ETV Bharat / bharat

উত্তৰাখণ্ডত এচিড আক্ৰমণৰ বলি পীড়িতাৰ সহায়ৰ আহ্বান

author img

By

Published : Oct 24, 2020, 12:41 PM IST

উত্তৰাখণ্ডৰ দেহৰাডুনৰ এচিড আক্ৰমণৰ বলি হোৱা পীড়িতাৰ দুৰ্দশা ৷ ৰাজ্য চৰকাৰে চাকৰি দিয়াৰ ৭ মাহৰ পিছতে দুৰ্ভগীয়া মহিলাগৰাকীক চাকৰিৰ পৰা বৰ্খাস্ত কৰে ৷ ৭ মাহৰ ভিতৰত মাত্ৰ দুমাহৰ দৰমহাহে প্ৰদান কৰা হৈছিল মহিলাগৰাকীক ৷ এতিয়াও ৫ মাহৰ দৰমহা পাবলৈ বাকী ৷ চৰকাৰক অনুৰোধ জনায়ো নিৰাশ হৈছে মহিলাগৰাকী ৷ চলিত বৰ্ষৰ আৰম্ভণিতে ৰাজ্য চৰকাৰে চাকৰিত নিযুক্তি দিছিল ৷

উত্তৰাখণ্ডত এচিড আক্ৰমণৰ বলি পীড়িতাৰ সহায়ৰ আহ্বান
উত্তৰাখণ্ডত এচিড আক্ৰমণৰ বলি পীড়িতাৰ সহায়ৰ আহ্বান

নেশ্যনেল ডেস্ক, ২৪ অক্টোবৰ: কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এচিড আক্ৰমণৰ বলি হোৱা পীড়িতাক বহু প্ৰতিশ্ৰুতি দিয়ে যদিও প্ৰকৃততে ইয়াৰ বিপৰীত ছবিহে পৰিলক্ষিত হয় ৷ চৰকাৰৰ অৱহেলাৰ বাবে বছৰ বছৰ ধৰি নিৰ্যাতিতা মহিলাই হাৰাশাস্তি ভূগিবলগীয়া হয় ৷ উত্তৰাখণ্ডৰ দেহৰাদুনৰ এচিড আক্ৰমণৰ বলি হোৱা দেৰাদুনৰ বহ্মপুৰীৰ বাসিন্দা ৰেখা নামৰ এগৰাকী মহিলাক চলিত বৰ্ষৰ আৰম্ভণিতে ৰাজ্য চৰকাৰে চাকৰিত নিযুক্তি দিছিল ৷

কিন্তু এতিয়া মহিলাগৰাকীয়ে কাম কৰাতো দূৰৰে কথা, বিভাগীয় মন্ত্ৰীক সাক্ষাৎ কৰিবলৈও হাবাথুৰি খাবলগীয়া হৈছে ৷ উত্তৰাখণ্ডৰ শিশু কল্যাণ আৰু মহিলা সৱলীকৰণ মন্ত্ৰীয়ে আউটছ'ৰছিঙৰ মাধ্যমেৰে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ শেষৰফালে মহিলা সৱলীকৰণ বিভাগত মহিলাগৰাকীক নিযুক্তি দিছিল ৷ পিছে, ৭ মাহৰ পিছতে তেওঁক বৰ্খাস্ত কৰা হয়। ই টি ভি ভাৰতৰে হোৱা এক সাক্ষাৎকাৰত এচিড আক্ৰমণৰ বলি হোৱা ৰেখাই কয় যে, তেওঁ ৩০ জানুৱাৰীত নিযুক্তি লাভ কৰিছিল ৷ অৱশ্যে, তেওঁ জনা নাছিল যে, ৰাজ্য চৰকাৰে তেওঁক দিয়া চাকৰি আউটছ'ৰছিঙৰ মাধ্যমেৰে দিয়া হৈছে ৷

মাত্ৰ প্ৰথম দুমাহৰ দৰমহা ৰেখাক দিয়া হৈছিল ৷ তাৰ পিছত ১৫ ছেপ্টেম্বৰ পৰ্যন্ত কাম কৰাৰ পিছতো ৰেখাক দৰমহা দিয়া হোৱা নাছিল ৷ পুত্ৰৰ সৈতে এটা সৰু কোঠা ভাড়াত লৈ থকা ৰেখাই কয় যে, বাঢ়ি অহা খৰচৰ বাবে ভাড়া আৰু পুত্ৰৰ ৩ মাহৰ বিদ্যালয়ৰ মাচুল দিব পৰা নাই ৷ ৰাজ্য চৰকাৰে এচিড আক্ৰমণৰ বলি হোৱা পীড়িতাক চাকৰি আৰু আৰ্থিকভাৱে সহায় কৰাৰ আশ্বাস দিয়ে যদিও নিযুক্তিৰ ৭ মাহৰ পিছত বৰ্খাস্ত কৰাতো এক প্ৰকাৰ অন্যায় বুলি ক্ষোভ উজাৰে ৰেখাই ৷

উত্তৰাখণ্ডৰ শিশু কল্যাণ আৰু মহিলা সৱলীকৰণ মন্ত্ৰীগৰাকীয়ে সহায়ৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে যদিও এতিয়ালৈকে ৰেখা যোগাযোগ কৰা নাই ৷ ইটিভি ভাৰতৰ মাধ্যমেৰে ৰেখাই মন্ত্ৰীগৰাকীৰ ওচৰত সহায়ৰ আহ্বান জনাইছে ৷ উচ্চতম ন্যায়লয়ে এচিড আক্ৰমণৰ বলি হোৱা পীড়িতাক সহায় কৰাৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনা ত্ৰিবেন্দ্ৰ ৰাৱত নেতৃত্বাধীন উত্তৰাখণ্ড চৰকাৰে মানি লৈছিল, যদিও এতিয়াও ৰাজ্যখনৰ পীড়িতাই হাৰাশাস্তি ভূগিবলগীয়া হৈছে ৷

লগতে পঢ়ক:পৰম বীৰ চক্ৰ চুবেদাৰ যোগীন্দৰ সিঙৰ নামত উচৰ্গিত যুদ্ধ স্মাৰক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.