ETV Bharat / bharat

ইতিহাসত আজিৰ দিনটো

author img

By

Published : Sep 12, 2019, 10:54 AM IST

চাওঁ আহক বিশ্ব ইতিহাসত আজিৰ দিনটো(12 চেপ্তেম্বৰ)ত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে-

history in today's date
  • ‘আৱাহন" যুগৰ অসমীয়া গল্পকাৰ দীননাথ শৰ্মাৰ জন্ম হৈছিল এই দিনটোতে । ১৯১৪ চনৰ 12 চেপ্তেম্বৰৰ দিনটোতে বিশ্বনাথৰ গড়েহাগি গাঁৱত তেখেতে জন্ম লাভ কৰিছিল বিশিষ্ট সাহিত্যিক গৰাকীয়ে ৷
  • ১৯৮৩ চনৰ আজিৰ দিনটোতে বিপ্লৱী শিল্পী ব্ৰজনাথ শৰ্মাৰ মৃত্যু হয় ৷ ইয়াৰ লগতে এই দিনটোতে তেজপুৰৰ 'অনামিকা যুৱ শিল্পী সমাজ'ৰ দ্বাৰা আনুষ্ঠানিকভাৱে তেখেতক 'অভিনয়াচাৰ্য' অভিধা প্ৰদান কৰা হয় ৷
  • ১৯১২ চনৰ আজিৰ দিনটোতে ফিৰোজ গান্ধীৰ জন্ম হয় । ফিৰোজ গান্ধী এগৰাকী সুদক্ষ ৰাজনীতিবিদৰ লগতে বিশিষ্ট সাংবাদিকো আছিল ৷ ‘নেশ্যনেল হেৰল্ড’ আৰু ‘দ্য নৱজীৱন’ নামেৰে দুখন বাতৰি কাকতো প্ৰকাশ কৰিছিল ফিৰোজ গান্ধীয়ে ৷
  • আজিৰ দিনটোতে টাইমূৰে ভাৰত আক্ৰমণ কৰে । আজিৰ দিনটোতে ১৩৯৮ চনত তুৰ্কী অভিযানকাৰী টাইমূৰৰ ভাৰত আক্ৰমণ আৰু দিল্লী দখল কৰি সমগ্ৰ উত্তৰ ভাৰততে লুণ্ঠন চলায় ।
  • আজিৰ দিনটোতে ১৯৫৯ চনত ৰাছিয়ই প্ৰথম মহাকাশযান উৎক্ষেপণ কৰে চন্দ্ৰলৈ । ৰাছিয়াই চন্দ্ৰলৈ উৎক্ষেপণ কৰা প্ৰথমখন মহাকাশযানৰ নাম আছিল 'লুনা' । চন্দ্ৰত সফলভাৱে অৱতৰণ কৰি চন্দ্ৰপৃষ্ঠৰ পৰা চন্দ্ৰশিলা সংগ্ৰহ কৰি পৃথিৱীলৈ কঢ়ি্য়াই আনিছিল অনুসন্ধানী মহাকাশযানখনে ।
  • ২০০১ চনৰ আজিৰ দিনটোতে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আৰু পেণ্টাগনত কৰা আক্ৰমণকাৰীৰ বিৰুদ্ধে আমেৰিকাই যুদ্ধ ঘোষণা কৰে ।
  • ১৮৯৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ বাংলা সাহিত্যিক বিভূতিভূষণ বন্দোপাধ্যায়ৰ জন্ম হয়। তেওঁৰ প্ৰসিদ্ধ উপন্যাস হ’ল ‘পথেৰ পাঁচালি’ আৰু' অপৰাজিত'। তেখেতৰ 'পথেৰ পাঁচালি'ৰ আধাৰত নিৰ্মিত সত্যজিৎ ৰায়ৰ চলচ্চিত্ৰই আন্তৰ্জাতিক খ্যাতি লাভ কৰিছিল।
  • ‍১৭৮৬ চনৰ 12 চেপ্তেম্বৰতে লৰ্ড কৰ্নৱালিছ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল পদত নিযুক্ত হয়।
  • ১৮৯৭ চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী ইৰেন জোলিঅ কুৰীৰ জন্ম হয়। ১৯৩৫ চনত তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।
  • ১৯১৩ চনৰ আজিৰ দিনটোতে ট্ৰেক এণ্ড ফিল্ড ইতিহাসৰ অন্যতম মহান এথ্‌লিট জেছি অ'ৱেন্সৰ জন্ম হৈছিল।
  • 12 চেপ্তেম্বৰৰ দিনটো ‘ডে অৱ এনকাৰেজমেন্ট’ অৰ্থাৎ উৎসাহৰ দিৱস হিচাপে পালন কৰে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ 2007 চনৰে পৰা প্ৰত্যেক বছৰেই আমেৰিকাই পালন কৰি আহিছে এই দিৱস ৷

চাওঁ আহক বিশ্ব ইতিহাসত আজিৰ দিনটো(12 চেপ্তেম্বৰ)ত সংঘটিত কেইটামান বিশেষ ঘটনাৰ বিষয়ে

‘আৱাহন" যুগৰ অসমীয়া গল্পকাৰ দীননাথ শৰ্মাৰ জন্ম হৈছিল এই দিনটোতে । ১৯১৪ চনৰ 12 চেপ্তেম্বৰৰ দিনটোতে বিশ্বনাথৰ গড়েহাগি গাঁৱত তেখেতে জন্ম লাভ কৰিছিল ৷

১৯৮৩ চনৰ আজিৰ দিনটোতে বিপ্লৱী শিল্পী ব্ৰজনাথ শৰ্মাৰ মৃত্যু হয় ৷ ইয়াৰ লগতে এই দিনটোতে তেজপুৰৰ 'অনামিকা যুৱ শিল্পী সমাজ'ৰ দ্বাৰা আনুষ্ঠানিকভাৱে তেখেতক 'অভিনয়াচাৰ্য' অভিধা প্ৰদান কৰা হয় ৷

১৯১২ চনৰ আজিৰ দিনটোতে ফিৰোজ গান্ধীৰ জন্ম হয় । ফিৰোজ গান্ধী এগৰাকী সুদক্ষ ৰাজনীতিবিদৰ লগতে বিশিষ্ট সাংবাদিকো আছিল ৷ ‘নেশ্যনেল হাৰল্ড’ আৰু ‘ড্য নৱজীৱন’ নামেৰে দুখন বাতৰি কাকতো প্ৰকাশ কৰিছিল ফিৰোজ গান্ধীয়ে ৷

১৩৯৮ চনৰ আজিৰ দিনটোতে টাইমূৰে ভাৰত আক্ৰমণ কৰে । আজিৰ দিনটোতে ১৩৯৮ চনত তুৰ্কী অভিযানকাৰী টাইমূৰৰ ভাৰত আক্ৰমণ আৰু দিল্লী দখল কৰি সমগ্ৰ উত্তৰ ভাৰততে লুণ্ঠন চলায় ।

আজিৰ দিনটোতে ১৯৫৯ চনত ৰাছিয়ই প্ৰথম মহাকাশযান উৎক্ষেপণ কৰে চন্দ্ৰলৈ । ৰাছিয়াই চন্দ্ৰলৈ উৎক্ষেপণ কৰা প্ৰথমখন মহাকাশযানৰ নাম আছিল 'লুনা' । চন্দ্ৰত সফলভাৱে অৱতৰণ কৰি চন্দ্ৰপৃষ্ঠৰ পৰা চন্দ্ৰশিলা সংগ্ৰহ কৰি পৃথিৱীলৈ কঢ়ি্য়াই আনিছিল অনুসন্ধানী মহাকাশযানখনে ।

২০০১ চনৰ আজিৰ দিনটোতে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আৰু পেণ্টাগনত কৰা আক্ৰমণকাৰীৰ বিৰুদ্ধে আমেৰিকাই যুদ্ধ ঘোষণা কৰে ।

১৮৯৪ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ বাংলা সাহিত্যিক বিভূতিভূষণ বন্দোপাধ্যায়ৰ জন্ম হয়। তেওঁৰ প্ৰসিদ্ধ উপন্যাস হ’ল ‘পথেৰ পাঁচালি’ আৰু' অপৰাজিত'। তেখেতৰ 'পথেৰ পাঁচালি'ৰ আধাৰত নিৰ্মিত সত্যজিৎ ৰায়ৰ চলচ্চিত্ৰই আন্তৰ্জাতিক খ্যাতি লাভ কৰিছিল।

‍১৭৮৬ চনৰ 12 চেপ্তেম্বৰতে লৰ্ড কৰ্নৱালিছ ভাৰতৰ গৱৰ্নৰ জেনেৰেল পদত নিযুক্ত হয়।

১৮৯৭ চনৰ আজিৰ দিনটোতে ফৰাচী বিজ্ঞানী ইৰেন জোলিঅ কুৰীৰ জন্ম হয়। ১৯৩৫ চনত তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

১৯১৩ চনৰ আজিৰ দিনটোতে ট্ৰেক এণ্ড ফিল্ড ইতিহাসৰ অন্যতম মহান এথ্‌লিট জেছি অ'ৱেন্সৰ জন্ম হৈছিল।

12 চেপ্তেম্বৰৰ দিনটো ‘ডে অৱ এনকাৰেজমেন্ট’ অৰ্থাৎ উৎসাহৰ দিৱস হিচাপে পালন কৰে আমেৰিকা যুক্তৰাষ্ট্ৰই ৷ 2007 চনৰে পৰা প্ৰত্যেক বছৰেই আমেৰিকাই পালন কৰি আহিছে এই দিৱস ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.