নিউজ ডেস্ক,23জুলাইঃ হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী জয় ৰাম ঠাকুৰৰ ক‘ভিড-19 পৰীক্ষাৰ ফলাফল নিগেটিভ আহে বুলি বুধবাৰে নিশা জানিবলৈ দিয়ে এগৰাকী স্বাস্থ্য বিভাগৰ বিষয়াই ৷ অতিৰিক্ত মুখ্য সচিব স্বাস্থ্য বিভাগৰ আৰ ডি ধিমানে উল্লেখ কৰে যে, ৰাজ্য চৰকাৰ অতিৰিক্ত মুখ্য সচিবৰ কোভিড-19ৰ পৰীক্ষাৰ ফলাফল পজিটিভ ধৰা পৰিছে ৷ মুখ্যমন্ত্ৰীৰ পত্নী আৰু পৰিয়ালৰ দুগৰাকী সদস্যৰ ক‘ভিড-19 পৰীক্ষাৰ ফলাফল নিগেটিভ আহে বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে ৷ যি সকলৰ কোভিড-19 পজিটিভ ধৰা পৰিছে তেঁওলোকে কোভিড প্ৰটকল অনুসৰি কোৱাৰেন্টাইনত থাকিব বুলি উল্লেখ কৰিছে বিষয়াগৰাকীয়ে ৷ লগতে স্বাস্থ্য বিভাগৰ বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে যে, 63 গৰাকী লোকৰ স্বাৱ সংগ্ৰহ কৰা হৈছিল যি সকলৰ পজিটিভ আহিছে তেঁওলোকক হ‘ম কোৱাৰেন্টাইনত থাকিব ৷
লগতে পঢ়কঃ ভাতৃৰ মৃত্যুৰ খবৰ পাই মৃত্যুক সাৱটিলে ভগ্নীয়ে