ETV Bharat / bharat

'বীৰ চক্ৰ'ৰ বাবে অভিনন্দনৰ নাম প্ৰস্তাৱ - etv bharat assam

বিশ্বৰ একমাত্ৰ "ফাইটাৰ পাইলট F-16" যুদ্ধবিমান ধ্বংস কৰাৰ কৃতিত্বৰ দাবীদাৰ অভিনন্দনক বীৰ চক্ৰৰে সন্মানিত কৰাৰ প্ৰস্তাৱ

'বীৰ চক্ৰ'ৰ বাবে অভিনন্দনৰ নাম প্ৰস্তাৱ
author img

By

Published : Apr 21, 2019, 7:54 PM IST

দিল্লী, 21 এপ্ৰিলঃ বীৰ চক্ৰ সন্মানৰ বাবে উইং কামাণ্ডাৰ অভিনন্দনৰ নাম প্ৰস্তাৱ কৰিলে ভাৰতীয় বায়ু সেনাই । যুদ্ধকালীন পৰিস্থিতিত পাক সেনাৰ যুঁজাৰু বিমান ভূপতিত কৰি অসীম সাহসিকতা প্ৰদৰ্শনৰ বাবে অভিনন্দনৰ নাম প্ৰস্তাৱ কৰে ভাৰতীয় বায়ু সেনাই ।

ভাৰতীয় বায়ু সেনাত অভিলেখ সৃষ্টিকাৰী যুঁজাৰু বৈমানিক অভিনন্দন বৰ্থমানে শীঘ্ৰেই নিজৰ কৰ্তব্যত যোগদান কৰিব । বৰ্তমান বেংগালুৰুস্থিত বায়ু সেনাৰ ইনষ্টিটিউট অৱ এৰোস্পেছ মেডিচিনত চিকিৎসাধীন হৈ থকা বায়ু সেনাৰ পাইলটগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰাৰম্ভিক পৰ্যায় শেষ হোৱাৰ পিচতেই কৰ্তব্যত যোগদান কৰিব বুলি প্ৰকাশ কৰে বায়ু সেনাৰ এক শীৰ্ষ সূত্ৰই ৷

আনহাতে, মে' মাহত নিজৰ স্কোৱাড্ৰণত যোগদান কৰিব পাইলট অভিনন্দনে ৷ বায়ু সেনাৰ ইনষ্টিটিউট অৱ এৰোস্পেছ মেডিচিনৰ পৰা সম্পূৰ্ণ সন্মতি নোপোৱালৈকে লঘু গ্ৰাউণ্ডত কৰ্তব্য পালন কৰিব লাগিব অভিনন্দনে ৷ আগন্তুক মে' মাহৰ ভিতৰত অভিনন্দনে নিজৰ স্বাস্থ্যসন্মত প্ৰমাণ-পত্ৰ লাভ কৰাৰ পাচতে পুনৰ জি-চ্যুটত দেখা পোৱা যাব বীৰ বায়ু সেনা পাইলট অভিনন্দনক ৷

IAF Recommends Vir Chakra For Abhinandan Varthaman For Shooting Down F-16

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.