নিউজ ডেস্ক, 9 আগষ্টঃ কেৰালাকে ধৰি দেশৰ কেইবাখনো ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে ৷ কেৰালাৰ বানত এইপৰ্যন্ত মৃত্যু হৈছে 20 জন লোকৰ ৷ লগতে ৰাজ্যখনৰ চাৰিখনকৈ জিলাত প্ৰশাসনে জাৰি কৰিছে ৰেড এলাৰ্ট ৷
তাৰোপৰি ভয়াবহ বান পৰিস্থিতিৰ বাবেই বন্ধ কৰা হ'ল কোচি বিমানবন্দৰ ৷ কোচিন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ মুখপাত্ৰই জনোৱা অনুসৰি, সম্পূৰ্ণ 1500 ঘণ্টা অৰ্থাৎ 11 আগষ্টৰ আবেলি 3 বজালৈ বন্ধ কৰি দিয়া হৈছে বিমানবন্দৰটো ৷ বিগত কিছুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ বাবেই ভয়াৱহ ৰূপ ধাৰণ কৰিছে বানে ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ আগষ্ট মাহটো বানে বিধস্ত কৰিছিল সমগ্ৰ কেৰালা ৰাজ্য ৷