ETV Bharat / bharat

এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত শোক প্ৰকাশ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ - আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহন সংস্থা

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ IX-1344ৰ দুৰ্ঘটনাত শোক প্ৰকাশ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ৷ দুগৰাকী পাইলটসহ 18 গৰাকীয়ে মৃত্যুক সাৱটি লৈছে এই দুৰ্ঘটনাত ৷

Imran Khan expresses grief over Air India Express tragedy
এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাত শোক প্ৰকাশ পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ
author img

By

Published : Aug 8, 2020, 5:20 AM IST

Updated : Aug 8, 2020, 12:08 PM IST

নিউজ ডেস্ক, 8 আগষ্ট : কেৰালাৰ কোঝিকোডেৰ কাৰিপুৰ বিমান বন্দৰত সংঘটিত বিমান দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে ৷ টুইটাৰযোগে ইমৰাণ খানে শোক প্ৰকাশ কৰি কয় যে,আল্লাই দুৰ্ভগীয়া পৰিয়ালকেইটাক শক্তি আৰু সাহস দিয়ক ৷

  • Saddened to learn of the Air India plane crash in Kerala state leading to loss of innocent lives. May Allah give strength to the bereaved families in their difficult hour.

    — Imran Khan (@ImranKhanPTI) August 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ডুবাইৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ এখন বিমান শুকুৰবাৰে সন্ধিয়া 7.41 বজাত দুৰ্ঘটনাত পতিত হয় কাৰিপুৰত ৷ বিমানখনত থকা 190 গৰাকী যাত্ৰীৰ ভিতৰত 18 গৰাকীয়ে ইতিমধ্যে মৃত্যুক আঁকোৱালি লৈছে ৷ ইয়াৰ মাজত আছে দুজন পাইলট ৷

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ IX-1344 বিমানখনে বন্দে ভাৰত অভিযানৰ অংশ হিচাপে ডুবাইৰ পৰা 190 গৰাকী যাত্ৰী লৈ উৰা মাৰিছিল ভাৰতলৈ ৷ কিন্তু কোঝিকোডেৰ কাৰিপুৰ বিমান বন্দৰত অৱতৰণৰ সময়তে দুৰ্ঘটনাত পতিত হয় বিমানখন ৷ কেৰালাৰ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা অনুসৰি ঘটনাস্থলী উদ্ধাৰ অভিযান চলাই আছে উদ্ধাৰকাৰী দলে ৷ আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহন সংস্থা(IATA) কৰ্তৃপক্ষইও এই বিমান দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক : কেৰালা বিমান দুৰ্ঘটনা : প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিৰ লগতে বিভিন্ন জনৰ শোক প্ৰকাশ

Last Updated : Aug 8, 2020, 12:08 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.