নতুন দিল্লী, ৪ মাৰ্চঃ পাকিস্তানৰ পৰা স্বগৃহলৈ বীৰদৰ্পে উভতি অহা ৰ উইং কামাণ্ডাৰ অভিনন্দনে শীঘ্ৰে নিজৰ কৰ্মস্থলীলৈ উভতাৰ বাবে উদগ্ৰীব হৈ পৰিছে। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ সময়তে তেওঁ ঊধৰ্তন কৰ্তৃপক্ষ আৰু চিকিৎসকৰ আগত এই ইচ্ছা প্ৰকাশ কৰে ।

উল্লেখ্য যে তিনিদিন ধৰি পাকিস্তানত বন্দী হৈ থকাৰ পাচত শুকুৰবাৰে ভাৰতীয় বায়ুসেনাৰ উইং কামাণ্ডাৰগৰাকীক ভাৰতলৈ প্ৰত্যৰ্পণ কৰা হৈছিল। বৰ্তমান তেওঁ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।