ETV Bharat / bharat

সীমান্তৰ সংঘৰ্ষত শ্বহীদ হোৱা বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি বি-টাউনবাসীৰ

লাডাখৰ গালৱান ভেলীত ভাৰতৰ-চীনৰ সীমান্তত দুয়োখন দেশৰ মাজত হোৱা সংঘৰ্ষত শ্বহীদ হোৱা জোৱানলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বলিউডৰ বহু কেইগৰাকী তাৰকাই । লগতে ভাৰতীয় সেনাৰ ওপৰত গৰ্বিত অনুভৱ কৰাৰ উপৰিও সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা অশান্তিকৰ পৰিৱেশৰ বাবে দুখিত বুলিও ছ'চিয়েল মিডিয়াযোগে মত প্ৰকাশ কৰে অভিনেতা সকলে ।

লাডাখৰ গালৱান ভেলী
ভাৰতৰ-চীন সীমান্তৰ সংঘৰ্ষত শ্বহীদ হোৱা বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি বি-টাউনবাসীৰ
author img

By

Published : Jun 17, 2020, 1:57 PM IST

নিউজ ডেস্ক, ১৭ জুনঃ লাডাখৰ গালৱান ভেলীত চীন-ভাৰতৰ সেনাৰ মুখামুখি সংঘৰ্ষত শ্বহীদ হোৱা বীৰ সকললৈ শ্ৰদ্ধাঞ্জলি বলিউড অভিনেতা হৃত্বিক ৰোছনৰ । লগতে সংঘৰ্ষৰ ফলত সৃষ্টি হোৱা অশান্তিকৰ পৰিৱেশৰ বাবেও দুখ প্ৰকাশ কৰে অভিনেতা গৰাকীয়ে ।

ছুপাৰ ৩০ ৰ অভিনেতা হৃত্বিক ৰোছনে টুইটাৰযোগে প্ৰকাশ কৰে যে, "আমাৰ ৰক্ষাৰ বাবেই সেনা সকলে বুকু পাতি শত্ৰুৰ আগত থিয় হয় । কৰ্মৰত সময়ত শ্বহীদ হোৱা সকলো সেনালৈ মোৰ সৰ্বোচ্চ সন্মান । তেখেতসকৰ পৰিয়ালৰ বাবে সমবেদনা আৰু প্ৰাৰ্থনা জনাইছো । শ্বহীদ সকলৰ আত্মাই চিৰ শান্তি লাভ কৰক ।"

লাডাখৰ গালৱান ভেলী
ভাৰতৰ-চীন সীমান্তৰ সংঘৰ্ষত শ্বহীদ হোৱা বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি বি-টাউনবাসীৰ

লগতে, বৰ্ষীয়ান অভিনেতা অনুপম খেৰে ভাৰতীয় সেনাক সমৰ্থন কৰি টুইট কৰে যে, "ভাৰতীয় সেনাৰ জয় হওক । জয় হিন্দ ।"

অক্ষয় কুমাৰে টুইটযোগে প্ৰকাশ কৰে, "গালৱান ভেলীত শ্বহীদ হোৱা বীৰ সকলৰ বাবে গভীৰভাৱে শোক প্ৰকাশ কৰিছো । আমি চিৰজীৱন তেখেতসকলে আগবঢ়াই অহা অমূল্য দেশ সেৱাৰ প্ৰতি ঋণী হৈ থাকিম । তেখেতসকৰ পৰিয়ালবৰ্গলৈ সমবেদনা ।"

আনহাতে, শ্বহীদ সকললৈ সমবেদনা জ্ঞাপন কৰি অমিতাভ বচ্চনে টুইটযোগে প্ৰকাশ কৰে যে, "তেখেতসকলে আমাৰ দেশ ৰক্ষা কৰিবলৈ তথা আমাক সুৰক্ষিত ৰাখিবলৈ নিজৰ জীৱন উচৰ্গা কৰিছে । চ্যালুট জনাইছো ভাৰতীয় সেনা আৰু বিষয়ৱবীয়াসকলক । জয় হিন্দ ।"

তাৰোপৰি অভিনেতা তুষাৰ কাপুৰে দুখ প্ৰকাশ কৰি টুইটাৰযোগে ব্যক্ত কৰে যে, আমাৰ বীৰ সকলক আৰু অধিক শক্তি প্ৰদান কৰক । ভাৰতৰ সীমান্তত থকা সকলো সৈনিকেই অত্যন্ত সাহসী । শ্বহীদ হোৱা সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.