নিউজ ডেস্ক, ২ এপ্ৰিলঃ ইন্দোৰত সংঘটিত হৈছে এক অমানৱীয় ঘটনা । সন্দেহ যুক্ত কোভিড-১৯ ব্যক্তিক বিচাৰি যোৱা পাঁচ জনীয়া চিকিৎসকৰ দলৰ ওপৰত শিল নিক্ষেপ । চিকিৎসকৰ দলটোত আছিল তিনিগৰাকী চিকিৎসক সহ দুই স্বাস্থ্য় কৰ্মী ।
ইয়াৰ পূৰ্বেও এক প্ৰতিবেদনত দুগৰাকী মহিলা চিকিৎসক ভৰিত আঘাতপ্ৰাপ্ত হোৱাৰ কথা প্ৰকাশ কৰা হৈছিল । অৱশ্য়ে বুধবাৰে হোৱা ঘটনাত কোনো লোক হতাহত হোৱা নাই বুলি উল্লেখ কৰিছে আৰক্ষীয়ে ।
এগৰাকী মহিলা চিকিৎসকে উল্লেখ কৰে যে, যেতিয়াই তেওঁলোক সেই স্থানৰ লোক সকলৰ সৈতে স্বাস্থ্য সন্দৰ্ভত সোধা-পোচা আৰম্ভ কৰে তেতিয়াই সকলোৱে ইয়াৰ বিৰোধীতা কৰাৰ লগতে শিল নিক্ষেপ কৰিবলৈ আৰম্ভ কৰে । লগে-লগে অন্যন্য লোক সকলো মিলিত হৈ পৰে । আৰক্ষীৰ তৎপৰাতে কথমপি প্ৰাণ ৰক্ষা পাবলৈ সক্ষম হয় ।
এই ঘটনাৰ পাচত ইন্দোৰৰ চিকিৎসা সেৱাৰ প্ৰমুখ্য (CMHO) প্ৰবিন জাদিয়াই কয়, আমাৰ দল মানুহক কৰ'ণা ভাইৰাছৰ প্ৰকোপৰ পৰা বচাবলৈ অহৰহ চেষ্টা চলাই আছে । কিন্তু লোক সকলে তেওঁলোকৰ ওপৰত শিল নিক্ষেপ কৰিছে । এইয়া এক দুৰ্ভাগ্যজনক ঘটনা । এই ঘটনা সন্দৰ্ভত ইতিমধ্যে এক গোচৰ ৰুজু কৰা হৈছে ।
বুধবাৰে ইন্দোৰত এগৰাকী ২৮ বছৰীয়া চিকিৎসকক কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাত ভৰ্তি কৰোৱা হয় ।