ETV Bharat / bharat

প্ৰখৰ স্মৃতিশক্তিৰে অভিলেখ ৰচিলে হাইদৰাবাদৰ এটি শিশুৱে - national records

ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে হাইদৰাবাদৰ আদিথ বিশ্বনাথ গৌৰীছেট্টী। ১ বছৰ ৯ মাহ বয়সতে অসাধাৰণ স্মৃতিশক্তিৰে ৫বাৰকৈ অভিলেখ ৰচি চৰ্চালৈ আহিছে কণমানিটো।

প্ৰখৰ স্মৃতিশক্তিৰে অভিলেখ ৰচিলে হাইদৰাবাদৰ এটি শিশুৱে
প্ৰখৰ স্মৃতিশক্তিৰে অভিলেখ ৰচিলে হাইদৰাবাদৰ এটি শিশুৱে-skills
author img

By

Published : Oct 8, 2020, 11:11 AM IST

নেশ্যনেল ডেস্ক, ৮অক্টোবৰ: পুতলাৰে খেলাৰ বয়সত এটাৰ পিছত আনটো অভিলেখ ৰচি ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে হাইদৰাবাদৰ আদিথ বিশ্বনাথ গৌৰীছেট্টীয়ে। ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছ, ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ, তেলেগু বুক অৱ ৰেকৰ্ডছত নাম সন্নিবিষ্ট হৈছে হাইদৰাবাদৰ কৰীমনগৰৰ এই কণমানিটোৰ। প্ৰখৰ স্মৃতিশক্তিৰে বৰ্তমানলৈকে ৫বাৰ অভিলেখ ৰচিছে ১ বছৰ ৯ মাহ বয়সৰ আদিথে। এই কুমলীয়া বয়সতে অভিলেখ ৰচি পৰিয়াল তথা সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই অনা কনমানিটোক মৰম আৰু প্ৰশংসাৰে উপচাই পেলাইছে সকলোৱে। আদিথৰ প্ৰতিভাৰ উমান কেৱল ৰাজ্যবাসীয়ে নহয়, সমগ্ৰ দেশ আৰু বিশ্ববাসীয়ে পাইছে।

ৱৰ্ল্ড বুক অৱ ৰেকৰ্ডছ নাম সন্নিবিষ্ট হোৱাৰ পিছতে এই কথা প্ৰমাণিত হৈছে বুলি প্ৰকাশ কৰিছে মাতৃ ছেদিতাই। যি সময়ত আদিথৰ বয়সৰ শিশুৱে নাৰ্চাৰীৰ ৰাইমছ শিকাত ব্যস্ত হৈ আছে, নিচুকণি গীত শুনি আছে, সেই সময়তে আদিথ পশু-পক্ষী, ফল-মূল, ৰাষ্ট্ৰীয় পতাকা, ঘৰত ব্যৱহৃত বৈদ্যুতিক সামগ্ৰী আৰু ৰঙৰ চিনাক্তকৰণ কৰাত অভ্যস্ত। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে পূজা কৰা দেৱ-দেৱী, কাৰ ল'গ', ইংৰাজীৰ বৰ্ণমালা, ঘৰচীয়া জন্তু, বনৰীয়া জন্তু, ব্যৱসায়, শৰীৰৰ অংগ, পতাকা আদি চিনাক্ত কৰিব পৰা আৰু মনত ৰাখিব পৰা দক্ষতাৰ বাবে আদিথে অভিলেখ ৰচিবলৈ সক্ষম হৈছে।

আদিথৰ পিতৃ অৰুণ ছাই গৌৰীছেট্টীয়ে কয় যে, 'আমি বিশ্বাস কৰোঁ যে, সকলো শিশুৰ মাজতে এক বিশেষ প্ৰতিভা থাকে, যাক উদ্ভাসিত কৰাত অভিভাৱকে উদগনি যোগাব লাগে। ককাক-আইতাকৰ মৰমৰ মাজত আদিথ ডাঙৰ হৈছে আৰু আদিথক সদায় প্ৰেৰণা দি আহিছে। আদিথৰ ছবি সহজে চিনাক্ত কৰাৰ কলা প্ৰথমবাৰৰ বাবে ককাক-আইতাকৰ দৃষ্টিতে ধৰা পৰিছিল। এদিন সন্ধিয়া পূজাকক্ষত বহি থকা অৱস্থাত আদিথে ছাই বাবা আৰু ভেংকটেশ্বৰ স্বামীৰ ফটো চিনাক্ত কৰিছিল। লাহে লাহে আন দেৱ-দেৱীৰ ফটো চিনাক্ত কৰাৰ কথাও সকলোৰে দৃষ্টিগোচৰ হয়।' অতি সোনকালে সামগ্ৰী চিনাক্ত কৰা আৰু প্ৰখৰ স্মৃতিশক্তিৰ বাবে অভিলেখ ৰচিবলৈ সক্ষম হৈছে আদিথ বিশ্বনাথে।

লগতে পঢ়ক: আগন্তুক 100 দিনত 12 কোটি ৰাইজৰ কাষলৈ যাব চিআৰপিএফ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.