1. আজি উত্তৰাখণ্ডত 6 টাকৈ মেগা প্ৰকল্প উদ্বোধনী কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে
আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰাখণ্ডত নমামী গংগে মিছনৰ অধীনত ছয়টাকৈ মেগা প্ৰকল্প উদ্বোধনী কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷
2. মেহবুবা মুফ্টিৰ মুক্তি সন্দৰ্ভত আজি আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
মঙলবাৰে উচ্চতম ন্যায়ালয়ে কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফ্টীৰ মুক্তি সন্দৰ্ভত কৰা আবেদনৰ শুনানি গ্ৰহণ কৰিব৷ এই আবেদন দাখিল কৰিছিল মুফ্টীৰ কন্যা ইলতিজা মুফ্টীয়ে ৷
3. আজিৰ পৰা আৰম্ভ হ'ব উড়িশা বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন
আজিৰ পৰা উড়িশা বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ'ব ৷ 7 অক্টোবৰত অন্ত পৰিবলগা এই বৰ্ষাকালীন অধিৱেশনত 16 খনকৈ বিধেয়ক উত্থাপন কৰা হ'ব ৷
4. 2G গোচৰ : আজি দিল্লী উচ্চ ন্যায়ালয়ত আবেদনৰ শুনানিৰ ৰায়দান
2G গোচৰ সন্দৰ্ভত ইডি(ED) আৰু CBI(চিবিআই) য়ে ক্ষিপ্ৰতাৰে শুনানি গ্ৰহণৰ আবেদনৰ আজি ৰায়দান কৰিব ৷