কাভাকাজ-20’ কেৱল প্ৰায় 13,000 সৈন্যই অংশ লোৱা এক সু-সম্পৰ্কিত বিষয় বুলি আশা কৰা হৈছে ৷ বিগত বৰ্ষত প্ৰায় 1,28,000 সৈন্য 20,000 নৈন্য দল, 600 বিমান আৰু 15 খন জাহাজে ‘Tsentr-2019’ত অংশগ্ৰহণ কৰিছিল ৷

ৰাছিয়াৰ প্ৰতি চাৰি বছৰে চাৰিটাকৈ প্ৰমুখ অভ্যাস কৰে ৷ এবছৰত এটা অনুশীলনৰ ভিত্তিত সামৰিক জিলাসমূহৰ অনুৰূপ এক ভোস্তক(পূৱ),জাপাদ(পশ্চিম), ছেন্টাৰ(কেন্দ্ৰ) আৰু কাভাকাজ(দক্ষিণ) ৷ ইয়াৰ আগত ‘কাভাকাজ’ 2012 আৰু 2016ত অনুস্থিত কৰা হৈছিল ৷

~সঞ্জীৱ কুমাৰ বৰুৱা, নতুন দিল্লী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.