নিউজ ডেস্ক, 6 মাৰ্চঃ শীঘ্ৰেই ভাৰতীয় বায়ু সেনাই লাভ কৰিব উন্নত তথা শক্তিশালী ইজৰাইলী প্ৰযুক্তি ৷ বায়ু সেনাৰ এক উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰিছে এই কথা ৷
ভাৰতীয় বায়ু সেনাৰ লগতে ভাৰতীয় সৈন্যবাহিনীৰ বহুকেইটা খণ্ডত ইতিমধ্যেই ইজৰাইলী প্ৰযুক্তিৰ সমাবেশ ঘটিছে ৷ শেহতীয়াকৈ ভাৰতীয় বায়ু সেনাই ইয়াৰ ছুপাৰছ'নিক যুঁজাৰু বিমান ছুখই 30ৰ সৈতে সংযোজিত কৰিবলৈ ওলাইছে আন এক ইজৰাইলী প্ৰযুক্তি ৷ বায়ু সেনাৰ উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, ছুখই 30ৰ সৈতে সংযোজিত হ'ব ইজৰাইলৰ শক্তিশালী লেজাৰ গাইডেদ বোমা ৷ ইজৰাইলৰ প্ৰতিৰক্ষা বিভাগৰ সহযোগত ভাৰতীয় বায়ু সেনাই লাভ কৰিব বিশ্বৰ অন্যতম শক্তিশালী স্পাইচ 2000 বোমা ৷ লেজাৰ গাইডেদ এই বোমাটোৱে ভাৰতীয় বায়ু সেনাক অতিৰিক্ত শক্তি প্ৰদান কৰাৰ লগতে বহুখিনি সক্ষমতা প্ৰদান কৰিব ৷
ভাৰতীয় বায়ু সেনাৰ অন্যতম শক্তিশালী যুঁজাৰু বিমান ছুখই 30ৰ সৈতে সংলগ্ন হ'ব শীৰ্ষক বোমাটো ৷ বায়ুসেনাৰ শক্তিশালী তথা ছুপাৰছ'নিক ক্ষমতাসম্পন্ন ছুখই বিমানক আৰু অধিক শক্তি প্ৰদান কৰি বিমানখনৰ সৈতে সংলগ্ন হ'ব লেজাৰ গাইডেদ শক্তিশালী স্পাইচ 2000 বোমা ৷
শেহতীয়াকৈ বায়ু সেনাৰ দ্বাৰা জইচ-ই-মহম্মদৰ ঘাটিত সংঘটিত আক্ৰমণৰ পিচতেই ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্ক বহুখিনি নিম্নগামী হোৱাৰ লগতে দুয়োখন দেশৰ মাজত বৃদ্ধি পায় সামৰিক উত্তেজনা ৷ এনে পৰস্থিতিতে মঙলবাৰে বায়ু সেনাৰ এক শীৰ্ষ সূত্ৰই এই কথা ঘোষণা কৰাৰ লগতে ভাৰতীয় বায়ু সেনাই যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু আছে বুলি উল্লেখ কৰিছে ৷