ETV Bharat / bharat

দিল্লীত নিৰ্মাণ বিশ্বৰ ভিতৰত বৃহৎ অস্থায়ী কৰ'ণা হাস্পতাল!

দিল্লী অস্থায়ীৰূপে নিৰ্মাণ কৰা থকা হৈছে বিশ্বৰ ভিতৰতে বৃহৎ কৰ'ণা হাস্পতাল । ৰাজধানী দিল্লীত মুখ্যমন্ত্ৰী কেজৰিৱালে কৰ'ণা প্ৰতিৰোধ কৰিবলৈ সক্ষম নহোৱা বাবেই গৃহ মন্ত্ৰী অমিত শ্বাহৰ তত্ত্বাবধনাত ছৰদাৰ পটেল কৰ'ণা চেক্টৰে নামাৰে নিৰ্মাণ কৰি থকা অস্থায়ী হাস্পতালখন । এই হাস্পতাল সন্দৰ্ভত মঙলবাৰে গৃহমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ।

দিল্লী
দিল্লীত নিৰ্মাণ বিশ্বৰ ভিতৰত বৃহৎ অস্থায়ী কৰ'ণা হাস্পতাল!
author img

By

Published : Jun 24, 2020, 8:21 AM IST

নিউজ ডেস্ক, ২৪ জুনঃ দেশৰ ৰাজধানী দিল্লীত দ্ৰুত গতিত বৃদ্ধি পাইছে মহামাৰী কৰ'ণা । সমগ্ৰ দিল্লীতে কৰ'ণা আতংকই বিৰাজ কৰা সময়তে গৃহ মন্ত্ৰণালয়ৰ আদেশত দিল্লীৰ ছতৰপুৰস্থিত ৰাধা স্বামী সৎসগত অঞ্চলত নিৰ্মাণ কৰা হৈছে সমগ্ৰ বিশ্বৰ ভিতৰতে ডাঙৰ ৰূপে চিহ্নিত বুলি দাবী কৰা অস্থায়ী কৰ'ণা হাস্পতাল । কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ তত্ত্বাৱধানত নিৰ্মাণ কৰি থকা হৈছে এই হাস্পতালখন।

দিল্লী
দিল্লীত নিৰ্মাণ বিশ্বৰ ভিতৰত বৃহৎ অস্থায়ী কৰ'ণা হাস্পতাল!

আনহাতে, মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে গৃহমন্ত্ৰী অমিত শ্বাহৰ নামত হাস্পতালখনৰ সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰে। পত্ৰৰে যোগেৰে কেজৰিৱালে অমিত শ্বাহক কটাক্ষ কৰি নিৰ্মাণৰত হাস্পতালখনৰ সামগ্ৰী আনিবলৈ একত্ৰিত হৈ যোৱাৰ উপৰিও হাস্পতালখনত ৰোগী সকলৰ চোৱা চিতাৰ বাবে সেনা বাহিনীৰ চিকিৎসক আৰু নাৰ্চ নিয়োগ কৰিবলৈ প্ৰত্ৰযোগে অনুৰোধ জনাই ।

কেজৰিৱালৰ পত্ৰ প্ৰেৰণ কৰা কিছু সময় পাচতে অমিত শ্বাহে কেজৰিৱাললৈ টুইটযোগে লিখে যে,ৰাধা স্বামী সৎসগ অঞ্চলত নিৰ্মাণৰত অৱস্থাত থকা ১০,০০০ বিছনাযুক্ত কৰ'ণা হাস্পতালখনৰ সন্দৰ্ভত মন্ত্ৰণালয়ে সকলো নিৰ্ণয় ৩ দিন আগতেই লৈছে । এই অস্থায়ী হাস্পতালখনৰ সকলো দায়িত্ব আইটিবিপি জোৱান তথা তাৰ চিকিৎসক সকলক দিয়া হৈছে । নিৰ্মাণ কাৰ্য দ্ৰুত গতিত বাঢ়িছে ২৬ জুনৰ আগত হাস্পতালখন সকলো কাম আৰম্ভ হৈ যাব ।

উল্লেখ্য যে, দিল্লীত কেজৰিৱাল চৰকাৰে কৰ'ণা ৰোধৰ ক্ষেত্ৰত কোনো ধৰণৰ ফলদায়ক পদক্ষেপ গ্ৰহণ নকৰাৰ ফলতেই গৃহমন্ত্ৰী অমিত শ্বাহে বিগত ১০ দিন কৰ'ণা সন্দৰ্ভত সকলো দিশ পৰ্যবেক্ষণ কৰি আছে বুলি সদৰি কৰে । যাৰ পৰিপ্ৰেক্ষতত ৰাধা স্বামী সৎসগত এখন অস্থায়ী কৰ'ণা হাস্পতাল নিৰ্মাণ কৰিবলৈ নিৰ্ণয় লোৱা হৈছে । এই অস্থায়ী হাস্পতালখন বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ কৰ'ণা হাস্পতাল হিচাপে পৰিগণিত হ'ব বুলিও সদৰি কৰে । চৰ্দাৰ পেটেল কৰ'ণা চেক্টৰে নামেৰে নিৰ্মাণ কৰা হাস্পতালখনত কেৱল কৰ'ণা আক্ৰান্ত ৰোগীসকলৰহে চিকিৎসা প্ৰদান কৰা হ'ব বুলিও সদৰি কৰে ।

লগতে চাওকঃ সফলতাৰ দৌৰত আগবাঢ়োতেই জীৱন হেৰুৱা শিল্পীসকল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.