নিউজ ডেস্ক, 6 ডিচেম্বৰ: নিৰ্মলা সীতাৰমণে তেওঁ পিয়াজ বা নহৰু বেছি নাখায় বুলি মন্তব্য কৰে,কিয়নো বিৰোধী সাংসদ সকলে পিয়াজৰ মূল্যবৃদ্ধিক লৈ লোকসভাৰ মজিয়াত আলোচনাত ব্যাঘাত জন্মায় ৷
তেওঁ কয়, 'মই বেছি পিয়াজ বা নহৰু নাখাও ৷ মই এনেকুৱা পৰিয়ালৰ লোক,য'ত পিয়াজৰ ব্যৱহাৰ অপৰিহাৰ্য নহয় ৷'
ইয়াৰ পূৰ্বে লোকসভা সাংসদ সুপ্ৰিয়া চুলেয়েও NPA আৰু পিয়াজ খেতিয়কৰ বিষয় উত্থাপন কৰিছিল পিয়াজৰ উৎপাদন হ্ৰাস হোৱাৰ কাৰণ বিচাৰি ৷
পিয়াজ নোখোৱাৰ কাৰণ সম্পৰ্কত সংক্ষিপ্ত বিৱৰণ দি সীতাৰমণে কেবিনেটত পিয়াজ খেতিয়কৰ বাবে সুবিধাজনক চৰকাৰী নীতি সম্পৰ্কে ব্যাখ্যা কৰে ৷
লগতে পঢ়ক: আৰৱ সাগৰত আবদ্ধ 264 জন ভাৰতীয় মাছমৰীয়াক উদ্ধাৰ উপকূলৰক্ষীৰ