ETV Bharat / bharat

আফগান শান্তি আয়োগ প্ৰধানৰ সৈতে এনএছএ অজিত ডোভালৰ বৈঠক - তালিবানৰ সৈতে সম্পন্ন হোৱা শান্তি চুক্তি

ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আফগান শান্তি আয়োগৰ অধ্যক্ষ আব্দুল্লা আব্দুল্লাহৰ সৈতে এক আলোচনাত মিলিত হয় ৷

আফগান শান্তি আয়োগ প্ৰধানৰ সৈতে এনএছএ অজিত ডোভালৰ বৈঠক

author img

By

Published : Oct 8, 2020, 12:32 PM IST

নিউজ ডেস্ক, 8 অক্টোবৰ : ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে বুধবাৰে আফগান শান্তি আয়োগৰ অধ্যক্ষ তথা আফগান শান্তি চুক্তিৰ মধ্যস্থতাকাৰী আব্দুল্লা আব্দুল্লাহৰ সৈতে আলোচনাত মিলিত হয় ৷ এই আলোচনাত চিডিএছ জেন. বিপিন ৰাৱাট, স্থলসেনা প্ৰধান জেন. মনোজ মুকুন্দ নাৰাৱানে, বৈদেশিক সচিব হৰ্ষবৰ্ধন শৃংগলা আৰু বৈদেশিক মন্ত্ৰালয়ৰ পাকিস্তান-আফগানিস্তান-ইৰান ডিভিজনৰ যুটীয়া সচিব জেপি সিং উপস্থিত থাকে ৷

ডোভাল আৰু আব্দুল্লাই তালিবানৰ সৈতে প্ৰথমবাৰৰ বাবে আৰম্ভ হোৱা শান্তি প্ৰক্ৰিয়াত ভাৰতে আফগানিস্তানক সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে ৷ আলোচনাত ভাৰতৰ হৈ সন্ত্ৰাসবাদমুক্ত স্বাধীন, গণতান্ত্ৰিক, স্বতন্ত্ৰ আৰু শান্তিপূৰ্ণ আফগানিস্তানৰ কথা প্ৰকাশ কৰে ডোভালে ৷

কেবাটাও টুইটৰ জৰিয়তে আব্দুল্লাই ভাৰতৰ এই সহযোগিতাৰ কথা উল্লেখ কৰে ৷ টুইটত আফগানিস্তানত শান্তি স্থাপনৰ বাবে নতুন দিল্লীৰ সহযোগিতাৰ শলাগ লয় আব্দুল্লাই ৷

  • Had a constructive discussion with HE Ajit Doval, the NSA of India. We discussed the #AfghanPeaceProcess, & the talks in Doha. He assured me of India’s full support for the peace efforts, & that any peace settlement acceptable to Afghans, will have the support of India. 1/2 pic.twitter.com/gP1rr9hFXL

    — Dr. Abdullah Abdullah (@DrabdullahCE) October 7, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

আলোচনাত আফগান দলটোত উপস্থিত আছিল দেশখনৰ High Council for National Reconciliationৰ উপাধ্যক্ষ মহম্মদ আক্ৰাম খপালৱাক, জ্যেষ্ঠ নেতা নাছৰুল্লাহ আৰছালাই, জেয়া গুল ৰেজাই আৰু ফাৰিদা মোমান্দ ৷

মঙলবাৰে নতুন দিল্লীত আহি উপস্থিত হয় আফগান শান্তি আয়োগৰ অধ্যক্ষগৰাকী ৷ বৃহস্পতিবাৰে তেওঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰিব ৷ ডোহাত তালিবানৰ সৈতে চলি থকা শান্তি আলোচনাৰ মাজতেই এইদৰে আফগানৰ শীৰ্ষ নেতৃত্বই ভাৰতত আহি উপস্থিত হয় ৷ তালিবান আৰু আফগান চৰকাৰে 19 বছৰীয়া ৰক্তাক্ত সংঘৰ্ষৰ অন্ত পেলাবলৈ ইতিমধ্যে শান্তি চুক্তিত উপনীত হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শান্তি স্থাপনৰ এই প্ৰক্ৰিয়াত আফগানিস্তানক আৰম্ভনিৰে পৰাই ভাৰতে সহায় কৰি আহিছে ৷ ভাৰতে ইতিমধ্যেই দেশখনত 2 বিলিয়ন আমেৰিকান ডলাৰ পুনৰ নিৰ্মাণ আৰু সাহাৰ্য্য হিচাপে প্ৰদান কৰিছে ৷ আফগানৰ দ্বাৰা, আফগান নেতৃত্বাধীন আৰু আফগান নিয়ন্ত্ৰণাধীন এক শান্তি প্ৰক্ৰিয়াৰ বাবে ভাৰতে সদায় সহযোগিতা আগবঢ়াই আহিছে ৷

বিগত ফেব্ৰুৱাৰী মাহত তালিবানৰ সৈতে সম্পন্ন হোৱা শান্তি চুক্তিক ভাৰতে সুক্ষ্মভাৱে নিৰীক্ষণ কৰাৰ লগতে ইয়াৰ পৰৱৰ্তী ৰাজনৈতিক প্ৰেক্ষাপটৰ ওপৰত নজৰ ৰাখি আহিছে ৷ আমেৰিকাৰ সৈতে হোৱা এই শান্তি চুক্তিৰ পিচতেই আফগানিস্তানৰ পৰা সেনা প্ৰত্য়াহাৰ কৰিছিল আমেৰিকাই ৷

লগতে পঢ়ক : অটল সুৰংগৰে পাৰ হ'ল সেনাৰ প্ৰথমটো কনভয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.