ETV Bharat / bharat

মোৰ ভাৰতৰ বাহিৰত কোনো ধৰণৰ সম্পত্তি নাই : অনিল আম্বানী

author img

By

Published : Sep 28, 2020, 2:42 PM IST

অনিল আম্বানীয়ে তেওঁৰ সম্পত্তি তথা লেনদেন সম্পৰ্কত এই কথা স্পষ্ট কৰিছে যে ভাৰতবৰ্ষৰ বাহিৰত ব্যক্তিগতভাৱে তেওঁৰ কোনো ধন-সম্পত্তি নাই ৷

মোৰ ভাৰতৰ বাহিৰত কোনো ধৰণৰ সম্পত্তি নাই : অনিল আম্বানি

নেশ্যনেল ডেস্ক, 28 চেপ্তেম্বৰ: যুক্তৰাষ্ট্ৰৰ এখন আদালতৰ কাৰ্যবিধিৰ সময়ত অনিল আম্বানীয়ে স্পষ্ট কৰিছে যে ভাৰতবৰ্ষৰ বাহিৰত তেওঁৰ কোনোধৰণৰ ব্যক্তিগত সম্পত্তি নাই ৷ বিযয়টো আম্বানীৰ ব্যক্তিগত ঋণৰ সৈতে জড়িত নহয় ৷ 8 বছৰ আগতে 2012 চনত 3 টা চীনা বেংকৰ পৰা ৰিলায়েন্স কমিউনিকেচন্স লিমিটেডে লোৱা এক কৰ্পৰেট ঋণ সম্বন্ধিত ব্যক্তিগত গ্যাৰান্টিৰ সৈতেহে জড়িত ৷

আইনী সূত্ৰই জনোৱা মতে আদালতত চীনা বেংকসমূহৰ পক্ষে এক ভূল পৰামৰ্শ প্ৰত্যাখান কৰি, আম্বানীয়ে কৈছে যে তেওঁ কোনোধৰণৰ বিলাসী জীৱন অনুসৰণ কৰা নাই, তাৰ পৰিৱৰ্তে তেওঁ কিছু সাধাৰণ অভ্যাসৰ সৈতে তেওঁ এজন নিয়মানুৱৰ্তী তথা ধাৰ্মিক মানুহ ৷ আম্বানী ক্ৰীড়াৰ প্ৰতি যথেষ্ঠ ধাউতি থকা এজন লোক আৰু তেওঁ 50 তকৈ অধিক মাৰাথন আৰু হাফ মাৰাথন দৌৰিছে ৷

আইনী সূত্ৰই জনাইছে যে তেওঁ কেতিয়াও মদ্যপান নকৰে আৰু তেওঁ এজন নিৰামিষভোজী লোক ৷ ধূম্ৰপান তথা জুৱাৰ পৰা তেওঁ সম্পূৰ্ণ আঁতৰত আৰু তেওঁ মাক ককিলাবেন আৰু পৰিয়ালৰ সৈতে দেউতাকে দিয়া মুম্বাইৰ এটা ভাড়াঘৰত থাকে ৷

তেওঁ ইয়াকো স্পষ্ট কৰি দিয়ে যে অভিযোগ কৰাৰ দৰে তেওঁ কোনো কৰ্পৰেট জেট, গাড়ী বা হেলিকপ্তাৰৰ গৰাকী নহয় ৷ কোম্পানীয়ে দিয়া এখন গাড়ীহে তেওঁ ব্যৱহাৰ কৰে ৷ তেওঁ এই কথাও স্পষ্ট কৰে যে চীনা বেংকৰ সৈতে হোৱা লেনদেনৰ কেৱল আইনী ব্যয় মিলাবলৈ তেওঁ 9.9 কোটি টকা মূল্যৰ জুৱেলাৰী বিক্ৰী কৰিবলৈ বাধ্য হৈছিল ৷

লগতে পঢ়ক: কৃষক বিধেয়কত সন্মতি প্ৰদান ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.