ETV Bharat / bharat

গ্ৰাম্য অঞ্চলত দোকান খুলিবলৈ অনুমতি গৃহ মন্ত্ৰণালয়ৰ

ৰাজ্যসমূহৰ গ্ৰাম্য অঞ্চলৰ দোকানসমূহ খুলিবলৈ অনুমতি প্ৰদান গৃহ মন্ত্ৰণালয়ৰ । শনিবাৰে এক বিবৃতিযোগে এই কথা সদৰী কৰে গৃহ মন্ত্ৰণালয়ে । কিন্তু, হটস্পট ৰূপে চিহ্নিত অঞ্চলত দোকান খুলিব নোৱাৰিব বুলিও প্ৰকাশ কৰে মন্ত্ৰণালয়ে ।

author img

By

Published : Apr 25, 2020, 10:09 PM IST

লক ডাউন
গ্ৰাম্য অঞ্চলত দোকান খুলিবলৈ অনুমতি গৃহ মন্ত্ৰণালয়ৰ

নিউজ ডেস্ক, ২৫ এপ্ৰিলঃ ৰাজ্যসমূহৰ গ্ৰাম্য অঞ্চলত শ্বপিং মলৰ বাদে অন্য দোকানসমূহ খুলিবলৈ অনুমতি প্ৰদান গৃহ মন্ত্ৰণালয়ৰ । শনিবাৰে দোকান খোলা বিষয় সন্দৰ্ভত এক বিবৃতিযোগে এনেদৰে স্পষ্টীকৰণ আগবঢ়াই গৃহ মন্ত্ৰণালয়ে ।

আনহাতে, চহৰ অঞ্চলত একাংশ অনাৱশ্যকীয় সামগ্ৰীৰ প্ৰতিষ্ঠান, আবাসী পৰিসৰৰ ভিতৰত থকা দোকান, বজাৰ আৰু শ্বপিং মল খোলাৰ অনুমতি প্ৰদান কৰা নহ'ব বুলিও সদৰী কৰে গৃহ মন্ত্ৰণালয়ে ।

যিসমূহ ৰাজ্য তথা অঞ্চল মহামাৰী COVID-19ৰ সংক্ৰমণৰ ফলত হটস্পট ৰূপে চিহ্নিত নহয় সেই অঞ্চলসমূহতহে দোকান খোলাৰ অনুমতি প্ৰদান কৰা হ'ব বুলি সদৰী কৰে মন্ত্ৰণালয়ে । চহৰ হওঁক বা গ্ৰামাঞ্চল হটস্পট ৰূপে চিহ্নিত অঞ্চলত দোকান খুলিব নোৱাৰিব বুলিও প্ৰকাশ কৰে মন্ত্ৰণালয়ে ।

লগতে, ই-কমাৰ্চ কোম্পানীসমূহকো কেৱল অত্যাৱশ্যকীয় সামগ্ৰীসমূহ বিক্ৰী কৰাৰ বাবেহে অনুমতি দিয়া হ'ব বুলি সদৰী কৰা হয় ৷

তাৰোপৰি, দেশত বৰ্তমান COVID-19 সংক্ৰমণৰ পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰণালয়ৰ মাজত বৈঠক অনুষ্ঠিত হয় হোৱা বুলিও প্ৰকাশ কৰা হৈছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.