1. প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত প্ৰতিমূৰ্তি উন্মোচন কৰিব দেশৰ ৰাষ্ট্ৰপতিয়ে
দেশৰ ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেীৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীত উন্মোচন কৰিব তেওঁৰ প্ৰতিমূৰ্তি ৷ আজি নতুন দিল্লীস্থিত আজাদ ভৱনৰ ICCR ত প্ৰতিমূৰ্তিটো উন্মোচন কৰা হ'ব ৷

2. জম্মু-কাশ্মীৰ : আজি পৰীক্ষণমূলক ভাৱে বাতিল কৰা হ'ব 4G ৰ প্ৰতিবন্ধকতা
জম্মু আৰু কাশ্মীৰৰ এখনকৈ জিলাত আজিৰ পৰা 4G ইন্টাৰনেট সেৱাৰ প্ৰতিবন্ধকতা বাতিল কৰা হ'ব ৷ কেন্দ্ৰই উচ্চতম ন্যায়ালয়ক জনাই যে জম্মু-কাশ্মীৰৰ পৰা পৰীক্ষণমূলকভাৱে কিছু অঞ্চলৰ পৰা 4G প্ৰতিবন্ধকতা বাতিল কৰা হ'ব ৷

3. আজিৰ পৰা আৰম্ভ হ'ব মাতা বৈষ্ণু দেৱী যাত্ৰা
আজিৰ পৰা আৰম্ভ হ'ব মাতা বৈষ্ণু দেৱী যাত্ৰা ৷ প্ৰথম সপ্তাহত 2,000 তীৰ্থযাত্ৰীক যাত্ৰাৰ বাবে শ্ৰাইন ব'ৰ্ডে অনুমতি প্ৰদান কৰিছে ৷

4. আজিৰ পৰা ধাৰ্মিক স্থানসমূহ মুকলি হ'ব জম্মু-কাশ্মীৰত
জম্মু আৰু কাশ্মীৰ চৰকাৰে আজিৰ পৰা মুকলি কৰিব ধাৰ্মিক স্থানসমূহ ৷ ক'ভিড-19 ৰ বাবে মাৰ্চৰ পৰা বন্ধ হৈ আছিল ধাৰ্মিক স্থানসমূহ ৷
